ETV Bharat / state

হাৱালা চক্ৰৰ ধন আত্মসাতৰ অপৰাধত পুনৰ এজন আৰক্ষীক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 6:29 PM IST

মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভৰলুমুখ থানাৰ এগৰাকী SI অনুৰাগ বৰাক ৷ হাৱালা চক্ৰৰ পৰা টকা লুট কৰা চক্ৰত জড়িত আছিল SI অনুৰাগ বৰা ৷

hawala transaction case guwahati
হাৱালা চক্ৰ গুৱাহাটী

গুৱাহাটী, 1 ডিচেম্বৰ : হাৱালা চক্ৰৰ পৰা টকা লুট কৰাৰ অপৰাধত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভৰলুমুখ থানাৰ এগৰাকী SI অনুৰাগ বৰাক গ্ৰেপ্তাৰ কৰিছে ৷ SI মোবাৰক আলীৰ সৈতে ঘটনাস্থলীত উপস্থিত আছিল অনুৰাগ বৰা ।

উল্লেখ্য যে, মহানগৰ আৰক্ষীয়ে ভৰলু থানাৰ উপ-পৰিদৰ্শক, এগৰাকী সাংবাদিকসহ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল । অভিযুক্তকেইগৰাকীৰ জিম্মাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে হাৱালা চক্ৰৰ পৰা লুটি নিয়া ধনৰ ৩৭.৮০ লাখ টকা । ভৰলুমুখ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উক্ত অভিযুক্তকেইগাকী হ'ল থানাখনৰ এছ আই মোবাৰক আলী, সাংবাদিক তফিকউদ্দিন আহমেদ, খাইৰুল হক আৰু লিটন খান ।

উক্ত ঘটনাত জড়িত আৰু কেবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে । হাৱালা চক্ৰৰ পৰা ধন লুট কৰা উক্ত ঘটনা সংঘটিত হৈছিল যোৱা ২১ নৱেম্বৰৰ সন্ধিয়া । সেইদিনা সন্ধিয়া গুৱাহাটীৰ আঠগাঁৱৰ এম এছ ৰোডৰ এটা বাসগৃহত ভৰলুমুখ থানাৰ আৰক্ষীয়ে অভিযান চলাই দুই হাৱালা এজেণ্টৰ জিম্মাৰ পৰা ১ কোটি ৬৯ লাখ ৭০ হেজাৰ টকা জব্দ কৰিছিল ৷ ৰাজস্থানৰ এই দুই হাৱালা এজেন্ট দেৱকৰণ সেন(২৭) আৰু মনোজ কুমাৰ (৪৭)ক লগেলগে ভৰলুমুখ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

আঠগাঁৱৰ এম এছ ৰোডৰ জমিৰ উদ্দিন নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাবে থাকি এই-দুই এজেন্টে হাৱালাযোগে ধন সৰবৰাহ কৰিছিল । ইমানখিনিলৈ সকলো ঠিকেই আছিল । কিন্তু গ্ৰেপ্তাৰ কৰাৰ পাচতে দুই হাৱালা এজেন্টে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে যে তেওঁলোকৰ সৈতে থকা ধনৰ পৰিমাণ জব্দ কৰা টকাতকৈ বহু বেছি আছিল । কিন্তু আৰক্ষীৰ অভিযানৰ পূৰ্বে দুই হাৱালা এজেণ্টৰ জিম্মাৰপৰা টকাভৰ্তি বেগ এখন লুট কৰি নিয়া হৈছিল ।

উক্ত ঘটনাত আৰক্ষী বিষয়া, সাংবাদিক জড়িত আছিল । এই তথ্য পোৱাৰ পাচতে পশ্চিম গুৱাহাটীৰ ডি চি পিয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰে । প্ৰথমতে সন্দেহৰ আৱৰ্তত সোমাই পৰিছিল ভৰলুমুখ থানাৰ এছ আই মোবাৰক আলী । কাৰণ সেইদিনা প্ৰথমে হাৱালা এজেণ্টৰ কাষত উপস্থিত হৈছিল মোবাৰক আলী । মোবাৰক আলীৰ খবৰৰ ভিত্তিতহে পাচত ভৰলুমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষীৰ দল এটা উক্ত স্থানত উপস্থিত হৈছিল ৷ গতিকে হাৱালা এজেণ্টৰ পৰা টকাৰ বেগ লুটি নিয়া চক্ৰটো চিনাক্ত কৰাত মহানগৰ আৰক্ষীৰ বেছি পলম নহ'ল ।

মোবাৰক আলীক বুধবাৰে নিশা জেৰা কৰোতে কিছু কথা ওলাই পৰে । ইয়াৰ লগেলগে বুধবাৰে নিশাৰ ভাগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গুৱাহাটীৰ এটা বৈদ্যুতিন মাধ্যমৰ সাংবাদিক তফিকউদ্দিন আহমেদক ।

দৰাচলতে সেইদিনা তফিকউদ্দিন আহমেদে এছ আই মোবাৰক আলীক হাবালা এজেন্ট দুগৰাকীৰ জিম্মাত বহু টকা থকা বুলি খবৰ দিছিল । প্ৰথমে এছ আই মোবাৰক আলী আৰু তফিকউদ্দিন আহমেদৰ নেতৃত্বত গঠিত চক্ৰটো হাবালা এজেন্ট দুজনৰ কাষত উপস্থিত হৈ এখন টকাৰ মোনা হস্তগত কৰে । ইয়াৰ পাচত থানাৰ ভাবপ্ৰাপ্ত বিষয়াসহ উচ্চপদস্থ বিষয়াসকলক এই ঘটনাৰ খবৰ দিয়া হৈছিল ।

উক্ত চক্ৰটোৱে হাবালা এজেন্ট দুগৰাকীৰ পৰা লুট কৰা বেগখনত কিমান টকা আছিল সেয়া জানিব পৰা হোৱা নাই যদিও মহানগৰ আৰক্ষীয়ে এইঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা চাৰি অভিযুক্তৰ জিম্মাৰ পৰা মুঠ ৩৭,৮০ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : হাৱালাৰ ধন আত্মসাৎ কৰি এতিয়া আৰক্ষী-সাংবাদিকৰ আগত ঢাকিছে নাক!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.