ETV Bharat / state

কৰুণা ভাইৰাছৰ প্ৰভাৱ পৰিছে ডাব ব্যৱসায়ী সকলৰ ওপৰত

author img

By

Published : Jun 11, 2020, 10:22 PM IST

উৎকট গৰমে দহিছে মহানগৰবাসীক ৷ জুনৰ দ্বিতীয়টো সপ্তাহতে তীব্ৰতা বৃদ্ধি পাইছে ৰ'দৰ । বিভিন্ন শীতল পানীৰে দেহা শীতল কৰিছে কিছুসংখ্যক লোকে,ইয়াৰ মাজতে কিন্তু শীতল পানীয়ৰ দোকান সমূহৰ লগতে ডাবৰ দোকান সমূহত দেখা গৈছে এক বিৰিত ছবি।

কৰুণা ভাইৰাছৰ প্ৰভাৱ পৰিছে ডাব ব্যৱসায়ী সকলৰ ওপৰত
কৰুণা ভাইৰাছৰ প্ৰভাৱ পৰিছে ডাব ব্যৱসায়ী সকলৰ ওপৰত

গুৱাহাটী, 11 জুনঃ মহানগৰীৰ পানবজাৰৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পথখন মহানগৰীৰ অন্যতম এক ব্যস্ত পথ। ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন অফিচ- কছাৰীৰ মানুহৰে ভৰি থকা এই পথ এতিয়া উদং। গৰম অহাৰ লগে লগে এই পথটোৰ কাষতে দেখিবলৈ পোৱা যায় বহু ডাব বিক্রেতাক। গৰম দিন কেইটা এই ডাব বিক্রেতা সকলৰ বাবে দুপইচা উপাৰ্জনৰ উত্তম সময়। গৰম আহিলে,তাপমাত্ৰাও উৰ্ধগামী হ'বলৈ ধৰিলে কিন্তু এইসকল ডাব বিক্রেতাৰ বেপাৰ একেবাৰে বেয়া । গৰম আহিলে মানুহে ডাব বিচাৰি ইয়ালৈ আহে যদিও এইবাৰ ডাব বিচাৰি অহা মানুহো নাই। স্কুল-কলেজ বন্ধ গতিকে ছাত্ৰ-ছাত্ৰীও নাই,অফিচ-কছাৰীতো মানুহৰ সমাগম অতিকৈ সীমিত গতিকে অফিচ-কাচাৰীৰ মানুহো নাই ডাব খবলৈ। মুঠতে কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বৰ অৰ্থনীতি নিম্নগামী কৰি তোলাৰ সমান্তৰালে ডাব বিক্রেতা সকলৰো অৰ্থনৈতিক অৱস্থা জুৰুলা কৰি পেলাইয়ে।

পূৰ্বতে প্ৰতিদিনে একো একো জন ডাব বিক্রেতাই ১৫০০ ৰ পৰা ২০০০ টকাৰ ডাব বিক্ৰী কৰিবলৈ সক্ষম হৈছিল যদিও এইবাৰ কৰ'ণা ভাইৰাছৰ ভয়ত মানুহ ঘৰৰ পৰা ওলাই নহাৰ ফলত ডাব বিক্রেতা সকলৰ বিক্ৰী হ্ৰাস পাইছে। যোৱা তিনি দিন মহানগৰীত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে যদিও এই ডাব বিক্রেতাসকলে প্ৰতিদিনে ২০০ ৰ পৰা ৩০০ টকাৰে ডাব বিক্ৰী কৰিবলৈ সক্ষম হৈছে।

CORONA EFFECT GUWAHATI BUSINESS MAN ETV BHARAT NEWS

ডাৱ বিক্রেতাসকলৰ দৰে একে অৱস্থা বিভিন্ন শীতল পানীয় আৰু চৰ্বত বিক্ৰী কৰা লোকসকলৰ। গৰমৰ মাত্ৰা বৃদ্ধি পোৱাৰ পিছতো এইসকল লোকৰ বেপাৰত ওপৰত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে কৰ'ণা ভাইৰাছৰ।

লগতে চাওকঃ বৰপেটা মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন মুখ্য সচিব কুমাৰ সঞ্জয়কৃষ্ণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.