ETV Bharat / state

ফাঁচী বজাৰত ব্যতিক্ৰমী ৰূপত কৰ'ণাকলৈ সজাগতা সৃষ্টিৰ চেষ্টা - কৰ'ণা ভাইৰাছকলৈ সজাগতা সৃষ্টিৰ চেষ্টা

মহানগৰীৰ ফাঁচী বজাৰত ব্যতিক্ৰমী ৰূপত COVID 19 তথা কৰ'ণা ভাইৰাছকলৈ সজাগতা সৃষ্টিৰ চেষ্টা। ফ্ৰেণ্ডছ ক্লাৱৰ উদ্যোগত মহানগৰবাসীক সজাগ কৰাৰ চেষ্টা ফাঁচী বজাৰবাসীৰ। ফ্ৰেণ্ডছ ক্লাৱৰ এই বিশেষ প্ৰচেষ্টাৰ শলাগ লৈছে সকলোৱে।

corona-awareness-by-friends-club-at-guwahati
ফাঁচী বজাৰত ব্যতিক্ৰমী ৰূপত কৰ'ণাকলৈ সজাগতা সৃষ্টিৰ চেষ্টা
author img

By

Published : Apr 14, 2020, 8:04 PM IST

গুৱাহাটী,14 এপ্ৰিলঃ বিশ্বব্যাপী মহামাৰী সৃষ্টি কৰা COVID 19 তথা কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় সামাজিক দূৰত্ব মানি চলা। চৰকাৰ, প্ৰশাসন, আৰক্ষীৰ লগতে চিকিৎসক সকলে সকলো জনতাকে বাৰম্বাৰ আহ্বান জনাই আহিছে সামাজিক দূৰত্ব মানি চলিবলৈ। ইয়াৰ মাজতে মহানগৰীৰ ফাঁচী বজাৰৰ ফ্রেণ্ডছ ক্লাৱৰ উদ্যোগত ৰাইজক সজাগ কৰিবলৈ গ্ৰহণ কৰা হৈছে এক ব্যতিক্ৰমী প্ৰচেষ্টা । ফাঁচী বজাৰৰ শনি মন্দিৰৰ সন্মুখৰ ৰাজপথ সমূহৰ ওপৰত ফ্ৰেণ্ডছ ক্লাৱে বিভিন্ন শ্লোগান আৰু কাৰ্টুন অংকন কৰি ৰাইজক COVID 19 তথা কৰ'ণা ভাইৰাছৰ পৰা কি দৰে ৰক্ষা পাব পাৰি এই সম্পৰ্কে সজাগ কৰাৰ চেষ্টা চলাইছে।

corona-awareness-by-friends-club-at-guwahati
ফাঁচী বজাৰত ব্যতিক্ৰমী ৰূপত কৰ'ণাকলৈ সজাগতা সৃষ্টিৰ চেষ্টা

ফাঁচী বজাৰবাসীয়ে ইয়াৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ লগতে সকলোকে নিজৰ নিজৰ ঘৰৰ ভিতৰত থাকি সুৰক্ষিত হৈ থাকিবলৈও আহ্বান জনাইছে। ৰাইজক সজাগ কৰাৰ উপৰিও ফ্ৰেণ্ডছ ক্লাৱে সংকটৰ এই সময়ত নিজৰ ঘৰ পৰিয়ালৰ কথা পাহৰি দিনে নিশাই ৰাইজক সেৱা আগবঢ়াই অহা চিকিৎসক, আৰক্ষী, সাংবাদিকৰ লগতে চাফাই কর্মী সকলক ধন্যবাদ জ্ঞাপন কৰিছে।

কৰ্তব্যৰত আৰক্ষী আৰু সুৰক্ষা কৰ্মীৰ লগতে ফাঁচী বজাৰৰ স্থানীয় ৰাইজে ফ্ৰেণ্ডছ ক্লাৱৰ এই পদক্ষেপৰ শলাগ লৈছে । উল্লেখ্য যে, বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩ মে' পৰ্যন্ত লক্ ডাউন বৃদ্ধি কৰাৰ সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে । যিহেতু লক্ ডাউনৰ বাহিৰে মাৰাত্মক কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ কোনো বিকল্প পথ নাই গতিকে সকলোকে লক্ ডাউনৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে ফ্ৰেণ্ডছ ক্লাৱে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.