গুৱাহাটী, ২৮ মাৰ্চঃ COVID-19 ৰে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ নেতৃত্বত গঠন কৰি দিয়া টাস্ক ফ'ৰ্চে শনিবাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি ৰাজ্যৰ সকলো প্ৰান্ততে বসবাস কৰা দৈনিক মজুৰী কৰা লোকসকল যেনে ৰিক্সা চালক, ঠেলা চালক, দিন হাজিৰা কৰা লোক আদিক এসপ্তাহৰ বাবে চাউল,দাইল,নিমখ আদি তাৎক্ষনিকভাবে যোগান ধৰিবলৈ সকলো জিলা উপায়ুক্তলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে মুখ্য সচিবে ।
আনহাতে,ৰাজ্যত থকা সকলো ব্ৰেড প্ৰস্তুতকাৰী ফেক্টৰী,বিস্কুট প্ৰস্তুত কৰা ফেক্টৰী,ধান বনা কল,চিৰা প্ৰস্তুত কৰা ফেক্টৰী,চাক্কি মিল আদি খোলা ৰাখি উৎপাদন পুনৰ আৰম্ভ কৰিবলৈ কোৱা হৈছে। অৱশ্যে এই ক্ষেত্ৰত সামাজিক দুৰত্ব বজাই ৰাখিহে কাম কৰিবলৈ কঠোৰভাবে নিৰ্দেশ দিয়া হৈছে। একেদৰে গুৱাহাটী মহানগৰীৰ ৬৬ টা স্থানত ম'বাইল ভান যোগে শাক-পাচলিৰ যোগান ধৰিবলৈও নিৰ্দেশ দিয়া হৈছে জিলা উপায়ুক্তক।
আৰু পঢ়কঃ কোভিড-19 : তেজপুৰস্থিত প্ৰতিৰক্ষা গৱেষণা পৰীক্ষাগাৰৰ প্ৰসংশনীয় পদক্ষেপ