ETV Bharat / state

বিজেপিৰ বিজ্ঞাপনত মুখ্য নিৰ্বাচনী বিষয়াৰ পক্ষপাত: কংগ্ৰেছ

author img

By

Published : Mar 28, 2021, 10:39 PM IST

‘উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ নিশ্চিত জয়’- এইটো এটা বাতৰিৰ শিৰোনাম । এই বিজ্ঞাপনটো দিয়াৰ পূৰ্বে সংশ্লিষ্ট কাকত গোষ্ঠীয়ে এইটো চাব লাগিছিল যে ইয়াৰ দ্বাৰা নিৰ্বাচনী আচৰণ বিধি উলংঘা হ’ব। নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়ত মুখ্য নিৰ্বাচনী বিষয়াই সম্পূৰ্ণ পক্ষপাতমূলক আচৰণ কৰি বিজেপিক সহায় কৰিছে । দেওবাৰে এক সংবাদমেলযোগে বাতৰি কাকতত প্ৰকাশিত বিজেপিৰ এটা বিজ্ঞাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছে ৷

congress-pressmeet
কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী,28 মাৰ্চ : অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত দেওবাৰে প্ৰকাশিত বিজেপিৰ এটা বিজ্ঞাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলে । কাকতৰ শিৰোনামত বাতৰি আৰ্হিত প্ৰকাশ কৰা বিজেপিৰ বিজ্ঞাপনটোৱে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে । এইক্ষেত্ৰত কংগ্ৰেছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ভূমিকাক লৈ সন্দেহৰ আঙুলি টোৱাইছে । লগতে তেওঁ পক্ষপাতমূলক আচৰণ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে । ইতিমধ্যে এই বিষয়টো সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ আইনী বিভাগৰ তৰফৰ পৰা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰা হয় ।

বিষয়টো সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে গুৱাহাটী স্থিত ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে কয় যে,‘‘ফাকুৱাৰ সময়ত ধেমালি কৰাৰ এটা পৰম্পৰা আছে । সেই পৰম্পৰাৰে বিজেপিয়ে বাতৰি কাক যোগে ধেমালি কৰিলে যদিও ফাকুৱা বুলি ধেমালি কৰাৰ কথা উল্লেখ নকৰিলে । তেওঁলোকে তেওঁলোকৰ কৰ্মকৰ্তাক ধন্যবাদ দিয়াৰ কথা কৈছে । কিন্তু তেওঁলোকে দল গঠন কৰা লাল কৃষ্ণ আদৱানী নাইবা মুৰলী মনোহৰ যোশীক কেতিয়াও ধন্যবাদ নিদিলে’’ ।

কংগ্ৰেছৰ সংবাদমেল

লগতে তেওঁ কয় যে, ‘‘তেওঁলোকে ‘উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ নিশ্চিত জয়’ বুলি লিখিছে । তেওঁলোকে ইমানদিনে মুখেৰে কৈ থকা ‘ঝুমলা’ক এইবাৰ লিখিত ৰূপ দিলে । কিন্তু এনেধৰণৰ বিভ্ৰান্তিকৰ ঝুমলাবাজীৰে তেওঁলোকে ভোটাৰ ৰাইজৰ উপলুঙা কৰিলে । ভোটাৰ ৰাইজে এনেধৰণৰ উপলুঙা-অপমান তথা ধেমালি কেতিয়াও সহ্য নকৰে । ইয়াৰ প্ৰত্যুত্তৰ বিজেপিয়ে নিশ্চয় পাব । এনেধৰণৰ মিছা প্ৰচাৰেৰে ভোটাৰক নিজৰ অধীন কৰিম বুলি ভাবিলে বিজেপিয়ে ভুল কৰা হ’ব । বিজেপিয়ে নিৰ্বাচনী ‍আচৰণ বিধি উলংঘা কৰা বিষয়টোক লৈ আইনী প্ৰক্ৰিয়াৰে যোৱা হ’ব’’ ।

উক্ত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ আইনী বিভাগৰ অধ্যক্ষ অধিবক্তা নিৰেণ বৰাই কয় যে, ‘‘আজি অসমৰ কেইবাখনো বাতৰি কাকতত বিজেপিৰ এটা বিজ্ঞাপন বাতৰি আকাৰে প্ৰকাশ পাইছে । বিজ্ঞাপন এটা প্ৰকাশ কৰাৰ পূৰ্বে কিছুমান নিয়ম ৰাজনৈতিক দল, মুখ্য নিৰ্বাচনী বিষয়া আৰু কাকত গোষ্ঠীয়ে মানি চলিব লাগে । বিজেপিৰ বাতৰি আকাৰে প্ৰকাশ পোৱা বিজ্ঞাপনটো যদি মুখ্য নিৰ্বাচনী বিষয়াৰ অনুমতি সাপেক্ষে দিয়া হৈছে, তেন্তে এইক্ষেত্ৰত আমাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ প্ৰতি সন্দেহ আছে । নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকাৰ সময়ত তেওঁ নিকা-স্বচ্ছত‍া অৱলম্বন কৰা নাই । তেওঁ সম্পূৰ্ণ পক্ষপাতমূলক আচৰণ কৰি বিজেপিক সহায় কৰিছে ।

ইয়াৰোপৰি তেওঁ কয় যে, ‘‘উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ নিশ্চিত জয়- এইটো এটা বাতৰিৰ শিৰোনাম । এই বিজ্ঞাপনটো দিয়াৰ পূৰ্বে সংশ্লিষ্ট কাকত গোষ্ঠীয়েও এইটো চাব লাগিছিল যে ইয়াৰ দ্বাৰা নিৰ্বাচনী আচৰণ বিধি উলংঘা হ’ব । নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা এই বিজ্ঞাপনটোক লৈ আমি দেশৰ নিৰ্বাচনী আয়োগ আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছো । আমি বিষয়টোৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো । লগতে বাকী দুটা পৰ্যায়ৰ নিৰ্বাচন স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এনেধৰণৰ বিশেষজ্ঞ প্ৰকাশত বাধা প্ৰদানৰ দাবী জনাইছো’’ ।

উল্লেখ্য যে, বিজ্ঞাপনযোগে বিজেপিয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ প্ৰসংগক লৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ দলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰি অভিযোগ দিব বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : চেঙা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰবিউল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.