গুৱাহাটী, 22 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিনটোতে শ্ৰেণী বৰ্জন কৰি গণ প্ৰতিবাদত বহিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ প্ৰতিবাদত কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, বহু কেইজন শিল্পী, অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদীপ কুমাৰ ফুকনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতায়েও যোগদান কৰে ।
আনহাতে, ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে ছাত্ৰ-ছাত্ৰী ৷ কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমান স্থিতিক সমালোচনা কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত কৰা বহু মন্তব্যক সমালোচনা কৰে ছাত্ৰ-ছাত্ৰী সকলে ।
আৰু পঢ়কঃ তিৱা জনগোষ্ঠীৰ মাঘ বিহু উপলক্ষে বঢ়মপুৰত সমূহীয়া মৎস্য চিকা
ৰ