ETV Bharat / state

Threat to Assam is conversion: অসমৰ বাবে আন এক ভাবুকি স্বৰূপ হৈ পৰিছে ধৰ্মান্তৰকৰণ

author img

By

Published : Nov 1, 2022, 2:15 PM IST

শদিয়াৰ পৰা ধুবুৰীলৈকে অতি সংগোপনে চলি আছে ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া (Threat to Assam is religious conversion)। বিদেশৰ পৰা আহিছে প্ৰচুৰ পৰিমাণে ধন । পৰ্যটকৰ ৰূপত আহিছে ধৰ্ম প্ৰচাৰক। ২০৪১ চনৰ ভিতৰত ৰাজ্যখনত বাস কৰা খ্রীষ্টান ধৰ্মৰ লোকৰ সংখ্যা ২৪ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য । ৰাজ্যখনত চৰিটা স্থানত ধৰ্ম প্ৰচাৰৰ বাবে চৰিটা কেন্দ্ৰ স্থাপন । লক্ষ্য কৰি লোৱা হৈছে জনজাতীয় আৰু চাহ জনগোষ্ঠীৰ লোকসকলক। দিয়া হৈছে বিভিন্ন প্ৰলোভন ।

Conversions at Assam
অসমৰ বাবে আন এক ভাবুকি হৈছে ধৰ্মান্তৰকৰণ

গুৱাহাটী, ১নবেম্বৰ: অসমত ধর্মান্তৰকৰণে (Conversions in Assam) ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । জনজাতীয় লোকসকলৰ সৰলতাৰ সুযোগ লৈ বিভিন্ন প্রলোভনৰে তেওঁলোকক খ্ৰীষ্টানলৈ ধৰ্মান্তৰ (Temptations conversion to Christianity in Assam) কৰা হৈছে । অতি সংগোপনে শদিয়াৰ পৰা ধুবুৰীলৈকে চলি থকা এই ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াত ইতিমধ্যে ভৰি দিছে ৰাজ্যখনৰ বহু লোকে । ঘাইকৈ মিচিং,বড়ো আৰু চাহ জনগোষ্ঠীৰ লোকসকলক লক্ষ্য কৰি খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ চলোৱা হৈছে । এইক্ষেত্ৰত বিদেশৰ পৰা আহিছে প্ৰচুৰ পৰিমাণে ধন (Foreign aid for Conversion)।

শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে পৰ্যটকৰ ৰূপত আগমন ঘটা বিদেশী ধৰ্ম প্ৰচাৰক (Foreign preachers in form of tourists)। অলপতে অসম আৰক্ষীয়ে মাত্র ৪৮ ঘণ্টাৰ ভিতৰত পৰ্যটকৰ ৰূপত ধৰ্ম প্ৰচাৰ কৰিবলৈ অসমলৈ অহা ১০ জনকৈ বিদেশী নাগৰিকক আটক (10 foreign nationals detained in Assam) কৰিছে । নামৰূপৰ চাহ বাগিচাত (Namrups Tea Garden) খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা তিনিজন ছুইডেনৰ নাগৰিকক আটক (Swedish nationals detained at Namrup) কৰাৰ পিছত কাজিৰঙাত আৰু সাতজন জাৰ্মানী পৰ্যটকৰূপী ধৰ্ম প্ৰচাৰকক আটক কৰে ।

প্রণিধানযোগ্য যে অসমত খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা বৃদ্ধিত সৰ্বাধিক গুৰুত্ব দি ২০৪১ চনৰ ভিতৰত ৰাজ্যখনত বাস কৰা খ্রীষ্টান ধৰ্মৰ লোকৰ সংখ্যা ২৪ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য হাতত লৈছে মিজো গীৰ্জাই স্থাপন কৰা অসম মিছন ফিল্ডে (Assam Mission Field)। ইতিমধ্যে ৰাজ্যখনত চৰিটা স্থানত ধৰ্ম প্ৰচাৰৰ বাবে চৰিটা কেন্দ্ৰ স্থাপন কৰা হৈছে । উজনি অসমৰ বাবে ডিব্ৰুগড়,মধ্য অসমৰ বাবে তেজপুৰ, নামনি অসমৰ বাবে গুৱাহাটী আৰু বৰাকৰ বাবে শিলচৰত মূল কেন্দ্র খোলা হৈছে । এই কেন্দ্ৰৰ পৰাই সম্প্ৰতি ৰাজ্যখনত আগ্রাসী ৰূপত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ চলাই থকা হৈছে ।

