গুৱাহাটী, ২৯ মে': নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দি এতিয়া দৈনিক মজুৰি মাত্ৰ ২০৫ টকালৈ বৃদ্ধি কৰা কাৰ্যত প্ৰদেশ কংগ্রেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে এক বিবৃতি যোগে কয় যে, পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫০ টকাকৈ বৃদ্ধি কৰি ২১৭ টকা কৰাৰ বাবে অধিসূচনা জাৰি কৰিছিল ।
কিন্তু এতিয়া আগৰ অধিসূচনা বাতিল কৰি চৰকাৰে মাত্ৰ ৩৮ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে । কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ ৬ ঘণ্টাৰ ভিতৰতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰাৰ গেৰাণ্টি দিছিল । সেইফালৰ পৰা লক্ষ্য কৰিলে, প্ৰতিজন চাহ শ্ৰমিকৰ দৈনিক ১৬০ টকা লোকচান হৈছে । বিবৃতিটোত উল্লেখ কৰা হৈছে যে, যদি মাহিলী হিচাপ কৰি চোৱা যায় তেন্তে প্ৰতিজন চাহ শ্ৰমিকৰ মাহে ৪,৫০০ টকাকৈ লোকচান হ'ব ।
যিটো হিচাপত বছৰেকত প্ৰতিগৰাকী চাহ শ্ৰমিকে ৫৪,০০০ টকা লোকচান ভৰিব লাগিব । জিতেন্দ্ৰ সিঙে বিবৃতি যোগে লগতে কয়, "যদি আমি ৫ বছৰৰ হিচাপ কৰি চাওঁ, তেন্তে প্ৰতিজন চাহ শ্ৰমিকে প্ৰায় ২,৭০,০০০ টকাৰ লোকচানৰ সন্মুখীন হ'ব । যদি এটা পৰিয়ালৰ ৪ জন লোকে চাহ শ্ৰমিক হিচাপে নিয়োজিত হৈ থাকে, তেন্তে প্ৰতিদিনে সেই পৰিয়ালটোৰ ৬৪০ টকাৰ লোকচান হ'ব । পৰিয়ালটোৱে অহা ৫ বছৰত প্ৰায় ১০,৮০,০০০ টকাৰ লোকচানৰ সন্মুখীন হ'ব" ।
বিবৃতিটোত উল্লেখ কৰা মতে, কংগ্রেছ দলে আজি অনুভৱ কৰিছে যে বিজেপি দলক ভোট দিয়াৰ দৰে এটা ভুলৰ বাবে বিজেপি চৰকাৰে চাহ শ্ৰমিকক এয়া নিৰ্মম উপহাৰ দিছে । ইয়াত কোনো সন্দেহ নাই যে, বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিত বিশ্বাস কৰি সহজ-সৰল চাহ শ্ৰমিকসকলে মোক্ষম আঘাত পাইছে ।
কংগ্রেছ দলে অনুভৱ কৰে যে, এয়া সৰ্বসাধাৰণ ৰাইজৰ বাবে বিজেপিৰ আচল স্বৰূপ বুজিবলৈ নিশ্চিতভাৱে এক পাঠ হৈ ৰ'ব ।' উল্লেখ্য যে, কংগ্ৰেছ দলে পাঁচটা গেৰাণ্টি লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম নহ'ল ।
লগতে পঢ়ক:নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ যিকোনো পন্থা অৱলম্বন কৰিব আনন্দ মিশ্ৰই