ETV Bharat / state

কটনৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পদত ছাত্ৰীৰ মনোনয়ন - Cotton university student's union election 2019-20

1 অক্টোবৰত অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷ বিশ্ববিদ্যালয়খনৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে এগৰাকী ছাত্ৰীয়ে ৷

কটনৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পদত ছাত্ৰীৰ মনোনয়ন
author img

By

Published : Sep 25, 2019, 11:12 PM IST

গুৱাহাটী, 25 ছেপ্টেম্বৰঃ ৰাজ্যৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত এতিয়া নিৰ্বাচনী জোৱাৰ ৷ ছাত্ৰ একতা সভা দখলৰ প্ৰস্তুতিত ব্যস্ত ছাত্ৰ ছাত্ৰীৰ পৰা ছাত্ৰ সংগঠন সকলো ৷ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজো পিচ পৰি থকা নাই ৷ বুধবাৰে বিশ্ববিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে বহু কেইজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ৷ উল্লেখযোগ্য যে, বিশ্ববিদ্যালয় খনৰ 101 বছৰীয়া নিৰ্বাচনৰ ইতিহাসত প্ৰথম বাৰৰ বাবে এই বছৰ সাধাৰণ সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰিছে এগৰাকী ছাত্ৰীয়ে ৷ ইয়াৰ পূৰ্ৱে সাধাৰণ সম্পাদক পদত কোনো ছাত্ৰীয়ে মনোনয়ন দাখিল কৰা নাছিল । ছাত্ৰী গৰাকী হৈছে পঞ্চম ষান্মাষিকৰ অসমীয়া বিভাগৰ ছাত্ৰী ঋষিকন্যা বাৎস্য ৷

কটনৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পদত ছাত্ৰীৰ মনোনয়ন

অসমৰ ৰাজনৈতিক ক্ষেত্ৰ খনত বিশেষ ভাৱে প্ৰভাৱ পেলোৱা কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনে সমগ্ৰ ৰাজ্যৰে গুৰুত্ব পাবলৈ সক্ষম হয় ৷ সেয়ে অহা 1 অক্টোবৰত অনুষ্ঠিত হ'ব লগা বিশ্ববিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল কেনে হয় সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷

Intro:অসমৰ প্ৰতিখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এতিয়া নিৰ্বাচনৰ ঢৌ উঠিছে। কি উজনি কি নামনি সকলোতে মাথো এতিয়া নিৰ্বাচনৰ জ্বৰ। অসমৰ ৰাজনৈতিক জগতত সততে প্ৰভাৱ পেলোৱা কটন বিশ্ববিদ্যালয়ত আজি মনোনয়ন পত্ৰ দাখিলৰ দিন। ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনে অসমৰ ৰাজনৈতিক ক্ষেত্ৰ খনত পৰোক্ষ ভাবে প্ৰভাৱ পেলায়। সেয়ে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সকলোৰে চকুত পৰে। এই বাৰ কটনৰ ছাত্ৰ একতা সভাৰ বাবে বহু জনে মনোনয়ন দাখিল কৰিছে সাধাৰণ সম্পাদক , উপ সাধাৰণ সম্পাদকৰ দৰে বহু কেইটা বিভাগত । কিন্তু এইবাৰৰ কটন ছাত্ৰ একতা সভাৰ নিৰ্বাচনত দেখা গৈছে সুকীয়া ছবি। বিশ্ববিদ্যালয় খনৰ 101 বছৰীয়া নিৰ্বাচনৰ ইতিহাসত প্ৰথম বাৰৰ বাবে সাধাৰণ সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰিছে এগৰাকী ছাত্ৰীয়ে।

Body:সাধাৰণ সম্পাদক পদত বৰ্তমানলৈ কোনো ছাত্ৰীয়ে মনোনয়ন দাখিল কৰা নাছিল ইয়াৰ পূৰ্বে। কটনৰ ছাত্ৰ একতা সভাৰ ইতিহাসত প্ৰথম বাৰৰ বাবে ঋষিকন্যা বাৎস্যই মনোনয়ন দাখিল কৰিছে। পঞ্চম ষান্মাষিকৰ অসমীয়া বিভাগৰ ছাত্ৰী ঋষিকন্যাই কটনৰ বাবে কাম কৰাৰ হেঁপাহ থকাৰ বাবে সাধাৰণ সম্পাদক ৰ পদৰ বাবে মনোনয়ন দাখিল কৰা বুলি জানিবলৈ দিলে।
Bite:-ঋষিকন্যা।

Conclusion:অহা 1 অক্টোবৰত হব লগা নিৰ্বাচনৰ ফলাফল কি হব সেয়া কোনেও নাজানে কিন্তু কটনৰ ইতিহাসত সোণালী আখৰে লিখা হব সাধাৰণ সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰা ঋষিকন্যা বাৎস্যৰ নাম।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.