গুৱাহাটী, ২৯ জুন : সোমবাৰে মহানগৰীত শাক পাছলি বিক্ৰেতাৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে । আক্ৰান্ত লোকজন শিলপুখুৰীৰ অশোক দাস বুলি জানিব পৰা গৈছে ৷
তথ্য অনুসৰি, দেওবাৰে সন্ধিয়ালৈকে শিলপুখুৰীত শাক পাচলি বিক্ৰী কৰিছিল অশোক দাসে ৷ ৩ দিন পূৰ্বে স্বাব টেষ্ট কৰিছিল যদিও ফলাফললৈ অপেক্ষা নকৰি ব্যৱসায় চলাই যোৱাৰ অভিযোগ অশোক দাসৰ বিৰুদ্ধে ৷ আনকি, তেওঁৰ দোকানৰ পৰা বহু লোকে ক্ৰয় কৰিছিল পাচলি ৷ যাৰবাবে আতংকিত হৈ পৰিছে শিলপুখুৰীবাসী ।