ETV Bharat / state

কেলেংকাৰীৰ বাতৰি প্ৰচাৰ কৰি ঠিকাদাৰৰ ৰোষত সংবাদ মাধ্যম - ঠিকাদাৰ সন্থাৰ ৰোষত পৰিবলগীয়া হ’ল সংবাদ মাধ্যম

কেলেংকাৰীৰ বাতৰি প্ৰচাৰ কৰি ঠিকাদাৰ সন্থাৰ ৰোষত পৰিবলগীয়া হ’ল সংবাদ মাধ্যম ৷ তথ্যবিহীনভাৱে বাতৰি পৰিবেশন কৰাৰ অভিযোগ উত্থাপন কৰিলে ঠিকাদাৰ সন্থাই (Contractors alleged media) ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংবাদ মাধ্যমক তথ্য বিহীনভাৱে বাতৰি পৰিবেশন নকৰিবলৈ সকিয়নী দিয়ে ঠিকাদাৰ সন্থাই ৷

কেলেংকাৰীৰ বাতৰি প্ৰচাৰ কৰি ঠিকাদাৰৰ ৰোষত সংবাদ মাধ্যম
contractors slams press for spreading fake news
author img

By

Published : Jul 8, 2022, 10:58 PM IST

গুৱাহাটী, 8 জুলাই : সংবাদ মাধ্যমে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ(WPT&BC )বিভাগৰ কেলেংকাৰীৰ ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ ঠিকাদাৰ সন্থাৰ ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংবাদ মাধ্যমক তথ্য বিহীনভাৱে বাতৰি পৰিবেশন নকৰিবলৈ আহ্বান জনায় ঠিকাদাৰ সন্থাই (Contractors press meet in Guwahati) ৷

কিছু দিনৰ পূৰ্বে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ কেলেংকাৰীৰ সন্দৰ্ভত বাতৰি প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত (Contractors alleged media of publishing fake news) ৷ বিভাগটোৰ বিভিন্ন সামগ্ৰীৰ নিবিদা আহ্বানত বহিৰাগত ঠিকাদাৰৰ দপদপনি চলা বুলি বাতৰি প্ৰকাশ কৰা হৈছিল ৷ তৃতীয় পক্ষৰ হেঁচা আৰু ষড়যন্ত্ৰৰ ফলত সংবাদ মাধ্যমত এই ভুৱা বাতৰি প্ৰচাৰ হোৱা বুলি অভিযোগ উত্থাপন কৰে ঠিকাদাৰ সন্থাই ৷

সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দিবাকৰ শৰ্মাই কয় যে বিভাগটোত অনা অসমীয়া ঠিকাদাৰৰ বাহিৰেও বহুতো থলুৱা ঠিকাদাৰে কাম কৰি আছে । সেই কাম কৰি তেওঁলোকে পৰিয়াল পোহপাল দি আছে । সংবাদ মাধ্যমত বিভাগটোৰ বিৰুদ্ধে অপপ্ৰচাৰৰ ফলত চৰকাৰে বিভাগটোক ফান্দ দিয়া বন্ধ কৰিলে তাৰ ফলত থলুৱা ঠিকাদাৰসকলহে ক্ষতিগ্ৰস্ত হ'ব বুলি মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Vineet Bagaria suicide case: আৰক্ষীৰ জালত বিনীতৰ আত্মহত্যাৰ ঘটনাৰ লগত নাম সাঙোৰ খোৱা অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.