গুৱাহাটী,৩ মাৰ্চ: "নিৰ্বাচন আয়োগে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচন খেলাৰ ক্ষেত্রত অযোগ্য ঘোষণা কৰিব লাগে ।" এই দাবী কংগ্ৰেছৰ জেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী ছলমান খুৰছিদৰ। শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ জেষ্ঠ নেতা ছলমান খুৰছিদে কয় যে মন্ত্রী শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ গুৰুতৰ অভিযোগ থকাৰ পৰিপ্ৰেক্ষিতত তেওঁক অযোগ্য ঘোষণা কৰিব লাগে ।
"বিজেপিৰ নেতাসকলৰ গতিবিধি দেখি এই কথা স্পষ্ট হৈ পৰিছে যে তেওঁলোকে নিৰ্বাচনত পৰাজয় হোৱাৰ কথা উপলব্ধি কৰি হতাশ-নিৰাশ হৈ পৰিছে । সাংবাদিকক ভাবুকি দিয়াৰ লগতে ই ভি এম চুৰিৰ দৰে ঘটনা সংঘটিত কৰিছে । এয়া গণতন্ত্ৰৰ বাবে নিন্দনীয় । সাম-দাম-দণ্ড-ভেদ প্ৰয়োগ কৰি বিজেপিয়ে নিৰ্বাচনত জয়ী হ'ব পাৰিম বুলি ভাবিছে ।" বিধায়কৰ গাড়ীত ই ভি এম উদ্ধাৰ হ'ল যদিও নিৰ্বাচন আয়োগে বিধায়কজনৰ বিৰুদ্ধে এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ তোলে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।
"আমাৰ দাবী হ'ল যে আয়োগে অন্তিম পৰ্যায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিজেপিয়ে তিনিটা 'ডি'ত বিশ্বাস কৰে। বিভাজন, বিকৃতকৰণ আৰু প্ৰতাৰণা কৰা বিজেপিৰ নীতি।" নিৰ্বাচনী আয়োগৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি জেষ্ঠ কংগ্ৰেছ নেতাজনে কয় যে প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰী নিৰ্বাচনৰ পৰা আঁতৰি যোৱাৰ পৰিপ্ৰেক্ষিতত তামুলপুৰ সমষ্টিৰ নিৰ্বাচন স্থগিত ৰাখিব লাগে ।
আনহাতে বাহনত ই ভি এম উদ্ধাৰ হোৱা পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ বিৰুদ্ধে আয়োগে এজাহাৰ দাখিল কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী তোলে নেতাগৰাকীয়ে । সেইদৰে আয়োগে বিভিন্ন ঠাইত ই ভি এমক লৈ হোৱা সকলো ঘটনাৰ তদন্ত কৰিব লাগে আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্রত সুৰক্ষাৰ দিশটো সুনিশ্চিত কৰিব লাগে বুলিও দাবী কৰে নেতাগৰাকীয়ে ।
অসম চুক্তিৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে অসমৰ স্বকীয় পৰিচয় সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্রত কংগ্ৰেছ দল সদায়ে দায়বদ্ধ। তেওঁ লগতে কয় যে অসমৰ প্ৰতি সমগ্ৰ দেশৰ দৃষ্টি আছে । তেওঁৰ মতে অসমৰ পৰাই দেশত নতুন বাতাবৰণ সৃষ্টি হ'ব । অসমে ইতিহাসৰ নতুন অধ্যায়ৰ সূচনা কৰিব আৰু অসমৰ পৰাই আন প্ৰান্তত পৰিবৰ্তন আহিব বুলি তেওঁ আশাবাদী।
সংবাদমেলত নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্রী সুস্মিতা দেৱে কয় যে পাঁচ বছৰ বিজেপিয়ে অসমৰ প্ৰগতিৰ বাবে কাম কৰিলে এনেদৰে ই ভি এম লৈ দৌৰিব লগীয়া নহ'লহেতেন । "সংবাদ মাধ্যমে সত্যটো দেখুৱাই দিয়ে বাবে সাংবাদিকক ভাবুকি দিয়ে । পাথাৰকান্দিৰ ঘটনাকলৈ নিৰ্বাচন আয়োগে অদ্ভুত যুক্তি দিছে ।" ই ভি এম নিবলৈ বিজেপি বিধায়কৰ পত্নীৰ বাহনেই পালে নেকি বুলিও প্ৰশ্ন সুস্মিতা দেৱৰ । সুস্মিতা দেৱে লগতে কয় "মই মোৰ জীৱনত এনেকুৱা নিৰ্বাচন দেখা নাই। নিৰ্বাচনত পৰাজয় হোৱা বিজেপিয়ে ষড়যন্ত্র কৰিছে।"
সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে কয় যে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগলৈ দিয়া নিজৰ পত্রত কেতবোৰ আপত্তিজনক কথা কৈছে ।"তেওঁ পত্রত আৰক্ষীৰ এজাহাৰৰ কথা কৈছে ।" কিন্তু নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়ত তেওঁ সেই এজাহাৰৰ কপি কেনেকৈ পালে বুলি প্ৰশ্ন কৰে গৌৰৱ বল্লভে । "আনহাতে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকে আৰক্ষী সঞ্চালক প্ৰধানলৈ দিয়া পত্র মন্ত্রী এজনে কেনেকৈ পালে ? সেইদৰে তদন্ত সম্পৰ্কীয় তথ্য তেওঁ ক'ৰ পৰা পালে ? নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়ত তেওঁক কোনে এনেদৰে তথ্যৰ যোগান ধৰিছে ?" ইয়াৰ সকলো উত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিলে নেতাগৰাকীয়ে ।
সংবাদমেলত বিহাৰৰ বিৰোধী দলপতি অশোক শৰ্মাই কয় যে অসমৰ ৰাইজ সজাগ-সচেতন নহ'লে বিজেপিয়ে বিহাৰৰ দৰে ইয়াতো ই ভি এম জালিয়াতি কৰিব । সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাজনো নেতা উপস্থিত থাকে ।