ETV Bharat / state

Loksabha election 2023 : শাসনৰ গাদী দখলৰ লক্ষ্যৰে কংগ্ৰেছ দলে সাজু কৰিছে নিৰ্বাচনী ৰণনীতি - Opposition party ready to defeat BJP

বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যৰে বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টা কংগ্ৰেছৰ । বিগত বিধানসভা নিৰ্বাচনৰ দৰে পুনৰ বিৰোধী শক্তিক একত্ৰিত কৰি নিৰ্বাচনী যুঁজত নামিবলৈ সাজু হৈছে কংগ্ৰেছ । এইবাৰ নাথাকে এ আই ইউ ডি এফ (Congress AIUDF alliance) ।

Loksabha election 2023
শাসনৰ গাদী দখলৰ লক্ষ্যৰে সাজু কংগ্ৰেছ দল
author img

By

Published : Apr 21, 2023, 2:15 PM IST

গুৱাহাটী, 21 এপ্ৰিল: বিজেপিক প্ৰতিহত কৰাৰ বাবে বিৰোধী দলসমূহ ঐক্যবদ্ধ হোৱাৰ বাহিৰে যে কোনো বিকল্প নাই- এই কথা ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ভালদৰে উপলব্ধি কৰিছে আৰু যাৰ বাবে বিৰোধীক ঐক্যৱদ্ধ কৰাৰ দিশত অগ্ৰসৰ হৈছে কংগ্ৰেছ দল । উল্লেখ্য যে ২০১৬ চনৰ পৰা আৰম্ভ হোৱা পৰাজয়ৰ যাত্রাত যেন বিধ্বস্ত হৈ পৰিছে কংগ্ৰেছ । ১৫ বছৰ শাসনত থকা কংগ্ৰেছে এটাৰ পাছত আনটোকৈ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মূখীন হৈ আহিছে । সেয়ে কংগ্ৰেছে আৰু পৰাজয়ৰ মুখ দেখিব বিচৰা নাই (Congress strategy for loksabha election 2023) ।

সেয়ে বিগত বিধানসভা নিৰ্বাচনৰ দৰে পুনৰ বিৰোধী শক্তিক একত্ৰিত কৰিবলৈ সাজু হৈছে কংগ্ৰেছ । ইয়াৰ বাবে মে' মাহৰ মাজভাগত বিৰোধী দলসমূহক লৈ এক সন্মিলন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে কংগ্ৰেছ দল । বিগত সময়চোৱাত প্ৰতিটো নিৰ্বাচনতে মুখ থেকেচা খাইছে কংগ্ৰেছ দলে । ইফালে নিৰ্বাচনী পৰাজয়ত ধৰাশায়ী হোৱা কংগ্ৰেছত বিসম্বাদো তীব্ৰতৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে । বহু নেতা, আনকি বিধায়কেও কংগ্ৰেছত ৰাজনৈতিক ভৱিষ্যত নেদেখি দল ত্যাগ কৰিছে (Loksabha election 2023) ।

Loksabha election 2023
শাসনৰ গাদী দখলৰ লক্ষ্যৰে সাজু কংগ্ৰেছ দল

সকলো দিশৰ পৰা বিপৰ্যয়ৰ সন্মূখীন হোৱা দলটোক মজবুত কৰি ৰখাৰ বাবে ৰাজ্যিক সভাপতি ভূপেন বৰাই যথাসম্ভৱ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে । বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ বাবে তেওঁ বিশেষ উদ্যোগ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে । ২০২১ চনৰ আৰ্হিত আকৌ বিৰোধী দলসমূহক একত্ৰিত কৰিবলৈ সাজু হৈছে কংগ্ৰেছ । ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বত এঘাৰটা দল একলগ হৈছে বুলি জানিবলৈ পৰা গৈছে (congress alliance for Loksabha election 2023) ।

বিজেপিক প্ৰতিহত কৰাটোৱেই মূল লক্ষ্য হিচাবে আগত ৰাখি ১০ মে'ৰ পিছত বিৰোধী দলসমূহক লৈ কংগ্ৰেছে দলে এক সন্মিলন অনুষ্ঠিত কৰিব বুলি জানিবলৈ পৰা গৈছে । অৱশ্যে এই ঐক্যমঞ্চত নাথাকিব এআইইউডিএফ দল । কাৰণ বিৰোধী কোনো এটা দলেই এআইইউডিএফক নিবিচাৰে আৰু সকলোৱে এআইইউডি এফক বিজেপিৰ 'বি টিম' বুলি আখ্যা দিছে । কংগ্ৰেছৰ একাংশ নেতাই এআইইউডিএফৰে মিত্রতা বিচাৰে যদিও দলে নিবিচাৰে ।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ স্পষ্ট মত যে কোনো কাৰণতে আৰু কোনো পৰিস্থিতিতে এআইইউডিএফৰে মিত্রতা সম্ভৱ নহয় । উল্লেখ্য যে চলিত মাহৰ শেষৰ ভাগত গুৱাহাটীলৈ আহিব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ৷ জিতেন্দ্ৰ সিঙৰ উপস্থিতিতে বিৰোধী দলসমূহক লৈ কংগ্ৰেছে সন্মিলন অনুষ্ঠিত কৰিব (Assam Pradesh Congress Committee president) ।

লগতে পঢ়ক : Elephant trafficking : দল-সংগঠনৰ নেতৃত্বক সকীয়নি প্ৰদান কৰি গুজৰাটলৈ লৈ যোৱা হ’ল অৰ্ধশতাধিক হাতী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.