ETV Bharat / state

GMDA কেলেংকাৰী : কি ক’লে দেৱব্ৰত শইকীয়াই ?

সোমবাৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (GMDA) কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়া (Debabrata Saikia)ই ৷ বিজেপি চৰকাৰৰ দিনত গুৱাহাটী পৌৰ নিগমৰ উন্নয়নত হোৱা খৰচৰ এক খতিয়ানো দাঙি ধৰে বিৰোধী দলপতিগৰাকীয়ে ৷

author img

By

Published : Jun 14, 2021, 6:17 PM IST

debabrata saikia on gmda corruption
দেৱব্ৰত শইকীয়াৰ মন্তব্য

গুৱাহাটী,14 জুন : অসমত বিজেপি চৰকাৰ দ্বিতীয়বাৰলৈ ক্ষমতালৈ আহিছে আৰু একেই দলৰে পূৰ্বৰ চৰকাৰখনৰ দিনত হৈ থকা বিভিন্ন দুৰ্নীতি, কেলেংকাৰীৰ বিৰুদ্ধে বিগত এমাহত অভিযান চলাই ৰাইজৰ পৰা বাহঃ বাহঃ ল’বলৈ চেষ্টা কৰিছে চৰকাৰে । সোমবাৰে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই ৷

বিজেপি চৰকাৰৰ শেহতীয়া এনে কিছুমান কামকাজৰ সমালোচনা কৰি বিৰোধী দলপতিগৰাকীয়ে কয়, "বিগত 60 মাহত চৰকাৰৰ দিনত যিখিনি দুৰ্নীতি, কেলেংকাৰী হৈছিল চৰকাৰখনৰ এটা ভাবমূৰ্তি আনিবলৈ এই চৰকাৰে এমাহত পূৰ্বৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন তদন্তৰ ঘোষণা কৰিছে । এই প্ৰসংগত মই উল্লেখ কৰিব বিচাৰো যে, দিছপুৰৰ হস্তক্ষেপত গুৱাহাটী পৌৰ নিগমৰ অধীনত নলা-নৰ্দমাৰ গেদ চাফা কৰা আদি কামৰ ক্ষেত্ৰত এক বৃহৎ কেলেংকাৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত সংঘটিত হৈছিল । কথাটো হ’ল যে, গুৱাহাটী পৌৰ নিগম (GMC)য়ে চলিত বৰ্ষৰ 28 জানুৱাৰীত এবছৰৰ বাবে বশিষ্ঠ আৰু মৰা ভৰলু নৈৰ লগতে 69 টা নলাৰ চাফাই, বালি-গেদ চাফা কৰা আৰু চোৱা-চিতা কৰাৰ বাবে নিবিদা আহ্বান কৰে । শেহতীয়াকৈ অভিযোগ উত্থাপিত হৈছে যে, গুৱাহাটী পৌৰ নিগমৰ একাংশ শীৰ্ষ অভিযন্তা আৰু বিষয়াৰ ষড়যন্ত্ৰত এই কামৰ বাবে প্ৰয়োজনতকৈ অত্যাধিক পুঁজি আৱণ্টিত কৰা হৈছে । এই কামৰ বাবে 2018 চনৰ পৰা 2020 চন অৰ্থাৎ 3 বছৰৰ বাবে প্ৰায় 74.22 কোটি টকা আৱণ্টিত হৈছিল’’ ।

দেৱব্ৰত শইকীয়াৰ মন্তব্য

‘‘কিন্তু 2021 বৰ্ষত এই একে কাম কেৱল এবছৰৰ বাবে কৰাৰ বাবদ 137 কোটি টকা আৱণ্টন কৰা হ’ল । অভিযোগ অনুসৰি, নিৰ্দিষ্ট ঠিকাদাৰক কাম আৱণ্টন দিয়াৰ পাচত পৰৱৰ্তী সময়ত হ’ব পৰা বিতৰ্কৰ পৰা হাত সাৰিবলৈ নিজ কাৰ্যভাৰ এৰাৰ আগে-আগে গুৱাহাটী পৌৰ নিগমৰ পূৰ্বৰ আয়ুক্ত গৰাকীয়ে 20 মে’ত এক নিৰ্দেশযোগে কামৰ কাৰ্যকাল এবছৰৰ পৰা তিনি বছৰলৈ বৃদ্ধি কৰিলে’’ ।

