গুৱাহাটী. 7 ফেব্ৰুৱাৰী : প্রধানমন্ত্ৰী মোডীৰ ভাষণৰ পূৰ্বে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্রীৰ ভাষণ দেখি এনেকুৱা লাগিল যেন পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে অডিচন চলি আছিল । যিদৰে IPL ৰ বাবে অডিচন চলে, ঠিক তেনেদৰে মুখ্যমন্ত্ৰী পদৰ অডিচন দিলে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই । লগতে মোদীৰ ভাষণ শুনি এনে লাগিল যেন তেওঁ অডিচনত কোন পৰৱৰ্তী মুখ্যমন্ত্ৰী প্ৰাৰ্থী হ'ব সেয়া মনে মনে ঠিক কৰিছে । প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি এইদৰেই আক্ৰমনাত্মক হোৱা দেখা গ’ল সাংসদ গৌৰৱ গগৈক ৷ ৰাজীৱ ভৱনত সংবাদমেল আয়োজন কৰি এইদৰে আক্ৰমণ কৰিলে গৌৰৱ গগৈয়ে ৷
উল্লেখ্য যে, দেওবাৰে এদিনীয়া ভ্ৰমণসূচীৰে ঢেকীয়াজুলিত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ঢেকীয়াজুলিৰ জনসভাত অসমবাসীক উদ্দেশ্যী ভাষণ আগবঢ়াইছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাষণ আগবঢ়োৱাৰ পিচতেই তেওঁৰ ভাষণৰ প্ৰতিক্ৰিয়া আগবঢ়ালে প্ৰদেশ কংগ্ৰেছে ৷ প্ৰদেশ কংগ্ৰেছৰ হৈ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷
সংবাদমেলত প্ৰধানমন্ত্ৰী গৰাকীক কটাক্ষ কংগ্ৰেছ সাংসদ গৰাকীৰ ৷ মোডী চৰকাৰৰ দিনত বিগত 50 বৰ্ষৰ ভিতৰত নিবনুৱা সমস্যা অধিক জটিল হৈছে ৷ অসমতো নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ ফলত যুৱ প্ৰজন্ম হতাশ হৈছে ৷ মোডী চৰকাৰে অসমৰ মানুহক ৰঙীন চশমা পিন্ধোৱাৰ চেষ্টা কৰাৰ বাহিৰে একো নকৰিলে ৷ আমি আশা কৰিছিলো প্ৰধানমন্ত্ৰীয়ে ঢেকীয়াজুলিত অসমৰ সমস্যা তুলি ধৰিব । কিন্তু আজিৰ সভাত সংস্থাপনৰ সম্পৰ্কে এটাও শব্দ উচ্চাৰণ নকৰিলে প্ৰধানমন্ত্ৰীয়ে ৷
লগতে পঢ়ক : 73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও
লগতে, সাংসদ গৰাকীয়ে অসমত এতিয়া গুজৰাটৰ চৰকাৰ চলিছে বুলি কটাক্ষ কৰি কয় যে এডভানটেজ অসমৰ ফলত অসমৰ একো লাভ নহ'ল কিন্তু গুজৰাটী সকলৰ হৈছে । অসমত এতিয়া গুজৰাটীৰ চৰকাৰ চলিছে । আনহাতে, দেশৰ ৰাজহুৱা প্ৰতিষ্ঠান সমূহ ব্যক্তিগতকৰণ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ গৰাকীৰ ৷ অসমৰ চাহ বাগিচা গুজৰাটীৰ হাতলৈ গৈছে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ গুজৰাটীৰ হাতলৈ গৈছে ৷ আজিৰ দিনত বিশ্বনাথ আৰু চৰাইদেউ মেডিকেল কলেজ উদ্বোধন কৰিব পাৰিছে কাৰণ কংগ্ৰেছ চৰকাৰৰ দিনত বিশ্বনাথ, চৰাইদেউ জিলা ঘোষণা কৰি গৈছে বাবে পাৰিছে ৷ তেওঁলোকে কয় বাগানৰ বাবে তেওঁলোকে যথেষ্ট চিন্তা কৰে, টোকলাই চাহ গৱেষণা কেন্দ্ৰত আজি পুঁজি নাই । চাহ মজুৰি 351 টকালৈ বৃদ্ধি নকৰিলে । চাহক জি আই টেগ দিয়াৰ চেষ্টা কৰা নাই বুলিও কটাক্ষ গৌৰৱ গগৈৰ ৷
ইফালে, নৱ গঠিত আঞ্চলিক দল সমূহৰ লগত মিত্ৰতা প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ গৌৰৱ গগৈৰ ৷ গগৈৰ মন্তব্য অসমৰ ৰাইজে বিচাৰিছে মহাজোঁট । তেওঁলোকৰ বাবে আমাৰ দুৱাৰ সদায় মুকলি থাকিব ।
লগতে পঢ়ক : গ্ৰামাঞ্চলৰ জনতাৰ মাজত এছএছবিৰ ফিট ইণ্ডিয়া সজাগতা সভা