ETV Bharat / state

গীত মাতে ৰাইজক সজাগ কৰাৰ চেষ্টা চান্দমাৰী আৰক্ষীৰ

author img

By

Published : Apr 1, 2020, 4:19 PM IST

আৰক্ষীৰ কঠোৰ পদক্ষেপৰ পিছতো ৰাইজ সলনি নোহোৱাত এইবাৰ চান্দমাৰী আৰক্ষীয়ে ৰাইজক সজাগ কৰি তুলিবলৈ গ্ৰহণ কৰিছে এক ব্যতিক্ৰম পদক্ষেপ । ৰাজপথত আৰক্ষীয়ে বজাইছে কৰ'ণা ভাইৰাছৰ সজাগতা সৃষ্টি কৰা গীত ৷

corona awarneness song played by assam police
গীত বজাই ৰাইজক সজাগ কৰাৰ এক ব্যতিক্ৰম প্ৰচেষ্টা চান্দমাৰী আৰক্ষীৰ

গুৱাহাটী,1 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ আতংকত স্তব্ধ সমগ্ৰ বিশ্ব । ভাৰততো কৰ'ণা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে । ভাৰত চৰকাৰে এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা ২৪ মাৰ্চৰ পৰা বন্ধ কৰি দিছে স্কুল, কলেজ, কার্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান ৷ ৰাজপথলৈ মানুহ যাতে ওলাই আহিব নোৱাৰে ইয়াৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো কঠোৰ হৈছে আৰক্ষী প্ৰশাসন । ৰাজ্যৰ বিভিন্ন ঠাইত আৰক্ষীয়ে লক ডাউন আইন ভংগকাৰী সকলক শাস্তি প্ৰদান কৰাৰ বিভিন্ন দৃশ্য দেখিবলৈ পোৱাৰ মাজতে চান্দমাৰী আৰক্ষীৰ এক ব্যতিক্ৰম দৃশ্যই দৃষ্টি আকৰ্ষিত কৰিছে । চান্দমাৰী আৰক্ষীয়ে ৰাজপথত এইদৰে লক ডাউনৰ সময়ত ৰাজপথলৈ ওলাই অহা লোক সকলৰ তালাচি চলাই থকাৰ সময়ত আৰক্ষীৰ বাহনত বজাইছে এক বিশেষ গীত । কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে নিৰ্মাণ কৰা এই গীতটো বজাই চান্দমাৰী আৰক্ষীয়ে ৰাইজক কিদৰে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি এই সম্পৰ্কে সজাগতা সৃষ্টি কৰিছে ।

কৰ'ণা ভাইৰাছ সম্বন্ধে সজাগতা সৃষ্টিৰ বাবে নিৰ্মাণ কৰা এই গীতটোৰ মাধ্যমেৰে এফালে আৰক্ষীয়ে ৰাইজক সজাগ কৰিছে আনফালে এই গীতটোৱে আৰক্ষীক তেওঁলোকৰ দায়িত্ব কৰি যোৱাত উৎসাহ প্ৰদান কৰিছে । উল্লেখ্য যে, মঙলবাৰে কৰিমগঞ্জ জিলাত অসমৰ প্ৰথমটো ক'ভিড-১৯ কৰ'ণা ভাইৰাছ আক্ৰান্ত লোক চিনাক্ত হোৱাৰ পিছত বুধবাৰে অসমত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে । অসমত ৫ জনকৈ লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাত এতিয়া ৰাইজ অধিক সজাগ হোৱাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে ।

লগতে পঢ়কঃলক ডাউনৰ বাবে আত্মহত্যা শ্বিলঙৰ এজন যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.