ETV Bharat / state

চৰকাৰৰ চৰম বিত্তীয় সংকট উদঙালে শিক্ষামন্ত্ৰীৰ পত্ৰই - Donation collection by Assam education department

চৰম বিত্তীয় সংকটতত ভূগি আছে ৰাজ্যৰ শিক্ষা বিভাগ ৷ যাৰ বাবে বহু বিদ্যালয়ত নাই চকী-মেজ, ফেন, পানী ফিল্টাৰ পৰ্যন্ত ৷ এইসমূহ কিনাৰ বাবে নাই বিভাগৰ হাতত ধন ৷ যাৰ বাবে বিধায়কৰ জৰিয়তে স্থানীয় লোকৰ পৰা বৰঙনি তোলাৰ বাবে আগবাঢ়িছে শিক্ষা বিভাগ ৷

Education minister Ranoj Pegu
চৰকাৰৰ চৰম বিত্তীয় সংকট উদঙালে শিক্ষামন্ত্ৰীৰ পত্ৰই
author img

By

Published : Aug 19, 2022, 2:09 PM IST

Updated : Aug 19, 2022, 3:08 PM IST

নিউজ ডেস্ক, 19 আগষ্ট: এখন পত্ৰই উদঙাই দিলে চৰকাৰৰ শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ ৷ শিক্ষা বিভাগটো যে চৰম আৰ্থিক দৈন্যতাত ভূগি আছে সেই কথা স্বয়ং শিক্ষামন্ত্ৰীয়ে উদঙাই দিলে এখন পত্ৰৰ জৰিয়তে ৷ বিদ্যালয়ৰ আচবাব, ফেন, পানী ফিল্টাৰ ক্ৰয়ৰ বাবে স্থানীয় লোকৰ ওচৰত হাত পাতিবলৈ বিধায়কক আহ্বান জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে(Education minister Ranoj Pegu) ৷

Education minister Ranoj Pegu
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পত্ৰ

ৰাজ্যৰ শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন অনাৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লোৱা শিক্ষা বিভাগৰ হাতত নাই চকী-মেজ, ফেন কিনাৰ ধন ৷ এই কথা পোনপতীয়াকৈ স্বীকাৰ কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ ৰাজ্যৰ বিধায়কসকললৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এখন পত্ৰ প্ৰেৰণ কৰে যোৱা 11 আগষ্টত ৷ উক্ত চিঠিখনৰ জৰিয়তে শিক্ষামন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰৰ ‘চান্দা’ তোলাৰ বাবে আহ্বান জনায় বিধায়কসকলক(Letter to MLA by Education minister Ranoj Pegu) ৷

পত্ৰখনত শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কিছু বিদ্যালয় চকী-মেজ, বৈদ্যুতিক পাংখা, পানী ফিল্টাৰ অবিহনেই চলি আছে ৷

এই অভাৱসমূহ দূৰ কৰাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱ কথাও উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ যাৰ বাবে অৱসৰপ্ৰাপ্ত বিষয়া, ব্যৱসায়ী, যুৱ সমাজ অৰ্থাৎ দাতাৰ পৰা অনুদান গ্ৰহণৰ বাবে আহ্বান জনায় বিধায়কসকলক ৷ অনুদানসমূহ পোনপটীয়াকৈ অথবা বিদ্যাঞ্জলী 2.0 আঁচনিৰ পৰ্টেলৰ জৰিয়তে প্ৰদান কৰাৰ বাবে দাতাসকলক আহ্বানৰ কথা উল্লেখ কৰে পত্ৰখনত (Donation collection by Assam education department)৷

Education minister Ranoj Pegu
শিক্ষামন্ত্ৰীৰ হোৱাটছএপ বাৰ্তা

বিধায়কসকললৈ প্ৰেৰণ কৰা পত্ৰখন ভাইৰেল হোৱাৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সৰ্বত্ৰে ৷ বিশেষকৈ বিৰোধীয়ে বিষয়টোক লৈ প্ৰতিক্ৰিয়া আগবঢ়ায় ৷ ইয়াৰ পাছতে পুনৰ বিধায়কসকললৈ হোৱাটছএপযোগে মেছেজ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ য’ত শিক্ষামন্ত্ৰীগৰাকীয়ে ইতিমধ্যে প্ৰেৰণ কৰা পত্ৰখন গ্ৰহণ নকৰিবলৈ আহ্বান জনায় ৷ পত্ৰখনৰ কিছু সংশোধনী কৰা হ’ব বুলি হোৱাটছএপ বাৰ্তাটোত উল্লেখ কৰে ৷

শিক্ষা বিভাগৰ এই কাণ্ডই স্বাভাৱিকতেই সৰ্বত্ৰে জোঁকাৰণিৰ সৃষ্টি কৰিছে ৷ ইখনৰ পাছত সিখন আঁচনি গ্ৰহণ কৰি আমূল পৰিৱৰ্তনৰ কথা কোৱা অসম চৰকাৰৰ শিক্ষাবিভাগৰ এই দুৰৱস্থাই উদঙালে ফোঁপোলা স্বৰূপ ৷

লগতে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন

Last Updated : Aug 19, 2022, 3:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.