গুৱাহাটী,27 জুলাই: ৰাজ্যৰ বিৰোধী দল কংগ্ৰেছে সোমবাৰে মহানগৰীৰ গুৱাহাটী ক্লাৱত অনুষ্ঠিত কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ বিৰোধী সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত দলটোৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।
উল্লেখ্য যে,ৰাজস্থানত বিজেপি দলে কংগ্ৰেছ চৰকাৰ ভংগ কৰাৰ বিৰুদ্ধে উত্থাপিত ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে মূলতঃ এই প্ৰতিবাদ সাব্যস্ত কৰে । কংগ্ৰেছ শাসনাধীন ভাৰতৰ ৰাজ্য সমূহত বিজেপিয়ে ষড়যন্ত্ৰমূলকভাৱে চৰকাৰ ভংগ কৰি বিজেপি চৰকাৰ গঠনৰ গভীৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই । বিজেপিয়ে সংবিধানৰ অৱমাননা আৰু ৰাজ্যপালৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰে কংগ্ৰেছে ৷
ইফালে,ৰিপুণ বৰাই ৰাজস্থানৰ ৰাজ্যপালকো সমালোচনা কৰি পদমৰ্যদাৰ অপব্যৱহাৰ কৰিছে বুলি প্ৰকাশ কৰে ৷ ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপালক বিধানসভা আহ্বান কৰিবলৈ দাবী জনোৱাৰ পিছতো ৰাজ্যপালে বিধানসভা আহ্বান নকৰি বিজেপি দলক বিধায়ক কিনিবলৈ সুবিধা প্ৰদান কৰিছে বুলিও কয় বিৰোধী দলৰ সভাপতিগৰাকীয়ে ৷ ৰাজস্থানত বিজেপিয়ে বিধায়ক কিনা-বেচা কৰি চৰকাৰ গঠনৰ চেষ্টা চলাই থকাৰ অভিযোগত কংগ্ৰেছে দেশজুৰি সোমবাৰে প্ৰতিবাদী দিৱস পালনেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে চাওকঃ সুখবৰ: লাওখোৱা অভয়াৰণ্যত বাঘৰ সফল প্ৰজনন