ETV Bharat / state

বিধানসভা অধিবেশনৰ তৃতীয়দিনা কংগ্ৰছৰ সদন ত্যাগ

author img

By

Published : Sep 14, 2022, 4:33 PM IST

পৰিপূৰক প্ৰশ্নৰ সন্দৰ্ভত কংগ্ৰেছৰ বিধায়কসকলে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে (Congress MLAs protest over supplementary questions) । পিছত কংগ্ৰেছৰ বিধায়কসকলে অধিবেশন চলি থকাৰ মাজতে সদন ত্যাগ কৰে (Congress walk out from Assam Assembly) ।

Assam Assembly
Assam Assembly

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বৰ্ষাকালীন অধিবেশন (Assam Assembly Autumn session) । বুধবাৰে প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় বিধানসভাৰ বৰ্ষাকালীন অধিবেশনৰ তৃতীয়টো দিন । বিধানসভাৰ বৰ্ষাকালীন অধিবেশনৰ তৃতীয়টো দিনত পুৱা প্ৰশ্নোত্তৰ শিতান চলি থকাৰ সময়তে বিৰোধী বিধায়কসকলে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ।

পৰিপূৰক প্ৰশ্নৰ সন্দৰ্ভত কংগ্ৰেছৰ বিধায়কসকলে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে (Congress MLAs protest over supplementary questions) । পিছত কংগ্ৰেছৰ বিধায়কসকলে অধিবেশন চলি থকাৰ মাজতে সদন ত্যাগ কৰে (Congress walk out from Assam Assembly) । সদন ত্যাগ কৰা সন্দৰ্ভত কংগ্ৰছৰ বিধায়নী দলৰ দলপতি দেৱব্ৰত শইকীয়াই (Congress legislature party leader Debabrata Saikia) কয় যে বিধানসভাত প্ৰশ্নোত্তৰ ঘণ্টাত কংগ্ৰেছৰ বিধায়কসকলক বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পৰিপূৰক প্ৰশ্ন সোধাৰ বাবে বাধা প্ৰদান কৰিছে (Assam Assembly speaker Biswajit Doimari) ।

যাৰ বাবে কংগ্ৰেছৰ বিধায়কসকলে অধিবেশন চলি থকাৰ মাজতে সদন ত্যাগ কৰে । তেওঁ কয়, "যিজন বিধায়কৰ প্ৰশ্ন থাকিব তেওঁ সদনৰ ভিতৰত থাকিব । বাকীসকলে সদন ত্যাগ কৰি বাহিৰত থাকিব । যেতিয়ালৈকে বিধায়কসকলক সদনত এটাকৈ পৰিপূৰক প্ৰশ্ন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সুধিবলৈ নিদিয়ে তেতিয়ালৈকে কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰি থাকিব (Congress MLAs alleged against Assembly Speaker) ।"

ইপিনে পুৱা বিৰোধী বিধায়কসকলৰ প্ৰশ্নৰ উত্তৰ সঠিকভাৱে নিদিয়া বুলি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । অখিল গগৈয়ে শিৱসাগৰ জিলাত চৰকাৰী স্কুল বন্ধ কৰাক লৈ সদনত প্ৰশ্ন উত্থাপন কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । পিছত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক সদনত বিধায়কৰ ভূমিকা পালনৰ বাবে সকীয়নি দিয়ে ।

অৱশেষত বিধানসভাৰ নিয়ম ভংগ কৰাৰ অভিযোগত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক প্ৰশ্নোত্তৰ শিতানৰ সময়ছোৱাৰ বাবে সদনৰ পৰা নিলম্বন কৰে (Akhil Gogoi suspended from Assembly session) ।

লগতে পঢ়ক :বিধানসভাৰ অধিৱেশনৰ পৰা বিধায়ক অখিল গগৈক নিলম্বন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.