ETV Bharat / state

আকৌ আহিব ক’ৰণাঃ ভালুকৰ সাঙীত পৰিণত ক’ভিড প্ৰট'কল

author img

By

Published : Dec 15, 2020, 7:46 PM IST

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ অধীক্ষক ডাঃ অনুপল শৰ্মাই অসমৰ সাম্প্ৰতিক ক’ভিডৰ বিষয়ে মন্তব্য কৰি এনেদৰে কয়, সাৱধানতাইহে ক’ভিড যুদ্ধত জয়ী কৰাব পাৰে। কিন্তু ক’ভিড প্ৰট'কল নামানে ৰাজনৈতিক নেতাই । দৈনিক হাজাৰ হাজাৰ মানুহক লগত লৈ সভা পাতি ব্যাপক জনসমাগমৰ সৃষ্টি কৰিছে ৰাজনৈতিক নেতাই । মুখত নাই মাস্ক, নাই শাৰীৰিক দূৰত্ব। এফালে কভিড প্ৰট'কলক দোহাই দি লাখ লাখ মানুহৰ উপাৰ্জনৰ পথ বন্ধ কৰিছে । আনপিনে ক’ভিড প্ৰট'কলৰ নিৰ্দেশ দিয়া এইসকল ৰক্ষকেই এতিয়া ভৰিৰে মোহাৰিছে ক’ভিড প্ৰট'কল ।

আকৌ আহিব ক’ৰণাঃ ভালুকৰ সাঙীত পৰিণত ক’ভিড প্ৰট'কল
আকৌ আহিব ক’ৰণাঃ ভালুকৰ সাঙীত পৰিণত ক’ভিড প্ৰট'কল

গুৱাহাটী, ১৫ ডিচেম্বৰঃ মহামাৰী ক’ৰণাৰ আতংকত প্ৰায় স্থবিৰ হৈ পৰিছিল সমগ্ৰ বিশ্ব । ক’ৰণা কালত সৃষ্ট লকডাউনৰ ফলত সকলো অনুষ্ঠান-প্রতিষ্ঠান দীৰ্ঘদিন ধৰি বন্ধ হৈ পৰিছিল । লাহে লাহে শিথিল হ'ল লকডাউন । দেশৰ লগতে অসমতো আৰম্ভ হ'ল আনলক । বিগত ৮ মাহ যোৰা নিষেধাজ্ঞাৰ অন্তত ক’ভিড প্ৰট'কল মানি খুলিবলৈ দিলে প্ৰায়ববোৰ অনুষ্ঠান-প্রতিষ্ঠান । কঠোৰভাৱে ক’ভিড প্ৰট'কল পালন কৰাৰ ফলত ক’ৰণাক যেন প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ৰাজ্যবাসী ।

সম্প্ৰতি ৰাজ্যত হ্ৰাস পাইছে ক’ৰণা ৰোগীৰ সংখ্যা । আজিৰ তাৰিখত অসমত ক’ৰণা ৰোগীৰ সংখ্যা মাত্ৰ ৪,৩৮৯ গৰাকী। পূৰ্বতে এদিনত ১০ হেজাৰৰ ঘৰ অতিক্ৰম কৰা ক’ৰণা পজিটিভ ৰোগীৰ সংখ্যা আজিৰ তাৰিখত মাত্ৰ ৩০-৩৫ জন । ইয়াৰ মূলতে ক’ভিড প্ৰট'কল মানি চলা তথা সাৱধানতা ।

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ অধীক্ষক ডাঃ অনুপল শৰ্মাই অসমৰ সাম্প্ৰতিক ক’ভিডৰ বিষয়ে মন্তব্য কৰি এনেদৰে কয়, সাৱধানতাইহে ক’ভিড যুদ্ধত জয়ী কৰাব পাৰে । কিন্তু ক’ভিড প্ৰট'কল নামানে ৰাজনৈতিক নেতাই । দৈনিক হাজাৰ হাজাৰ মানুহক লগত লৈ সভা পাতি ব্যাপক জনসমাগমৰ সৃষ্টি কৰিছে ৰাজনৈতিক নেতাই । মুখত নাই মাস্ক, নাই শাৰীৰিক দূৰত্ব । এফালে ক‘ভিড প্ৰট'কলক দোহাই দি লাখ লাখ মানুহৰ উপাৰ্জনৰ পথ বন্ধ কৰিছে । আনপিনে ক’ভিড প্ৰট'কলৰ নিৰ্দেশ দিয়া এইসকল ৰক্ষকেই এতিয়া ভৰিৰে মোহাৰিছে ক’ভিড প্ৰট'কল ।

সমগ্ৰ পৰিস্থিতি দেখি জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাসৰে নিয়ম সকলোৰে কাৰণে সমান হ'ব লাগে বুলি মন্তব্য কৰে । যিটো সময়ত বিশ্বৰ বিভিন্ন দেশৰ লগতে আমাৰ দেশৰ দিল্লী, মূম্বাইকে ধৰি বহু ৰাজ্যত ক’ৰণা সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে তেনে সময়তে এইসকল ৰাজনৈতিক নেতাৰ কাণ্ড দেখি হতবাক সাধাৰণ ৰাইজ ।

লগতে পঢ়কঃ গোৱালপাৰাৰ নিচানগ্ৰামত বৰদিনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.