ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ মহা-অভিযোগ উত্থাপন - বিজেপি

দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ৮৪ টা বিষয়ত বিজেপিৰ বিৰুদ্ধে মহা-অভিযোগ উত্থাপন কৰে। মহা-অভিযোগ সন্দৰ্ভত প্ৰকাশ কৰা এখন পুস্তিকা সংবাদমেলত উন্মোচন কৰে। 'বিজেপিৰ বিৰুদ্ধে মহা-অভিযোগ' শীৰ্ষক পুস্তিকাখনত সোণোৱাল চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালৰ মিছা প্ৰতিশ্ৰুতি আৰু বঞ্চনা-প্ৰতাৰণাৰ সৱিশেষ উল্লেখ কৰা হৈছে বুলি সিঙে প্ৰকাশ কৰে ৷

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ মহা-অভিযোগ উত্থাপন

author img

By

Published : Mar 14, 2021, 1:17 PM IST

গুৱাহাটী,১৪ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ প্ৰাকঃমূহুৰ্তত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিৰুদ্ধে মহা-অভিযোগনামা দাখিল কৰিলে কংগ্ৰেছে। দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ৮৪ টা বিষয়ত বিজেপিৰ বিৰুদ্ধে মহা-অভিযোগ উত্থাপন কৰে। মহা-অভিযোগ সন্দৰ্ভত প্ৰকাশ কৰা এখন পুস্তিকা সংবাদমেলত উন্মোচন কৰে। 'বিজেপিৰ বিৰুদ্ধে মহা-অভিযোগ' শীৰ্ষক পুস্তিকাখনত সোণোৱাল চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালৰ মিছা প্ৰতিশ্ৰুতি আৰু বঞ্চনা-প্ৰতাৰণাৰ সৱিশেষ উল্লেখ কৰা হৈছে বুলি সিঙে প্ৰকাশ কৰে ৷

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ মহা-অভিযোগ উত্থাপন

সংবাদমেলত জিতেন্দ্ৰ সিঙে কয়, জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ কথা কোৱা বিজেপি চৰকাৰে ইয়াৰ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিলে। নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিলে। সোণোৱাল চৰকাৰ ৰিমৰ্ট ক'ণ্ট্ৰলত চলা চৰকাৰ। দিল্লীৰ পৰা নিয়ন্ত্রণ হৈ আহিছে সোণোৱাল চৰকাৰ। ৰাইজক দিয়‍া এটাও প্ৰতিশ্ৰুতি এইখন চৰকাৰে পূৰণ নকৰিলে। অসমৰ মান-সন্ম‍ানৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃজ‍াতিক বিমানবন্দৰ আদাৱানীক লিজত দিলে। সেইদৰে আসমৰ প্ৰায়বোৰ সম্পদ ব্যক্তিগত খণ্ডক গট‍ালে।'

সোণোৱাল চৰকাৰক চিণ্ডিকেটৰ চৰকাৰ আখ্যা দি তেওঁ কয়, অসমত সকলো সামগ্ৰীতে মাফিয়া টেক্স লোৱা হয়। অসমত দুজন মুখ্যমন্ত্রী আছে। এজন মুখ্যমন্ত্রী আৰু এজন চুপাৰ মুখ্যমন্ত্রী। দুজনৰে নিজৰ নিজৰ এলেকা আছে আৰু দুয়োজনে নিজৰ নিজৰ এলেকাত চিণ্ডিকেট চলায়। বিদেশী খেদাৰ কথা কোৱা বিজেপি চৰকাৰে ২০১৮-১৯ বৰ্ষত মাত্র ৫০ জন বিদেশী পঠিয়াবলৈ সক্ষম হৈছে।'

ইয়াৰ লগতে সংবাদমেলত সাংসদ আব্দুল খালেকে কয় যে, সোণোৱাল চৰকাৰে পাঁচ বছৰত ঠগ-প্ৰবঞ্চনাৰ বাহিৰে অসমৰ ৰাইজক একোৱে নিদিলে। আনহাতে, পাঞ্জাৱৰ স‍াংসদ যশবীৰ সিং গীলে বিজেপি চৰকাৰৰ কৃষক বিৰোধী নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে। উল্লেখ্য যে, সংবাদমেলত কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে।

লগতে পঢ়ক: অগপৰ হাতীয়ে চাবুৱাত বিজেপিৰ ঘৰ বাৰীহে ভাঙিলে: অজয় ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.