ETV Bharat / state

ৰাজ্যৰ ৪০ শতাংশ জিলাত নাই ক'ভিড আইচিইউ

author img

By

Published : May 6, 2021, 3:42 PM IST

ৰাজ্যখনত বৰ্তমান প্ৰায় ৩০ হাজাৰ ক'ভিড ৰোগী সক্ৰিয় হৈ থকাৰ বিপৰীতে চৰকাৰী হাস্পতালত ক'ভিড ৰোগীৰ বাবে মাত্র ৮,১৪৯ খন বিচনা আছে । ৰাজ্যৰ প্ৰায় ১৪ খন জিলাত ক'ভিড ৰোগীৰ বাবে চৰকাৰী চিকিৎসালয়ত নাই কোনো আইচিইউ বিচনা । আনকি আইচিইউ বিচনাৰ বাবে কোনো ধৰণৰ ব্যৱস্থাও গ্ৰহণ কৰা হোৱা নাই ।

covid icu crisis
ক'ভিড আই চি ইউৰ অভাৱ

গুৱাহাটী,৬ মে': অসমত কৰ'ণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে স্বাস্থ্য বিভাগৰ এক ফোঁপোলা স্বৰূপ পোহৰলৈ আহিছে । দৈনিক হাজাৰ হাজাৰ লোক কৰ'ণাত আক্ৰান্ত হৈছে আৰু ফলস্বৰূপে ক'ভিড ৰোগীৰ বাবে বিচনাৰ অভাৱ ঘটিছে । চৰকাৰী-বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ত দিনকদিনে ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত বিচনাৰ অভাৱ হৈছে । ইফালে ক'ভিডজনিত কাৰণত সংকটজনক অৱস্থালৈ গতি কৰা ৰোগীৰ বাবে ৰাজ্যত ব্যাপক হাৰত অভাৱ হৈছে আইচিইউৰ ।

covid icu crisis
ক'ভিড আইচিইউৰ অভাৱ

বৰ্তমান পৰিস্থিতি এনে পৰ্যায়লৈ গতি কৰিছে যে এখন আইচিইউ বিচনাৰ অভাৱত ক'ভিড ৰোগীয়ে তিলতিলকৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে । ৰাজ্যখনত বৰ্তমান প্ৰায় ৩০ হাজাৰ ক'ভিড ৰোগী সক্ৰিয় হৈ থকাৰ বিপৰীতে চৰকাৰী হাস্পতালত ক'ভিড ৰোগীৰ বাবে মাত্র ৮,১৪৯ খন বিচনা আছে । ইয়াৰ ভিতৰত ৭,৭৩৩ খন সাধাৰণ ক'ভিড আইচ'লেচন আৰু অক্সিজেনযুক্ত বিচনা আৰু ৫১৬ খন আইচিইউ ভেণ্টিলেটৰ সুবিধাযুক্ত বিচনা ।

ৰাজ্যৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিয়ে সকলোকে উদ্বিগ্ন কৰি তোলাৰ সময়তে আন এক তথ্যই ভয়াৱহ বিপদৰ আগজাননী দিছে । বৰ্তমান পৰিস্থিতিত আটাইতকৈ উদ্বেগৰ বিষয়টো হ'ল যে ৰাজ্যৰ প্ৰায় ১৪ খন জিলাত ক'ভিড ৰোগীৰ বাবে চৰকাৰী চিকিৎসালয়ত নাই কোনো আইচিইউ বিচনা । আনকি আইচিইউ বিচনাৰ বাবে কোনো ধৰণৰ ব্যৱস্থাও গ্ৰহণ কৰা হোৱা নাই । চৰকাৰ-প্ৰশাসন যন্ত্রটো গুৱাহাটী মহানগৰীকলৈ ব্যস্ত হৈ আছে । গুৱাহাটীত ক'ভিড ৰোগীৰ বাবে ঠায়ে ঠায়ে ক'ভিড কেয়াৰ চেণ্টাৰ গঢ়াত বিশেষ গুৰুত্ব দিয়া হৈছে । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰায় ৪০ শতাংশ জিলা ক'ভিডৰ আইচিইউ বিচনাৰ পৰা বঞ্চিত হৈ আছে ।

