গুৱাহাটী, ২৯ জুন: 'ক'ভিড-১৯ ৰ ক্ষেত্ৰত চৰকাৰ অধিক সচেতন হোৱা প্ৰয়োজন । চৰকাৰে লোৱা ভূমিকাত আমি শংকিত । প্ৰতিদিনে তিনি লাখ লোকক ভেকচিন দিয়া হ'ব বুলি ঘোষণা কৰা চৰকাৰখনে সোমবাৰে বাৰ হাজাৰ লোককহে ভেকচিন দিব পাৰিলে । ইফালে সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য মতে ৫০ শতাংশ ভেকচিন কেয়াৰ চেন্টাৰ (Vaccine care centre) বন্ধ হৈ পৰিছে'-এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ।
মঙলবাৰে এক বিবৃতি যোগে প্ৰদেশ কংগ্ৰেছৰ (Assam Pradesh Congress) মুখপাত্র বসন্ত শৰ্মাই কয় যে সর্বত্রে ভেকচিনৰ (Vaccine) খেলিমেলি পোহৰলৈ আহি আছে । আনহাতে ভেকচিন ল'বলৈ কেন্দ্ৰ সমূহলৈ অহা লোকক চৰকাৰখনে ভেকচিন দিব নোৱাৰি প্ৰশাসনৰ হতুৱাই আৰক্ষীৰ দ্বাৰা খেদি পঠাইছে বুলিও তেওঁ অভিযোগ কৰে । তেওঁ উল্লেখ কৰা মতে শিলচৰ, লামডিং আদি ঠাইত আৰক্ষীয়ে লাঠী চাৰ্জ কৰিছে । সেয়ে এই কাৰ্যক কংগ্ৰেছ দলে গৰিহণা দিছে ।
বিবৃতিত লগতে কোৱা হৈছে যে নীতি আয়োগৰ (NITI Aayog) প্ৰতিবেদনত অসমৰ স্বাস্থ্য খণ্ডৰ নিম্ন মানদণ্ডৰ তথ্য উন্মোচন হোৱাৰ পাছতো চৰকাৰে এই খণ্ডত উন্নয়নৰ কি পদক্ষেপ ল'লে । সেয়া প্ৰকাশ কৰি জনতাক আশ্বস্ত কৰিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ । ক'ভিডৰ তৃতীয় ঢৌৰ (Covid Third wave) কথা প্ৰচাৰ হৈ থকা সময়ত অসমত এতিয়াও কিয় ভেকচিন দিয়াৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ লোৱা হোৱা নাই সেয়া চৰকাৰক স্পষ্ট কৰিবলৈও দাবী জনায় কংগ্ৰেছে ।
উল্লেখ্য যে প্ৰতিদিনে ক'ভিড-১৯ ত মানুহৰ মৃত্যু হৈ থকাৰ সময়তে যোৱা ২৮ জুনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) ১২ জন ক'ভিডত আক্ৰান্ত লোকৰ মৃত্যু হয় । সততে হাস্পতালত চাডেন ভিজিট (Sudden visit) দিয়া মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে এতিয়ালৈকে ক'ভিড-১৯ ৰ ক্ষেত্ৰত স্বাস্থ্য খণ্ডক সক্ৰিয় কৰিব নোৱাৰাটো অতি পৰিতাপৰ আৰু লজ্জাজনক বিষয় হৈ পৰিছে বুলিও চৰকাৰক সমালোচনা কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে । দেশৰ পাঁচখন উন্নত ৰাজ্যৰ তালিকাত অসমৰ নাম তালিকাভুক্ত কৰিব বিচৰা মুখ্যমন্ত্ৰীয়ে প্ৰথমে স্বাস্থ্য খণ্ডৰ সঁচা উন্নয়ন সাধন কৰক আৰু নিজে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক বুলিও দাবী উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছে ।
লগতে পঢ়ক : জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্রীয়ে ?