গুৱাহাটী,১৯ অক্টোবৰ: শাসকীয় দল বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে টঙালি বান্ধিছে যদিও বিৰোধী শিৱিৰ এতিয়াও বহুধাবিভক্ত হৈ মতান্তৰৰ মাজতে আৱদ্ধ হৈ আছে(Opposition party not ready for General Election) । বিজেপিক প্ৰতিহত কৰাৰ বাবে বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাৰ চৰ্চা চলিছে যদিও কোনো এটা দলেই এইক্ষেত্রত আগভাগ লোৱা নাই । বৰং বিৰোধীৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতিহে চলিছে । যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে শাসকীয় দলে ।
লক্ষণীয় বিষয় যে শাসকীয় দল বিজেপিয়ে ১৪ খন আসনৰ ভিতৰত ১২ খন আসন লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰি ৰণকৌশল প্ৰস্তুত কৰিছে । ইতিমধ্যে বিজেপিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ । ইয়াৰ বিপৰীতে বিৰোধী দলসমূহ নিজৰ মাজতে খোৱা-কামোৰাত ব্যস্ত হৈ আছে । উল্লেখ্য যে প্ৰধান বিৰোধী দল কংগ্ৰেছ এতিয়াও লোকসভা নিৰ্বাচনৰ বাবে সাজু হ'বই পৰা নাই(Congress not ready for Lok Sabha election) ।
২০১৬ চনৰ পৰা প্ৰতিটো নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মূখীন হোৱা কংগ্ৰেছ দলটো এতিয়াও আভ্যন্তৰীন বাদ-বিসম্বাদৰ পৰা মুক্ত হ'ব পৰা নাই । অৱশ্যে কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দেশজোৰি 'ভাৰত জোড়ো' যাত্রা আৰম্ভ কৰিছে । অসমতো ১ নবেম্বৰৰ পৰা আৰম্ভ হ'ব এই যাত্রা । অৱশ্যে অসমত ইয়াৰ প্ৰভাৱ কিমান দূৰ পৰিব সেয়া সময়েহে ক'ব ।
কিন্তু বৰ্ত্তমান সময়ত লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে কোনো লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়িব পৰা নাই(Lol sabha election 2024) । উল্লেখ যে বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এ আই ইউ ডি এফকে ধৰি কেইবাটাও দলক লগত লৈ মহাজোঁটবন্ধন কৰিছিল(Grand Alliance of Opposition) । কিন্তু বিজেপিৰ আগত তিষ্ঠি থাকিব নোৱাৰি শোচনীয় পৰাজয়ৰ সন্মূখীন হ'ল । তাৰপাছতে ভংগ হৈছিল মহাজোঁটবন্ধন আৰু আৰম্ভ হৈছিল বোকা ছটিওৱাৰ ৰাজনীতি ।
এতিয়া লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি বিৰোধী শিৱিৰ পুনৰ ঐক্যবদ্ধ হোৱাৰ প্ৰসংগ চৰ্চালৈ আহিছে । কিন্তু বিৰোধী শিৱিৰে কোনো কাৰণতে এ আই ইউ ডি এফক চামিল কৰিব নিবিচাৰে । ইফালে এ আই ইউ ডি এফে বিজেপিক পৰাভূত কৰাৰ বাবে সকলো ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰি কংগ্ৰেছক ইয়াৰ বাবে আগভাগ লোৱাৰ কথা কৈছে ।
কিন্তু কংগ্ৰেছে কোনো পৰিস্থিতিতে এ আই ইউ ডি এফৰ লগত মিত্রতা নকৰাৰ কথা স্পষ্ট কৰি দিছে । অৱশ্যে এনে এক পৰিস্থিতিৰ মাজতো কংগ্ৰেছত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি চলিছে হিচাপ-নিকাচ । বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ মতে কংগ্ৰেছে অকলেই লাভ কৰিব আঠখন আসন । বৰ্ত্তমান তিনিজন সাংসদ থকা কংগ্ৰেছে ২০২৪ৰ লোকসভা নিৰ্বাচনত আঠখন আসন লাভৰ সপোন দেখিছে ।
বিধায়ক মণ্ডলৰ মতে কংগ্ৰেছে গুৱাহাটী, মঙলদৈ, ধুবুৰী, বৰপেটা, কলিয়াবৰ, নগাঁৱৰ লগতে বৰাকৰ দুটা সমষ্টি লাভ কৰিব । তেওঁৰ যুক্তি হৈছে যে বিজেপিৰ প্ৰতি জনতা বিতুষ্ট হৈ আছে আৰু লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব । ইফালে এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ মতে কংগ্ৰেছে অকলে আত্মবিশ্বাসেৰে ক'ব নোৱাৰে এখন জিকিম বুলি । কংগ্ৰেছে অকলে লোকসভা নিৰ্বাচনত বিগ জিৰ' পাব বুলি তেওঁ সদৰি কৰে ।
উল্লেখ্য যে ২০১৯ৰ লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে ৯ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩ খন, নিৰ্দলীয়ই এখন আৰু এ আই ইউ দি এফে ১ খন আসন লাভ কৰিছিল । ২০২৪ৰ নিৰ্বাচনত বিজেপিয়ে ১২ খন আসন লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে কিন্তু কংগ্ৰেছ এতিয়াও নিজৰ ৰণকৌশল প্ৰস্তুত কৰিব পৰা নাই । কংগ্ৰেছৰ বাবে অকলে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াটো সম্ভৱ নহয় ।
সেই কথা কংগ্ৰেছে উপলব্ধি কৰি এ আই ইউ ডি এফক বাদ দি বিজেপি বিৰোধী শক্তিসমূহ ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰিছে । লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন হ'ব আৰু পঞ্চায়ত নিৰ্বাচনক কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে ল'ব ।
লোকসভা নিৰ্বাচনৰ বাবে তিনিটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী নিশ্চিত হৈ থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বাকী ১১ টা সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থীসকলক সমষ্টিভিত্তিক কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে । ছদ্মবেশত চৰকাৰৰ লগত মিলি থকা এ আই ইউ ডি এফ দলৰ লগত কোনো কাৰণতে মিত্রতা নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে । বাকী বিৰোধী দলবোৰৰ লগত কংগ্ৰেছৰ সম্পৰ্ক ভাল আৰু লোকসভা নিৰ্বাচনত মিত্রতা সন্দৰ্ভত পৰৱৰ্তী সময়ত চিন্তা-চৰ্চা হ'ব বুলি তেওঁ উল্লেখ কৰে । এটা কথা ঠিক যে কংগ্ৰেছৰ বৰ্তমানৰ সাংসদ তিনিজনে পুনৰ প্ৰাৰ্থীত্ব লাভ কৰাটো নিশ্চিত । আনহাতে ১৪ টা সমষ্টিতে কংগ্ৰেছে প্ৰাৰ্থীত্ব দিয়াটোও নিশ্চিত । অৱশ্যে বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাৰ বিষয়টো এতিয়াও অস্পষ্ট হৈ আছে ।
লগতে পঢ়ক: Gambling in Naharkatia: নাহৰকটীয়াৰ চাচনীত জুৱা জু ৰ ঘাটি উচ্ছেদ