গুৱাহাটী ,১৩ ছেপ্তেম্বৰ: বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ(Autumn session of Assembly) আজি দ্বিতীয় দিনাও উত্তাল হৈ পৰে সদন । অধ্যক্ষৰ ভূমিকাত অসন্তুষ্ট হৈ সদন ত্যাগ(Congress leaves House in Assam)কৰে কংগ্রেছৰ বিধায়কে । সদনত প্রশ্নোত্তৰ কালত সময়ৰ অভাৱ আৰু সময়ৰ অভাৱত পৰিপূৰক প্রশ্ন উত্থাপন কৰাৰ পৰা বাৰণ কৰাৰ অভিযোগ কংগ্রেছৰ । যাৰ বাবে সদন ত্যাগ কৰে কংগ্রেছে (Congress leaves House unhappy with Speaker role)।

এই সন্দৰ্ভত বিৰোধী বিধায়ক ৰকিবুল হুছেইনে (Opposition MLA Rakibul Hussain)কয় যে মূল প্রশ্নকৰ্তাৰ উপৰি আন বিধায়কক পৰিপূৰক প্রশ্ন কৰিব দিব লাগে । এয়া পুৰণি নিয়ম । কিন্তু অধ্যক্ষৰ মতে এতিয়া এই নিয়ম নচলে । ইতিমধ্যে ইয়াক লৈ আলোচনা হৈ গৈছে ।
অধ্যক্ষৰ মতে পূৰ্বৰ অধ্যক্ষই এই নিয়ম বান্ধি থৈ গৈছে । যদি সেই নিয়ম নালাগে,তেন্তে নতুন নিয়ম বনাই লওঁক বুলি সদৰি কৰে কংগ্রেছৰ বিধায়ক ৰকিবুল হুছেইনে । তেওঁ লগতে কয় যে এয়া বিৰোধীৰ মুখ বন্ধ কৰাৰ ষড়যন্ত্র । এতিয়াৰে পৰা এটা প্রশ্ন আৰু উত্তৰৰ বাবে পাঁচ মিনিট সময় নিৰ্ধাৰণ কৰাৰ কথাও ব্যক্ত কৰে কংগ্ৰেছী বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক:ভূমিহীনক ভূমি প্ৰদানৰ দাবীত উত্তাল চচলৰ প্ৰতিবাদ স্থলী