ETV Bharat / state

বাজেট সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া : লাগিছিল ষ্টেৰয়’ড,দিলে পেৰাচিটামল

author img

By

Published : Feb 1, 2021, 7:25 PM IST

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে সংসদত দাখিল কৰা বাজেটক ‘ফোঁপোলা বাজেট’ আখ্যা প্ৰদেশ কংগ্ৰেছৰ ৷ বিত্তমন্ত্ৰীয়ে বাজেটত ষ্টেৰয়’ডৰ পৰিৱৰ্তে পেৰাচিটামল দিয়েই দায়িত্ব সামৰিলে বুলি সংবাদমেলযোগে মন্তব্য কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

congress pressmeet
বাজেট সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 1 ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে সংসদত দাখিল কৰা বাজেটক লৈ মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছে ৷ বাজেট দাখিলৰ অন্তত গুৱাহাটীস্থিত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি এই বাজেটক এখন ‘ফোঁপোলা বাজেট’ আখ্যা দিয়ে কংগ্ৰেছ দলে ।

সংবাদমেলযোগে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, ক'ভিডৰ পাচত দেশৰ অৰ্থনীতিৰ স্বাস্থ্য পুনৰ টনকিয়াল কৰি তুলিবলৈ প্ৰয়োজন আছিল ষ্টেৰয়’ডৰ । কিন্তু বিত্তমন্ত্ৰীয়ে বাজেটত পেৰাচিটামল দিয়েই দায়িত্ব সামৰিলে ।

বাজেট সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

বিৰোধী দলপতিগৰাকীয়ে কয় যে, ভাৰতৰ জিডিপি 2020 চনৰ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত 23.9 শতাংশ হ্ৰাস পাইছিল । আৰ্থিক সমীক্ষা অনুসৰি, দেশৰ Gross Value Added (GVA) 2021-21 বৰ্ষত 3.9 শতাংশৰ বিপৰীতে 7.2 শতাংশলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ।

উক্ত বাজেটত অসমৰ প্ৰতি বৈষম্য কৰা হৈছে বুলি মন্তব্য কৰি দেৱব্ৰত শইকীয়াই আৰু কয় যে, অসমৰ চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে বাজেটত 1000 কোটি টকা ঘোষণা কৰা হৈছে । মোদী চৰকাৰ ঘোষণাত পাৰ্গত । কিন্তু ৰূপায়নতহে একেবাৰে দুৰ্বল । চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি 351 টকা কৰা হ’ব বুলি মোদী চৰকাৰে ঘোষণা কৰিছিল । কিন্তু সেই ঘোষণা আজিও কাৰ্যকৰী নহ’ল ।

বাজেট সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

অসমৰ কাগজ কল কেইটা আজিও জীয়াই নুঠিল । অসমৰ 850 খন চাহ বাগিছাত কমেও 12 হাজাৰ লেবাৰ লাইন আছে । বিগত পাঁচ বছৰত বিজেপি চৰকাৰে ইয়াৰে মাত্ৰ 650 টা মানহে লেবাৰ লাইনৰ উন্নয়ন কৰিছে । বিৰোধী দলপতি গৰাকীয়ে কয় যে, চলিত বৰ্ষৰ 29 জানুৱাৰীত প্ৰকাশিত অৰ্থনৈতিক সমীক্ষাত অসমৰ আৰ্থিক অৱস্থা সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য লুকুওৱা হৈছে । চলিত বিত্তীয় বৰ্ষত অসমে পাবলগীয়া কেন্দ্ৰীয় কৰৰ অংশৰ 40 শতাংশ আজি পৰ্যন্ত দিল্লীয়ে মোকলাই দিয়া নাই বুলিও অভিযোগ উত্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

লগতে পঢ়ক : বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ CIIৰ অধ্যক্ষ অভিজিত বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.