গুৱাহাটী, ৯ নৱেম্বৰ : অসমত বিভিন্ন প্ৰকল্প লেহেমগতিত চলাটো নতুন কথা নহয় । কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্পই হওক নাইবা ৰাজ্য চৰকাৰৰ প্ৰকল্প হওক অসমত কামৰ গতি লেহেমীয়া হোৱাটো স্বাভাৱিক । নিৰ্ধাৰিত সময়ত প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱা কম প্ৰকল্পৰ ক্ষেত্ৰতেহে দেখা যায় ।
![Construction above fifty mega projects incomplete](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-11-2023/as-ghy-01-construction-above-fifty-mega-projects-incomplete-increased-construction-cost-7209925_09112023132840_0911f_1699516720_1042.jpeg)
লক্ষণীয় বিষয় যে, অসমত কেন্দ্ৰৰ অৰ্ধ শতাধিক বৃহৎ প্ৰকল্প নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পাচতো সম্পূৰ্ণ হোৱা নাই । লেহেম গতিত নির্মাণকার্য চলি থকাৰ বাবে ৫৭,০৭৪.৩৩ কোটি টকা ব্যয়ৰ ৫৬ টাকৈ প্ৰকল্পৰ নিৰ্মাণ ব্যয়ো অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ।
![Construction above fifty mega projects incomplete](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-11-2023/as-ghy-01-construction-above-fifty-mega-projects-incomplete-increased-construction-cost-7209925_09112023132840_0911f_1699516720_380.jpeg)
কেন্দ্ৰীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনত অসমত চলি থকা কেন্দ্ৰীয় প্ৰকল্পসমূহৰ প্ৰকৃত ছবিখন প্ৰতিফলিত হৈছে । আগষ্ট মাহলৈকে তথ্য সামৰি প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ৰাজ্যখনত ৫৬ টাকৈ প্ৰকল্প সময়ত নির্মাণ নোহোৱাৰ ফলত ৫৭,০৭৪.৩৩ কোটিৰ বাজেট এতিয়া ৬৫,৯৫০.৩৮ কোটি টকালৈ বৃদ্ধি পাইছে । এই অৰ্ধ শতাধিক প্ৰকল্পৰ বাবে এতিয়ালৈকে অতিৰিক্ত ব্যয় ৮৮৭৬.০৫ কোটি টকা বৃদ্ধি পাইছে ।
![Construction above fifty mega projects incomplete](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-11-2023/as-ghy-01-construction-above-fifty-mega-projects-incomplete-increased-construction-cost-7209925_09112023132840_0911f_1699516720_720.jpeg)
উল্লেখ্য যে, অসমত ১৫০ কোটি টকাতকৈ অধিক ব্যয়ৰ উক্ত প্ৰকল্পসমূহৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সময় তিনি মাহৰ পৰা ১২০ মাহ পর্যন্ত পিছুৱাই গৈছে । লক্ষণীয় বিষয় যে, গুৱাহাটীৰ চাংসাৰিত নিৰ্মাণ কৰা এইমছৰ নিৰ্মাণৰ কাম ২০২১ চনৰ মে’ মাহত সম্পূৰ্ণ হ'ব লাগিছিল যদিও নিৰ্ধাৰিত সময়তকৈ ২৯ মাহ পলম হোৱা প্ৰকল্পটোৰ কাম শেহতীয়াকৈ সম্পূৰ্ণ কৰাৰ নতুন লক্ষ্য অক্টোবৰ মাহলৈ নিৰ্ধাৰণ কৰা হৈছিল ।
![Construction above fifty mega projects incomplete](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-11-2023/as-ghy-01-construction-above-fifty-mega-projects-incomplete-increased-construction-cost-7209925_09112023132840_0911f_1699516720_776.jpeg)
সেইদৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ নতুন টাৰ্মিনেল নির্মাণ প্ৰকল্পটোও সময়তকৈ ৪৮ মাহ পলম হৈছে । ১১৪২ কোটি টকা ব্যয়ৰ নতুন টাৰ্মিনেলটো ২০২১ চনৰ মাৰ্চত সম্পূৰ্ণ হ'ব লাগিছিল যদিও এতিয়া নতুন সময় নিৰ্ধাৰণ কৰা হৈছে ২০২৫ চনৰ মাৰ্চ মাহ ।
![Construction above fifty mega projects incomplete](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-11-2023/as-ghy-01-construction-above-fifty-mega-projects-incomplete-increased-construction-cost-7209925_09112023132840_0911f_1699516720_674.jpeg)
আনহাতে, নির্মাণ ব্যয়ো ১১৪২ কোটি টকাৰ পৰা ১২৩২ কোটি টকালৈ বৃদ্ধি পাইছে । ইফালে নুনমাটি শোধনাগাৰৰ আধুনিকীকৰণৰ কামো ১৬ মাহ পিছুৱাই ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহ ধাৰ্য কৰা হৈছে । ইফালে কাচমাৰীত নিৰ্মাণ কৰি থকা গেছ ভিত্তিক প্ৰকল্পটোৰ ৰূপায়ণৰ কামো চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে সমাপ্ত হ'ব লাগিছিল যদিও এতিয়া ১৭ মাহ পিছুৱাই উক্ত প্ৰকল্পটোৰ সমাপ্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ২০২৪ বৰ্ষৰ জুলাই মাহ ।
বঙাইগাঁও-গোৱালপাৰা গুৱাহাটী সংযোগী ৰে'ল প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰা ২২৩৩.৩২ কোটি টকা এতিয়া ৪০৫৯.৬৫ কোটি টকালৈ বৃদ্ধি পাইছে । অথচ এই প্ৰকল্পটোৰ কাম চলিত বৰ্ষৰ মাৰ্চ মাহতে সম্পূৰ্ণ হ'ব লাগিছিল । কিন্তু সময়ত প্ৰকল্পটো ৰূপায়ণ নোহোৱাত নতুন সময় ২০২৬ চনৰ মাৰ্চ মাহ ধার্য কৰা হৈছে । বালাচৰা হাৰাংগাজাও ফৰলেন প্ৰকল্পৰ কাম ২০২০ চনৰ জুন মাহৰ পৰা পিছুৱাই এতিয়া নতুন সময় চলিত বৰ্ষৰ ডিচেম্বৰ পাইছেগৈ । নির্মাণ বায়ো ৮১৮ কোটিৰ পৰা ৮৮৭ কোটি হৈছেগৈ ৷
একেদৰে মৰাণ বাইপাছৰ পৰা বগীবিললৈকে নিৰ্মাণ কৰি থকা ফ’ৰলেনৰ কাম ২০২১ চনৰ ডিচেম্বৰত সম্পূৰ্ণ হ'ব লাগিছিল যদিও এতিয়াও সম্পূৰ্ণ হোৱা নাই । এই প্ৰকল্পটোৰ নিৰ্মাণ ব্যয়ো ২৫২ কোটিৰ পৰা বৃদ্ধি পাইছে ৩৩০.৩০ কোটি টকালৈ । একেদৰে ডিমৌৰ পৰা মৰাণ বাইপাছলৈকে নিৰ্মাণ কৰা ফ’ৰলেনৰ কাম ২০১৬ চনৰ জানুৱাৰীত সমাপ্ত হ'ব লাগিছিল যদিও এতিয়া ২০২৪ চনৰ জুলাই মাহ নিৰ্ধাৰণ কৰা হৈছে । এই প্ৰকল্পটো সৰ্বাধিক ১০২ মাহ পিছুৱাই গৈছে ।
সেইদৰে বিশ্বনাথ চাৰিআলি বাইপাছৰ পৰা গহপুৰলৈ নিৰ্মাণ কৰা ফ’ৰলেন পথ প্ৰকল্পৰকামো নিৰ্ধাৰিত সময়তকৈ ৯৪ মাহ পলম হৈছে । এই প্ৰকল্পটো ২০১৬ চনৰ জানুৱাৰীত সমাপ্ত হ'ব লাগিছিল যদিও এতিয়া নতুন সময় চলিত বৰ্ষৰ নৱেম্বৰ ধার্য কৰা হৈছে ।
আনহাতে, নুমলীগড়-যোৰহাটৰ মাজৰ ফ’ৰলেনৰ কামো ইতিমধ্যে ৬৪ মাহ পলম হৈছে । ২০১৮ চনতে সমাপ্ত হ'ব লগীয়া এই প্ৰকল্পৰ নিৰ্মাণ ব্যয়ো ৪৫৪.৮৯ কোটিৰ পৰা বৃদ্ধি পাই ৮১৪.৫৬ কোটি টকা হৈছে । উল্লেখ্য যে, অসমত নির্মাণকার্য চলি থকা প্ৰকল্পসমূহৰ কাম অতি লেহেম গতিত চলি থকাৰ বাবে নির্মাণ ব্যয় বৃদ্ধি পোৱাৰ উপৰি নানান সমস্যাৰো সৃষ্টি হৈছে । কিন্তু এই সমস্যাৰ প্ৰতি চৰকাৰৰ কোনো গুৰুত্ব নাই ।
লগতে পঢ়ক : Protest in Majuli : দৰিয়া দলঙৰ মেৰামতিৰ দাবীত মাজুলী কমলাবাৰীত উত্তপ্ত পৰিস্থিতি