গুৱাহাটী, 27 মে': লোকসভা নিৰ্বাচনত বিজেপিৰ সফলতাৰ আঁৰত আছিল হিন্দুত্ব ৰাষ্ট্ৰবাদ ৷ হিন্দুত্বৰ ৰাষ্ট্ৰবাদৰ বাবে 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰিলে বিজেপিয়ে ৷ ৰাষ্ট্ৰবাদক দুই ভাগত বিভক্ত কৰি সফল হৈছে বিজেপি ৷ আজি এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য আগবঢ়ায় কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷
লগতে,2014 বৰ্ষৰ লোকসভা নিৰ্বাচনত উন্নয়ন,দুৰ্নীতি,নিবনুৱা সমস্যা সমাধান কৰাটোৱে বিজেপিৰ ইচ্ছ্যু আছিল কিন্তু 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে বিগত পাঁচ বছৰত কি কৰিলে ৰাইজৰ আগত ইয়াক দাঙি ধৰাৰ পৰিৱৰ্তে আৱেগিক মন্তব্য কৰি ৰাইজৰ ভোট লাভ কৰিছে ৷ চাহ জনগোষ্ঠী,কাগজ কল মৃতপ্ৰায় হৈ গ'ল তথাপিও বিজেপিয়ে ভোট লাভ কৰিলে বুলি মন্তব্য কৰে তৰুণ গগৈয়ে ৷
আনহাতে, কংগ্ৰেছ দলৰ বাবে বৰ্তমান সময়টো অতি কঠিন বুলি উল্লেখ কৰাৰ লগতে দলটোক পুনৰ সঠিকভাৱে গঠন কৰিব লাগিব বুলি প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