জানিব পৰা মতে শেহতীয়াকৈ বিশ্বনাথ চাৰিআলি, শোণিতপুৰ আৰু গোসাইগাঁও অঞ্চলত বাস কৰা চাওতালী লোকসকলৰ প্ৰায় ৭৪ শতাংশই খ্ৰীষ্টান ধর্ম গ্রহণ কৰিছে । একেদৰে বড়ো আৰু মিচিং জনগোষ্ঠীৰ বহুসংখ্যক লোকো খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে । অসমত চলি থকা এই ধৰ্মান্তৰকৰণৰ সকলো দিশ চোৱাচিতা কৰে মিজো গীৰ্জাই (Mizo Church) । আনকি মিজো আৰু মাৰ সম্প্ৰদায়ৰ লোককহে মিজো গীৰ্জাই অসমত ক্ষেত্র বিষয়া,ক্ষেত্র সম্পাদক,কেন্দ্ৰ পৰিচালক আদিৰ দায়িত্ব অর্পণ কৰে ।

ধর্মান্তৰকৰণৰ কামত জড়িত কৰাসকলক প্রথমে মিজোৰামৰ আইজললৈ নি ধর্মীয় শিক্ষা প্রদান কৰা হয় । ইয়াৰ পাছত মিছনেৰী প্ৰশিক্ষণ দি কর্মক্ষেত্রলৈ প্ৰেৰণ কৰা হয়। আনহাতে ঘাইকৈ ইউৰোপ আৰু আমেৰিকাৰ পৰা খ্ৰীষ্টধর্ম প্ৰসাৰৰ বাবে অসমলৈ বৃহৎ অংকৰ ধন প্ৰেৰণ কৰা হয় । এই বিদেশী পুঁজিৰেই এতিয়া অসমত চলিছে ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়া । ইনষ্টিটিউট ফ'ৰ কনফ্লিক্ট ৰিচাৰ্ছ এণ্ড ৰিজলিশ্যন নামৰ প্ৰতিষ্ঠানটোৰ মতে যদিহে এই গতিত ৰাজ্যখনত ধর্মান্তৰকৰণ প্রক্রিয়া চলি থাকে তেনেহলে ২০৫১ চনত অসমৰ জনগাঁথনি সলনি হৈ পৰিব।

মন কৰিবলগীয়া কথা যে সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলীতে এতিয়া ধর্মান্তৰকৰণ (Conversion in Majuli) চলি আছে । নদীদ্বীপটোৰ চুকে-কোণে গঢ় লৈ উঠিছে বহুসংখ্যক গীৰ্জা । একেদৰে চাহ বাগিচা অঞ্চল, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ লগতে বড়োলেণ্ডতো দ্রুতগতিত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে জনজাতীয় লোকসকলে । মিছনেৰীসকলে ৰাজ্যখনৰ অতি পিছপৰা লোকসকলক এইক্ষেত্ৰত লক্ষ্য কৰি লোৱাৰ লগতে তেওঁলোকৰ বাবে শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰিছে ।

আনকি নগদ ধনো প্রদান কৰি আহিছে । যাৰ ফলত দুখীয়া বহুসংখ্যক লোকেই খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে । উল্লেখ যে ৰাজ্যখনত দ্রুতগতিত প্রব্রজিত মুছলমান লোকৰ সংখ্যা বৃদ্ধিয়ে খিলঞ্জীয়া লোকসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । বহু অঞ্চলত খিলঞ্জীয়া লোকসকল সংখ্যালঘুত পৰিণত হৈছে । এনে পৰিস্থিতিৰ মাজতে অতি সংগোপনে খ্ৰীষ্টান ধৰ্মৰ এই প্ৰসাৰে ৰাজ্যখনলৈ আন এক সংকট যে কঢ়িয়াই আনিব সেয়া নিশ্চিত । অবৈধ বিদেশীৰ আগ্ৰাসনে ৰাজ্যখনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে ধৰ্মান্তৰকৰণৰ বিষয়টোও অতি চিন্তনীয় হৈ পৰিছে ।

লগতে পঢ়ক:Civilian anti-narcotics drive: নগাঁও আৰক্ষীৰ ব্যৰ্থতা উদঙাই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযানত নামিল ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.