ETV Bharat / state

বিধানসভাত উত্থাপিত হ’ল বিতৰ্কিত গো-সুৰক্ষা বিধেয়ক

বহু বিতৰ্কিত গো-সুৰক্ষা বিধেয়ক (cattle preservation bill) সোমবাৰে বিধান সভাত উত্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ গৰুৰ চোৰাং ব্যৱসায় ৰোধ (control over illegal cattle trading) কৰাৰ লগতে গো-মাংস বিক্ৰী (selling of beef)ৰ ক্ষেত্ৰতো কেতবোৰ কঠোৰ নীতি নিয়ম প্ৰৱৰ্তন কৰা হৈছে বিধেয়ক খনত ।

controversial-cattle-preservation-bill-came-to-assam-assembly-on-monday
বিধানসভাত উত্থাপিত হ’ল বিতৰ্কিত গো-সুৰক্ষা বিধেয়ক
author img

By

Published : Jul 12, 2021, 5:55 PM IST

গুৱাহাটী, ১২ জুলাই : সোমবাৰে, বহু চৰ্চিত গো-সুৰক্ষা বিধেয়কখন (cattle preservation bill) উত্থাপন কৰা হয় অসম বিধানসভাত । সোমবাৰে, 'দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্বন বিল ২০২১ (The assam cattle preservation bill 2021)' শীৰ্ষক বিধেয়কখন সদনত উত্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা (chief minister Himanta Bishwa Sarma)ই । প্ৰায় পোন্ধৰ পৃষ্ঠা জোৰা এই বিধেয়কখন বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোতে চৰকাৰে উত্থাপন কৰাটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে ।

controversial-cattle-preservation-bill-came-to-assam-assembly-on-monday
দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্বন বিল ২০২১

উল্লেখযোগ্য যে, এই বিধেয়ক খনত গৰুৰ চোৰাং ব্যৱসায় ৰোধ (control over illegal cattle trading) কৰাৰ লগতে গো-মাংস বিক্ৰী (selling of beef)ৰ ক্ষেত্ৰতো কেতবোৰ কঠোৰ নীতি নিয়ম প্ৰৱৰ্তন কৰা হৈছে । মন কৰিবলগীয়া যে, বিধানসভা (legislative assembly)ত বিধেয়ক উত্থাপনৰ পূৰ্বৰে পৰাই গো-সুৰক্ষা বিধেয়কৰ বিৰোধ কৰি আহিছিল বিৰোধীয়ে ৷ ৰাজ্যৰ দুই বিৰোধী দল কংগ্ৰেছ (congress) আৰু এআইইউডিএফে( AIUDF) এই বিধেয়কৰ তীব্ৰ বিৰোধী স্থিতি অৱলম্বন কৰিছে ৷

অৱশ্যে, সোমবাৰে উত্থাপিত বিতৰ্কিত বিধেয়কখনত সন্নিবিষ্ট হোৱা নতুন নীতি নিয়মসমূহৰ বিষয়ে বিধানসভাৰ মজিয়াত বিৰোধী দল দুটাই কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হব ।

দিছপুৰত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পূৰ্বেই বিজেপি দলে ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল যে চৰকাৰ গঠন হ'লে বিজেপিয়ে গো-সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব । স্মৰ্তব্য যে, গো-সুৰক্ষা আইন বলৱৎ কৰিবলৈ বিচৰা অসমেই হ’ল উত্তৰ-পূৱৰ প্ৰথমখন ৰাজ্য ৷

লগতে পঢ়ক: ৰাজ্যত চলিছে মানৱ দেহৰ অংগৰ ভয়ংকৰ বেহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.