ETV Bharat / state

ক'ভিড আক্ৰান্তৰ পদূলিত ওলমিব পোষ্টাৰ - দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা সকলো জিলালৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে

ক'ভিড আক্ৰান্ত বুলি চিনাক্ত হোৱা সকলো লোকৰে ঘৰৰ পদূলিত ওলমিব পোষ্টাৰ । মুখ্য সচিব জিষ্ণু বৰুৱাই এই নিৰ্দেশ জাৰি কৰিছে । ইয়াৰ পিছতেই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা সকলো জিলালৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ।

covid positive poster
ক'ভিড পজিটিভৰ ঘৰৰ পদুলিত ওলমিব পোষ্টাৰ
author img

By

Published : May 15, 2021, 9:19 AM IST

গুৱাহাটী,15 মে': এতিয়াৰে পৰা ক'ভিড আক্ৰান্ত বুলি চিনাক্ত হোৱা সকলো লোকৰে ঘৰৰ পদূলিত ওলমিব পোষ্টাৰ । ইতিমধ্যে এই সম্পৰ্কে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে সকলো জিলালৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে দিছপুৰৰ পৰা । মুখ্য সচিব জিষ্ণু বৰুৱাই এই নিৰ্দেশ জাৰি কৰাৰ পিছতেই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা সকলো জিলালৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ।

উল্লেখযোগ্য যে, ক'ভিড আক্ৰান্ত বুলি ধৰা পৰা বহু লোকেই হোম আইছ’লেচনত থকা বুলি কৈ ৰাজহুৱা স্থানত চলা-ফুৰা কৰি থকাৰ বহু ঘটনা পোহৰলৈ অহাৰ পিছতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । সেয়েহে এতিয়াৰে পৰা ক'ভিড আক্ৰান্ত বুলি ধৰা পৰা সকলো লোকৰে পদূলিত প্ৰশাসনে পোষ্টাৰ ওলোমাব ৷ যাতে সেই অঞ্চলৰ বা চুবুৰীৰ অন্যান্য বাসিন্দাসকল সজাগ আৰু সাৱধান হ'ব পাৰে ।

লগতে পঢ়ক: প্ৰাপ্য বিচাৰি হাহাকাৰ ক’ভিড যোদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.