ETV Bharat / state

COVID-19: অসমৰ শেহতীয়া তথ্য - assam

অসমত বৰ্তমানলৈ সক্ৰিয় কেচ আছে 2041 টা ৷ আৰোগ্য হৈছে 3202 গৰাকী লোক ৷ অসমৰ আৰোগ্যৰ শতকৰা হাৰ 60.93 শতাংশ ৷

COVID-19: অসমৰ শেতীয়া তথ্য
COVID-19: অসমৰ শেতীয়া তথ্য
author img

By

Published : Jun 21, 2020, 5:08 AM IST

Updated : Jun 21, 2020, 6:16 AM IST

নিউজ ডেস্ক, 21 জুনঃ #unlock-1 ৰ সময়তেই অসমত দ্ৰুতভাৱে বৃদ্ধি পাবলৈ লৈছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৷ শনিবাৰে নিশাও 249 গৰাকী লোকৰ দেহত ধৰা পৰে এই সংক্ৰমণ ৷ টুইট যোগে অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে এই কথা ৷

বৰ্তমানলৈ অসমত মুঠ আক্ৰান্তৰ সংখ্যা 5255 ৷ তাৰে ভিতৰত আৰোগ্য হৈ উঠিছে 3202 জন ৷ মৃত্যু হৈছে 9 গৰাকী লোকৰ ৷ আনহাতে সক্ৰিয় কেচ আছে 2041 টা আৰু বাহিৰত আছে 3 টা ৷ উল্লেখ্য যে, অসমত বৰ্তমান আৰোগ্য হোৱা লোকৰ শতকৰা 60.93 শতাংশ ৷

ইপিনে অসমৰ গুৱাহাটী মহানগৰীত সঘনে ধৰা পৰিছে ভ্ৰমণৰ ইতিবৃত্ত নথকা লোকৰ দেহত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৷ ক্ৰমান্বয়ে বৃদ্ধি পাইছে মহানগৰীত কন্টেইনমেন য'মৰ সংখ্যা ৷ ভ্ৰমণৰ ইতিবৃত্ত নথকা লোকৰ দেহত ধৰা পৰা সংক্ৰমণে গণ সংক্ৰমণৰ এক ভয়াবহ ইংগিত প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ গুৱাহাটী মহানগৰীত সঘনে চিনাক্ত হৈছে কোভিড-19 আক্ৰান্ত ৰোগী

Last Updated : Jun 21, 2020, 6:16 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.