ETV Bharat / state

কৰ'ণা আতংকঃ কামাখ্যা ধামত বিশেষ স্ক্ৰীনিঙৰ ব্যৱস্থা - কামাখ্যা ধামত বিশেষ স্ক্ৰীনিঙৰ ব্যৱস্থা

ৰাজ্য চৰকাৰৰ এটা চিকিৎসকৰ দলে মন্দিৰলৈ অহা সকলোকে পৰীক্ষা নিৰীক্ষা কৰি আছে । বিদেশী পৰ্যটকসকলকো নিৰীক্ষণত ৰাখিছে চিকিৎসকৰ দলটো । তাৰোপৰি চিকিৎসকৰ দলে পৰীক্ষণ অবিহনে কোনো লোককে মন্দিৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া নাই ।

AUTHORITY OF KAMAKHYA MANDIR TAKES EXTRA PRECAUTION
কৰ'ণা আতংকঃ কামাখ্যা ধামত বিশেষ স্ক্ৰীনিঙৰ ব্যৱস্থা
author img

By

Published : Mar 16, 2020, 12:56 PM IST

Updated : Mar 16, 2020, 1:41 PM IST

গুৱাহাটী, 16 মাৰ্চঃ বিশ্বজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID-19য়ে । ইতিমধ্যেই ব্যাপক সতৰ্কতা অৱলম্বন কৰা হৈছে গুৰুত্বপূৰ্ণ স্থানসমূহত । মহানগৰীৰ মা কামাখ্যা ধামতো গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা । কামাখ্যলৈ অহা সকলো দৰ্শনাৰ্থীক চেনিটাইজাৰৰ লগতে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । ৰাজ্য চৰকাৰৰ এটা চিকিৎসকৰ দলে মন্দিৰলৈ অহা সকলোকে পৰীক্ষা নিৰীক্ষা কৰি আছে । বিদেশী পৰ্যটকসকলকো নিৰীক্ষণত ৰাখিছে চিকিৎসকৰ দলটো । তাৰোপৰি চিকিৎসকৰ দলে পৰীক্ষণ অবিহনে কোনো লোককে মন্দিৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া নাই ।

কৰ'ণা আতংকঃ কামাখ্যা ধামত বিশেষ স্ক্ৰীনিঙৰ ব্যৱস্থা

পৰীক্ষণৰ পিছত প্ৰতিজন লোকৰ হাততে এটা চিহ্ন দিয়া হৈছে । সেই চিহ্নৰ প্ৰত্যক্ষ কৰাৰ পিছতহে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে মন্দিৰ চৌহদত । ইফালে দৰ্শনাৰ্থীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভোগ বিতৰণৰ বন্ধ কৰাৰো সিন্ধান্ত লৈছে মন্দিৰ পৰিচালনা সমিতিয়ে । কিয়নো কৰ'ণা ভাইৰাছ যাতে বিয়পি নপৰে তাৰ বাবে কোনো ঠাইত অধিক লোকৰ সমাগম নঘটিবলৈ আহ্বান জনাইছিল চৰকাৰে । সেয়ে এনেধৰণৰ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে কামাখ্যা ধাম কৰ্তৃপক্ষই । আনহাতে পূৰ্বৰ তুলনাত দৰ্শনাৰ্থীৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈও আহ্বান জনাইছে মন্দিৰ পৰিচালনা সমিতিয়ে।

Last Updated : Mar 16, 2020, 1:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.