গুৱাহাটী,31 মাৰ্চ: মন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে গোচৰ ৰুজু কৰি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাহিৰত ৰখাৰ দাবী জনাইছে কংগ্ৰেছে ৷ মঙলবাৰে এই দাবী উত্থাপন কৰি কংগ্ৰেছৰ এটা শীৰ্ষ দলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ ওচৰত অভিযোগ পত্র দাখিল কৰে ৷

উল্লেখ্য যে, মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক জেললৈ প্ৰেৰণ কৰাৰ কথা ৰাজহুৱাকৈ কৈ নিয়া-ৰ তদন্তৰ আওতালৈ অনাৰ কথা কৈছিল ৷ হাগ্ৰামাৰ বিৰুদ্ধে তেওঁৰ হাতত যথেষ্ট তথ্য থকাৰ কথাও সদৰী কৰিছিল ৷

মন্ত্রীগৰাকীৰ ভাবুকি স্বৰূপ বক্তব্যক সহজভাৱে লোৱা নাই বিৰোধী দল কংগ্ৰেছে ৷ কংগ্ৰেছে বিপিএফৰ মুৰব্বী গৰাকীৰ পক্ষত থিয় দি মঙলবাৰে গুৱাহাটীত প্ৰতিক্ৰিয়া প্ৰকাশৰ পাছতে দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ এটা দলে মুখ্য নিৰ্বাচন আয়ুক্তক এক অভিযোগ পত্র দাখিল কৰে ৷

অভিযোগ পত্র যোগে কংগ্ৰেছে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্বক অযোগ্য ঘোষণা কৰাৰ দাবী জনোৱাৰ লগতে মন্ত্রী শৰ্মাক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰা আঁতৰত ৰখাৰ দাবী জনায় ৷ তদুপৰি মন্ত্রীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰো দাবী জনোৱা হয় ৷ উল্লেখ্য যে, বিজেপিৰ এক বিজ্ঞাপনক সন্দৰ্ভতো কংগ্ৰেছে আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷
লগতে পঢ়ক: মন্ত্ৰিত্বৰ প্ৰসংগ: আজমল জাকিৰ হুছেইন শিকদাৰৰ হাইকামাণ্ড নহয়