ETV Bharat / state

ক'ভিড ত্ৰাসঃ অনিশ্চয়তাত বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন

author img

By

Published : Jul 16, 2020, 6:04 PM IST

Updated : Jul 16, 2020, 6:16 PM IST

COVID-19 এ সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে অনিশ্চয়তাৰ মাজত আছে বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন ৷এনে পৰিস্থিতিত যিহেতু বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাটো সম্ভৱ নহয় গতিকে পৰিৱেশ-পৰিস্থিতিৰ গতি বিধিলৈ চাই ডিচেম্বৰ বা জানুৱাৰী মাহত একেবাৰে শীতকালীন অধিৱেশনহে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

covid-impact-on-assam-assembly-session
বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন

গুৱাহাটী, ১৬ জুলাইঃ এইবাৰ অনুষ্ঠিত নহ'ব পাৰে অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন । সাধাৰণতে জুলাই-আগষ্ট মাহত বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত হয় যদিও এইবাৰ মহামাৰী কৰ'ণাই সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত বৰ্ষাকালীন অধিৱেশনক লৈ অনিশ্চয়তাই দেখা দিছে । বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে অসম বিধানসভাৰ প্ৰধান সচিব মৃগেন ডেকাই ।

ক'ভিড ত্ৰাসঃ অনিশ্চয়তাত বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন
তেওঁ কয় যে,বিধানসভাৰ শেষৰখন অধিৱেশন অন্ত পৰিছিল বিগত ২৪ মাৰ্চত । সেই মৰ্মে পুনৰ পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত কৰাৰ সময় আহি পৰিছে যদিও COVID-19এ সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে । যাৰ বাবে এই সময়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ । ইফালে,চৰকাৰী এক শীৰ্ষ সূত্ৰই সদৰী কৰা মতে এনে পৰিস্থিতিত যিহেতু বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাটো সম্ভৱ নহয় গতিকে পৰিৱেশ-পৰিস্থিতিৰ গতি বিধিলৈ চাই ডিচেম্বৰ বা জানুৱাৰী মাহত একেবাৰে শীতকালীন অধিৱেশনহে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়কঃলক ডাউনে গতি সলালে জীৱনৰ...

Last Updated : Jul 16, 2020, 6:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.