ETV Bharat / state

অসমত সঁচাকৈয়ে কংগ্ৰেছ(Congress) নিঃচিহ্ন হ'বগৈ নেকি ? - কংগ্ৰেছ

বিজেপি(BJP) ত যোগদান কৰিয়েই আছে কংগ্ৰেছ দলৰ নেতাই । অৱশিষ্ট যি দুই এক নেতা কংগ্ৰেছ(Congress)ত বাকী আছেগৈ তেওঁলোকৰ মাজতো চলিছে ক্ষমতাৰ যুঁজ । এই পৰ্যন্ত অসমৰ প্ৰায় ২৫ গৰাকী শীৰ্ষ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে ।

congress leaders of Assam joins BJP
বিজেপিত যোগদান কৰিয়েই আছে কংগ্ৰেছৰ নেতাই
author img

By

Published : Jun 23, 2021, 7:40 PM IST

গুৱাহাটী, ২৩ জুন: শতিকা প্ৰাচীন এটা দল যে এনেকৈ জহি খহি ক্ৰমাৎ নিঃচিহ্ন হ'বলৈ আগবাঢ়িব সেই কথা হয়তো কোনেও ভবা নাছিল । উপযুক্ত নেতৃত্বহীনতা আৰু মুষ্টিমেয় কেইজনমান নেতাৰ স্বৈৰচাৰিতাত আজি অসমত কংগ্ৰেছ দল একপ্ৰকাৰ পৰিচয়বিহীন হোৱাৰ উপক্ৰম হৈছে । অসমত বিগত তিনি-চাৰি দশকজুৰি কংগ্ৰেছৰ আগশাৰীৰ নেতা বুলি কলে যিসকলৰ মুখ চকুৰ আগত ভাহি উঠিছিল সেইসকলৰ বহুতেই ইতিমধ্যে কংগ্ৰেছ(Congress)ক চিৰদিনৰ বাবে সেৱা জনাই বিজেপিত যোগদান কৰিছে ।

অৱশিষ্ট যি দুই-এক নেতা কংগ্ৰেছত বাকী আছেগৈ তেওঁলোকৰ মাজতো চলিছে ক্ষমতাৰ যুঁজ । কংগ্ৰেছ ত্যাগৰ এই পৰম্পৰা নতুন নহয় । এই পৰ্যন্ত অসমৰ প্ৰায় ২৫ গৰাকী শীৰ্ষ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি(BJP)ত যোগদান কৰিছে । কেৱল তেওঁলোকেই নহয় দ্বিতীয় শাৰীৰ নেতা বুলি কলে যিসকলক বুজা যায় তেওঁলোকৰো বহুতে ইতিমধ্যে গেৰুৱা বসন পিন্ধিছে ।

congress leaders of Assam joins BJP
বিজেপিত যোগদান কৰিয়েই আছে কংগ্ৰেছৰ নেতাই

২০১৫ চনত ৯ জনকৈ কংগ্ৰেছী বিধায়কক লগত লৈ বিজেপিমুখী হৈছিল ডঃ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) । সেই সময়ৰ সেই ৯ গৰাকী বিধায়ক আছিল ক্ৰমে প্ৰদান বৰুৱা, ৰাজেন বৰঠাকুৰ, বলিন চেতিয়া, আবু তাহেৰ বেপাৰী, বিনন্দ শইকীয়া, পীযুষ হাজৰিকা, কৃপানাথ মাল্লা, জয়ন্ত মল্ল বৰুৱা আৰু পল্লৱলোচন দাস । সেয়াই আৰম্ভণি ।

একেলগে ৯ জনকৈ বিধায়কক হেৰুওৱাটো সেই সময়ত কংগ্ৰেছ দলৰ বাবে আছিল বৃহৎ ক্ষতি । ইয়াৰ পিছতে ২০১৬ ৰ বিধানসভা নিৰ্বাচনৰ পিছতে কংগ্ৰেছ এৰি বিজেপিমুখী হৈছিল বিধায়ক ডাঃ মানচিং ৰংপি । তাৰ পৰৱৰ্তী সময়ত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা একাংশ শীৰ্ষ নেতা আছিল ক্ৰমে ভূৱনেশ্বৰ কলিতা, গৌতম ৰয়, শান্তিয়াছ কুজুৰ, ৰবীন বৰদলৈ আদি ।

ৰাজদ্বীপ গোৱালা, অজন্তা নেওগ, ৰূপজ্যোতি কুৰ্মী, বিদ্যাছিং ইংলেং, ডাঃ অৰ্ধেন্দু দে' আদিয়েও যোগদান কৰিছিল ভাৰতীয় জনতা পাৰ্টীত । এইসকলৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ আগশাৰীৰ নেতা ৰঞ্জন বৰা, ডঃ ভগীৰথ কৰণ, বিভূতি ভূষণ বৰঠাকুৰ, হিৰণ্য ভূঞা, জুৰি শৰ্মা বৰদলৈ, ৰূপেশ গোৱালা, মানৱ ডেকা আদিকে ধৰি বহুজনে কংগ্ৰেছ এৰি বিজেপিত যোগ দিছে । যদি এইদৰেই কংগ্ৰেছত খহনীয়া অব্যাহত থাকে, তেন্তে খুব কম সময়ৰ ভিতৰতে অসমত যে কংগ্ৰেছৰ অৱশিষ্টও নাথাকিব সেয়া নিশ্চিত ।

লগতে পঢ়ক: চিকিৎসালয়ৰ পৰা পলায়ন ক’ভিড আক্ৰান্ত অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.