ETV Bharat / state

মন্ত্ৰী হিমন্তক নিৰ্বাচন খেলাৰ ক্ষেত্রত অযোগ্য ঘোষণাৰ দাবী কংগ্ৰেছৰ

author img

By

Published : Mar 30, 2021, 10:02 PM IST

গুৱাহাটীৰ ৰাজীৱ ভৱনত মঙলবাৰে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভৰ ঘোষণা- সাৰদা আৰু লুইচ ৱাৰ্জাৰ কেলেংকাৰীৰ পুনৰ তদন্ত হ'ব । তদন্ত হ'ব ক'ভিড-19ৰ নামত হোৱা কেলেকাৰীৰ । হতাশ-নিৰাশ হিমন্ত বিশ্ব শৰ্মাই ভয়-ভাবুকিৰ ৰাজনীতিত নামিছে ।

congress pressmeet
কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী,30 মাৰ্চ: মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে ৷ সংবাদমেলযোগে তেওঁ কয় যে, কংগ্ৰেছৰ চৰকাৰ অহাৰ লগে লগে সাৰদা কেলেংকাৰী, লুইচ ৱাৰ্জাৰ কেলেংকাৰীৰ লগতে মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ডৰ গোচৰৰ পুনৰ তদন্ত কৰা হ'ব । লগতে টোলগেটৰ আঁৰত থকা লোকৰ মুখা খুলি দিয়া হ'ব । সম্পূৰ্ণ নিৰপেক্ষভাৱে তদন্ত কৰি দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰা হ'ব ।

তেওঁ কয় যে, ‘‘প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰি লোৱা 'গুজৰাটী মামা' হিমন্ত বিশ্ব শৰ্মাই হতাশা আৰু নিৰাশাত ভুগি মুকলিকৈ ভাবুকি তথা ব্লেকমেইলিঙৰ ৰাজনীতি আৰম্ভ কৰিছে । তেওঁ কংগ্ৰেছৰ মিত্ৰদল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক জেললৈ পঠিওৱাৰ কথা কৈছে । কাৰোবাক জেললৈ প্ৰেৰণ কৰাটো আদালতৰ কাম । সেইটো তেওঁৰ অধিকাৰৰ ভিতৰত নপৰে । আনহাতে তেওঁ সন্ত্ৰাসবাদী সংগঠনৰ কথা কৈ তেওঁৰ হাতত বহু তথ্য থকাৰ কথা কৈছে আৰু 'নিয়া'ৰ তদন্তৰ ভাবুকি দিছে’’ ।

বৰ্তমান নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ আছে । আৰক্ষী বিভাগে নিৰ্বাচনী আয়োগৰ অধীনত কাম কৰি আছে । তেনেস্থলত তেওঁ কাৰ পৰা খবৰ পালে বুলি প্ৰশ্ন উত্থাপন কৰে গৌৰৱ বল্লভে । তেওঁ কয় যে, যদি নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হোৱাৰ আগতে তেওঁ তথ্য লাভ কৰিছিল তেন্তে কিয় আৰক্ষীক জনোৱা নাছিল । দুয়োটা দিশৰ পৰাই তেওঁ অপৰাধ কৰিছে । দেশৰ আইন ব্যৱস্থাক লৈ তেওঁ ধেমালি কৰিছে । আমি তেওঁৰ বিৰুদ্ধে অপৰাধৰ গোচৰ তৰাৰ দাবী উত্থাপন কৰিছো । উজনি অসমত কংগ্ৰেছৰ উত্থানকলৈ তেওঁলোক হতাশাগ্ৰস্ত হৈ পৰিছে’’ ।

‘‘আমি কৈছো আমাৰ চৰকাৰ অহাৰ লগে লগে সাৰদা আৰু লুইচ ৱাৰ্জাৰ কেলেংকাৰীৰ পুনৰ তদন্ত হ'ব । টোলগেটসমূহৰ কেলেংকাৰী ৰাজহুৱা কৰা হ'ব । মানবেন্দ্ৰ শৰ্মা হত্যাৰ গোচৰৰ তদন্ত হ'ব । সেইদৰে ক'ভিড-১৯ৰ নামত হোৱা কেলেংকাৰীৰ তদন্ত হ'ব । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকি আৰু ব্লেকমেইলিঙৰ ঘটনা সন্দৰ্ভত দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ এটা দলে নিৰ্বাচন আয়োগত এক লিখিত অভিযোগ দাখিল কৰে । ইয়াৰ প্ৰতিলিপি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক দিয়া হৈছে । আমি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্ব অযোগ্য ঘোষণা কৰাৰ দাবী জনাইছো’’ ।

ইয়াৰোপৰি তেওঁ কয় যে, ‘‘তেওঁৰ নিৰ্বাচনী প্ৰচাৰত বাধা প্ৰদানৰ দাবী জনাইছো । তদুপৰি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী জনাইছো । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিব বিচাৰিছো যে তেওঁ কিহৰ ভিত্তিত এনেদৰে ভাবুকি প্ৰদান কৰিছে । তথ্য যদি আছিল আৰক্ষীক কিয় দিয়া নাছিল । অসমৰ ৰাইজে তেওঁৰ ভয়-ভাবুকিক খাতিৰ নকৰে । তেওঁলোকে মিছা কথা কৈ ভয়-ভাবুকি দেখুৱাই নিৰ্বাচনত জয়ী হ'ব নোৱাৰে’’ । চৰকাৰ কংগ্ৰেছেই গঠন কৰিব বুলি দাবী কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে ৷

লগতে পঢ়ক : শিবু মিশ্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ ললে ড৹ হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.