covid icu crisis
ৰাজ্যৰ ৪০ শতাংশ জিলাত নাই ক'ভিড আইচিইউ

উল্লেখ্য যে, দৈনিক দুশৰো অধিক ক'ভিড ৰোগী ধৰা পৰা কোনো কোনো জিলাৰ হাস্পতালত তিনিখন নাইবা পাঁচখন আইচিইউ বিচনা কাগজে-কলমে আছে যদিও সেয়া কাৰ্যক্ষম নহয় । তদুপৰি বহু জিলাৰ অসামৰিক চিকিৎসালয়সমূহৰ আইচিইউ সমূহত ৰোগী থাকিলেও টেকনিচিয়ানৰ অভাৱত ৰোগীয়ে কোনো ধৰণৰ আইচিইউৰ সুবিধা লাভ কৰা নাই ।

প্ৰাপ্ত তথ্য মতে ৰাজ্যৰ বাক্সা, কাৰ্বি আংলং, বিশ্বনাথ, দক্ষিণ শালমাৰা, বঙাইগাঁও, দৰং, চৰাইদেউ, হাইলাকান্দি, ধুবুৰী, হোজাই আৰু কৰিমগঞ্জ জিলাত ক'ভিড ৰোগীৰ বাবে এখনো আইচিইউ বিচনা নাই । আনহাতে নলবাৰী জিলাত পাঁচখন আৰু শিৱসাগৰ জিলাত দহখন আইচিইউ বিচনাৰ সুবিধা আছে যদিও কাৰ্যক্ষম নহয় । যাৰ বাবে সংকটজনক ৰোগীক সমীপৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লাগে ।

ইফালে ওদালগুৰিত পাঁচখন, মৰিগাঁৱত তিনিখন, লখিমপুৰত ছয়খন, কোকৰাঝাৰত আঠখন, ধেমাজিত তিনিখন আইচিইউ বিচনা আছে যদিও অধিকাংশই কাৰ্যক্ষম নোহোৱাৰ অভিযোগ উত্থাপন হৈছে । বৰ্তমান প্ৰতিখন জিলাতে ক'ভিড আক্ৰান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাত পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকাই দেখা দিছে ।

covid icu crisis
ক'ভিড আইচিইউৰ অভাৱ

আইচিইউ বিচনাৰ কথা দূৰৈৰ কথা জিলাই জিলাই এতিয়া চৰকাৰী হাস্পতালত ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে সাধাৰণ বিচনাৰেই অভাৱ হোৱা পৰিলক্ষিত হৈছে । বিগত বৰ্ষৰ ক'ভিডৰ প্ৰথমটো ঢৌৰ পৰা যেন ৰাজ্যৰ স্বাস্থ্য বিভাগে অলপো শিক্ষা নল'লে । যাৰ পৰিণাম এতিয়া ৰাইজে ভোগ কৰিবলগীয়া হৈছে । যি সময়ত চৰকাৰখনে ক'ভিডৰ দ্বিতীয় ঢৌৰ বাবে সষ্টম থাকি স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি সাজু কৰিব লাগিছিল, সেই সময়ত চৰকাৰে সস্তিয়া ৰাজনীতিত ব্যস্ত থকাৰ বাবে এতিয়া পৰিস্থিতি ভয়াৱহতাৰ দিশে গতি কৰিছে ।

ইফালে ৰাজ্যৰ এই সংকটময় পৰিস্থিতিৰ মাজত নিৰ্বাচনী ফলাফল ঘোষণাৰ চাৰিদিন পাছতো বিজেপি মিত্রজোঁটে শপত গ্ৰহণ কৰি শাসনভাৰ ল'বলৈ সক্ষম হোৱা নাই । উল্লেখ যে, অসমত ক'ভিডে ভয়াৱহভাৱে প্ৰভাৱ বিস্তাৰ কৰাৰ সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে ঢাল তৰোৱালবিহীন নিধিৰাম চৰ্দাৰৰ ভূমিকা পালন কৰিছে ।

লগতে পঢ়ক: শোণিতপুৰত উপস্থিত 18 পৰা 44 বৰ্ষৰ লোকক প্ৰদান কৰা ক’ভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.