ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সৰৱ কটনিয়ান

author img

By

Published : Dec 2, 2019, 8:23 PM IST

অসমৰ ছাত্ৰ সমাজ জাতিৰ স্বাৰ্থত ৰাজপথত নামিছে । ভাৰতৰ সকলো জনসাধাৰণ আৰু ছাত্ৰ সমাজ ইয়াৰ বিৰুদ্ধে গৰজি উঠিব লাগে । কটন বিশ্ববিদ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে ৷

Cotton university
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সৰৱ কটনিয়ান

গুৱাহাটী, 2 ডিচেম্বৰঃ সোমবাৰে কটন বিশ্ববিদ্যালয়ত প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন সাধাৰণ সম্পাদকসকলে কয় যে, তেওঁলোকে কেব কোনোপধ্যেই মানি নলয় । কেবৰ বিৰুদ্ধে আন্দোলন চলিছে আৰু অধিক তীব্ৰতৰ হ'ব বুলি হুংকাৰ দিয়ে ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে ।

ইয়াৰোপৰিও তেওঁলোকে কয় যে, অসমৰ ছাত্ৰ সমাজ জাতিৰ স্বাৰ্থত ৰাজপথত নামিছে । ভাৰতৰ সকলো জনসাধাৰণ আৰু ছাত্ৰ সমাজ ইয়াৰ বিৰুদ্ধে গৰজি উঠিব লাগে । লগতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সংবাদমেলৰ জৰিয়তে কেইবাটাও আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে । সেই অনুসৰি আগন্তুক 6 ডিচেম্বৰত ৰণহুংকাৰ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব । ইয়াৰোপৰিও 855 জন শ্বহীদৰ হৈ প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি স্বাক্ষৰ অভিযান আৰম্ভ কৰা হ'ব । ইফালে হিমন্ত বিশ্ব শৰ্মাই সংসদত জয় বাংলাদেশ ধ্বনি দিয়াৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰাৰ কথাও জানিবলৈ দিয়ে তেওঁলোকে । উক্ত সংবাদমেলখনত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈ, পূৰ্বৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি দাস, অম্লান জ্যোতি চৌধুৰী, মনমোহন চুতীয়া, প্ৰাঞ্জল কলিতা আৰু নিশিৰঞ্জন কে মল্লিকা উপস্থিত থাকে ৷

লগতে পঢ়কঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত অগপৰ স্থিতি আছিল অতি দুৰ্বল : আমিনুল ইছলাম

Intro:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সৰৱ কটনিয়ান

Body:কটন বিশ্ববিদ্যালয়ত প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে এখন সংবাদমেল অনুষ্ঠিত কৰে । সংবাদমেলত প্ৰাক্তন সাধাৰণ সম্পাদকসকলে কয় যে কেব কোনোপধ্যেই মানি লোৱা নহব। কেবৰ বিৰুদ্ধে আন্দোলন চলিছে আৰু অধিক তীব্ৰতৰ হব । অসমৰ ছাত্ৰ সমাজ জাতিৰ স্বাৰ্থত ৰাজপথত নামিছে । ভাৰতৰ সকলো জনসাধাৰণ আৰু ছাত্ৰ সমাজ ইয়াৰ বিৰুদ্ধে গৰজি উঠিব লাগে।

বিশ্ব বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে সংবাদমেলৰ জৰিয়তে কেইবাটাও আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে । সেই অনুসৰি অহা ৬ ডিচেম্বৰত গ্ৰহণ কৰা হব ৰণহুংকাৰ কাৰ্যসূচী।

ইয়াৰোপৰি ৮৫৫ জন শ্বহীদৰ হৈ প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি স্বাক্ষৰ অভিযান আৰম্ভ কৰা হব। ইফালে হিমন্ত বিশ্ব শৰ্মাই সংসদত জয় বাংলাদেশ ধ্বনি দিয়াৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰাৰ কথাও জানিবলৈ দিয়ে । উক্ত সংবাদমেলত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈ পূৰ্বৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি দাস, অম্লান জ্যোতি চৌধুৰী, মনমোহন চুতীয়া, প্ৰাঞ্জল কলিতা, নিশিৰঞ্জন কে মল্লিকা উপস্থিত থাকে।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.