ETV Bharat / state

চন্দ্ৰপুৰত প্ৰেক্ষাগৃহ নিৰ্মাণত ব্য়াপক অনিয়মৰ অভিযোগ - প্ৰাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ অভিযোগ

চন্দ্ৰপুৰৰ সূতাকলত এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ দায়িত্বত থকা দিছপুৰৰ বিধায়ক অতুল বৰাৰ(Atul Bora) ঘনিষ্ঠ ঠিকাদাৰ বিজয় বৰদলৈৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ ৷ বিগত বৰ্ষতে আধাৰশিলা স্থাপন কৰা প্ৰেক্ষগৃহটোৰ 50 শতাংশ সম্পূৰ্ণ নকৰাৰ অভিযোগ প্ৰাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ ৷

corruption-in-construction-of-chandrapur-community-hall
চন্দ্ৰপুৰত প্ৰেক্ষাগৃহ নিৰ্মাণত ব্য়াপক অনিয়মৰ অভিযোগ
author img

By

Published : Aug 24, 2021, 3:09 PM IST

গুৱাহাটী, 24 আগষ্ট: চন্দ্ৰপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত সূতাকলত এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম । পিছে এই অভিযোগ আমাৰ নহয় ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সদস্যই ৷

অভিযোগ অনুসৰি, জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে চন্দ্ৰপুৰ গাঁও পঞ্চায়তৰ(Chandrapur Panchayat) পৰা চতুৰ্দশ বিত্তীয় আয়োগৰ দ্বিতীয় কিস্তিৰ পৰা 10 লাখ টকা অনুমোদন জনোৱা হৈছিল । এই অনুমোদন অনুসৰি দিছপুৰৰ বিধায়ক অতুল বৰাৰ(Atul Bora) ঘনিষ্ঠ বিজয় বৰদলৈ নামৰ ঠিকাদাৰজনে প্ৰেক্ষাগৃহটো নিৰ্মাণৰ কাম হাতত লয় ।

সেইমৰ্মে 2020 বৰ্ষৰ 14 অক্টোবৰত উক্ত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে বিধায়ক অতুল বৰাই । ইয়াৰ পাচতেই ঠিকাদাৰ বিজয় বৰদলৈয়ে প্ৰেক্ষাগৃহটোৰ কাম আৰম্ভ কৰে যদিও নিৰ্মাণৰ কাম বহুত লেহেমীয়া গতিত আগবাঢ়ে । প্ৰায় এবছৰ ধৰি কামৰ অগ্ৰগতি লেহেমীয়া হোৱাৰ ফলত প্ৰাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাই পঞ্চায়ত কাৰ্যালয়ৰ লগতে ঠিকাদাৰজনক বহুবাৰ প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছিল ৷

চন্দ্ৰপুৰত প্ৰেক্ষাগৃহ নিৰ্মাণত ব্য়াপক অনিয়মৰ অভিযোগ

লগতে পঢ়ক: দশকজুৰি বিকলাৱস্থাত থকা এটা পানী যোগান আঁচনি

কিন্তু আজিলৈকে প্ৰেক্ষাগৃহটোৰ 50 শতাংশ কামো সম্পূৰ্ণ হোৱা দেখা নগ’ল । যাৰ ফলস্বৰূপে ক্ষোভিত হৈ পৰে জ্যেষ্ঠ নাগৰিক সন্থা ৷ কিয়নো আগন্তুক 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি জ্যেষ্ঠ নাগৰিক সন্থাই এই প্ৰেক্ষাগৃহটোতে অৱসৰপ্ৰাপ্ত শিক্ষকক সন্মান জনোৱাৰ অৰ্থে এখন সম্বৰ্ধনা অনুষ্ঠান আয়োজনৰ প্ৰস্তুতি চলাইছিল ।

কিন্তু নিৰ্ধাৰিত সময়ৰ বহু পাচতো নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত স্থানৰ অভাৱত এতিয়া বিমোৰত পৰিছে সন্থাই । জ্যেষ্ঠ নাগৰিক সন্থাৰ সদস্যসকলে কৰা অভিযোগ কৰা অনুসৰি, বিজয় বৰদলৈ নামৰ ঠিকাদাৰজনে পঞ্চায়তৰ অভিযন্তাজনৰ লগত গোপন বুজা-বুজিৰে ইতিমধ্যেই মুঠ আৱণ্টিত ধনৰ প্ৰায় 85 শতাংশ ধন মোকলাই নিয়ে ৷

তাৰোপৰি পঞ্চায়ত অভিযন্তাজনে কোনো ক্ষেত্ৰ পৰিদৰ্শন নকৰাকৈয়ে একমাত্ৰ ঠিকাদাৰৰ মুখৰ কথাত ধন মোকোলাই দিয়া কাৰ্যটো আশ্চৰ্য প্ৰকাশ কৰে নাগৰিক সন্থাই । প্ৰেক্ষাগৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ কথা পোহৰলৈ অহাৰ পাচতে বহুলোকৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে ৷

একমাত্ৰ বিধায়ক অতুল বৰাৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে এনে অনিয়ম সংঘটিত কৰিবলৈ সাহস কৰিলে নেকি ঠিকাদাৰ বিজয় বৰদলৈয়ে? ইফালে ঠিকাদাৰজনৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতো এতিয়ালৈকে ঠিকাদাৰজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চন্দ্ৰপুৰ গাঁও পঞ্চায়তে ৷

লগতে পঢ়ক: বৰপেটা অসামৰিক চিকিৎসালয়ত 50 টকাতে উপলব্ধ ক’ভিড ভেকচিন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.