ETV Bharat / state

সুখবৰ: ৰাজ্যত হ্ৰাস পাইছে ক'ভিড সংক্ৰমণৰ হাৰ - ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান

পূৰ্বতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে ৰাজ্যৰ ক'ভিড সংক্ৰমণৰ হাৰ ৷ কেইদিনমান আগলৈকে দৈনিক ক'ভিড পজিটিভৰ হাৰ 7-8 শতাংশ পৰ্যন্ত আছিল যদিও শেহতীয়াকৈ এই পৰিসংখ্যা 4.5 শতাংশলৈ হ্ৰাস পাইছে ৷ ইটিভি ভাৰতৰ আগত এই তথ্য প্ৰকাশ কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ মিছন ডাইৰেক্টৰ ডাঃ লক্ষ্মণন এছে ৷

Covid rate down in Assam
ৰাজ্যত হ্ৰাস পাইছে ক'ভিড সংক্ৰমণৰ হাৰ
author img

By

Published : Oct 4, 2020, 7:31 PM IST

গুৱাহাটী,4 অক্টোবৰ: ৰাজ্যত শেহতীয়াকৈ ক'ভিড সংক্ৰমণৰ হাৰ পূৰ্বতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে । অৱশ্যে এয়া স্থায়ী নহয় । কিন্তু ক'ভিড সংক্ৰমণৰ পৰিসংখ্যা হ্ৰাস পোৱাটো এক ইতিবাচক খবৰ হিচাপে বিবেচিত হৈছে ।

দেওবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ মিছন ডাইৰেক্টৰ ডাঃ লক্ষ্মণন এছে ইটিভি ভাৰতক সাক্ষাৎ কৰি কয় যে,শনিবাৰৰ নিশা পৰ্যন্ত সমগ্ৰ ৰাজ্যত ক'ভিডত আক্ৰান্তৰ সংখ্যা হৈছে প্ৰায় ১ লাখ ৮৫ হাজাৰ । ইয়াৰ মাজৰে 700 গৰাকী লোকৰ ইতিমধ্যে ক'ভিডৰ ফলত মৃত্যু হৈছে । গতিকে বিপদ এতিয়াও আঁতৰি যোৱা নাই । ৰাইজ সচেতন হৈ নাথাকিলে বা ক'ভিড বিধিসমূহ ভালদৰে মানি নচলিলে এই সংখ্যা পুনৰ উৰ্ধমুখী হোৱাটো নিশ্চিত বুলি মিছন ডাইৰেক্টৰ ডাঃ লক্ষ্মণন এছে মন্তব্য কৰে ।

ৰাজ্যত হ্ৰাস পাইছে ক'ভিড সংক্ৰমণৰ হাৰ

লগতে তেওঁ কয যে,কেইদিনমান আগলৈকে দৈনিক ক'ভিড পজিটিভৰ হাৰ 7-8 শতাংশ পৰ্যন্ত আছিল যদিও শেহতীয়াকৈ এই পৰিসংখ্যা 4.5 শতাংশলৈ হ্ৰাস পাইছে,যিটো এক ইতিবাচক খবৰ বুলি ক’ব পাৰি । অসমত ক'ভিডৰ সংক্ৰমণ একপ্ৰকাৰ স্থিৰ অৱস্থাত আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে বিপদ সম্পূৰ্ণৰূপে আঁতৰি গ’ল ৷ এই পৰিসংখ্যা নিত্যান্তই সাময়িক বুলি তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক: হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বাক্সাত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.