বিৰোধী দলপতি শইকীয়াই কয় যে, 2018-2020ৰ সময়চোৱাত দিছপুৰ চুপাৰ মাৰ্কেট (Dishpur Super Market)ৰ পৰা চচল ভিআইপি ৰোডলৈ আইঅ’চি (IOC) পাইপলাইন চাফা কৰা আৰু চোৱা-চিতা (Maintenance)ৰ বাবদ (পেকেজ ক্ৰমিক নং 54) গুৱাহাটী উন্নয়ন বিভাগ (GDD)য়ে 99,99,000 (প্ৰায় এক কোটি) টকা আৱণ্টন দিছিল । কিন্তু 2021 চনত এই একেই কাম এবছৰৰ বাবে কৰাৰ বাবদ (পেকেজ ক্ৰমিক নং 65) গুৱাহাটী উন্নয়ন বিভাগে 7.81 কোটিতকৈ অধিক পুঁজি আৱণ্টন দিলে । অৱশ্যে কাম আৱণ্টিত হোৱাৰ পাচত কামৰ কাৰ্যকালো তিনিবছৰলৈ বৃদ্ধি কৰিলে ।

2018-2020ৰ সময়চোৱাত ভেটাপাৰৰ পৰা দক্ষিণ গাঁও পাম্প হাউচলৈ লখিমী জান চাফা কৰা আৰু চোৱা-চিতাৰ বাবদ (পেকেজ ক্ৰমিক নং 53) প্ৰায় 2.53 কোটি টকা আৱণ্টন কৰা হৈছিল । কিন্তু 2021 চনত এই একেই কাম এবছৰৰ বাবে কৰাৰ বাবদ (পেকেজ ক্ৰমিক নং 64) গুৱাহাটী উন্নয়ন বিভাগে 6.7 কোটি টকাতকৈ অধিক পুঁজি আৱণ্টন দিলে । 2018-2020ৰ সময়চোৱাত ভৰলু নদী বালি-গেদ চাফা কৰাৰ বাবদ (পেকেজ ক্ৰমিক নং 39) গুৱাহাটী উন্নয়ন বিভাগে প্ৰায় 5.2 কোটি টকা আৱণ্টন দিছিল । কিন্তু এই একে কাম এবছৰৰ বাবে কৰাৰ বাবদ (পেকেজ ক্ৰমিক নং 43) গুৱাহাটী উন্নয়ন বিভাগে 85 কোটিতকৈ অধিক পুঁজি আৱণ্টন দিয়া বুলি দেৱব্ৰত শইকীয়াই উল্লেখ কৰে ৷

তেওঁ কয়, ‘‘পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি বিজেপি দল অসমত ক্ষমতালৈ আহিছে আৰু তেওঁলোকে দুৰ্নীতিমুক্ত প্ৰশাসনৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু বিগত পাঁচবছৰে আমি দুৰ্নীতি হোৱা দেখিছিলো আৰু বিভিন্ন সময়ত তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলো । এতিয়া তেনেকুৱা ধৰণৰ বহুখিনি অপকৰ্ম এই চৰকাৰে উন্মোচন কৰি আছে আৰু তাৰ পৰা প্ৰমাণ হয় যে, বিৰোধীয়ে যিবিলাক কথা কৈছিল সেইবিলাক প্ৰকৃততে উৰা বাতৰি নাছিল, তথ্যৰ ভিত্তিতহে অভিযোগ আনিছিল’’ ।

গুৱাহাটী পৌৰ নিগমৰ ক্ষেত্ৰত উঠা অভিযোগ সন্দৰ্ভত ইয়াৰ তদন্ত কৰিবলৈ নতুন চৰকাৰখনক আহ্বান জনায় বিৰোধী দলপতিগৰাকীয়ে ৷ ঘটনাৰ সৈতে জড়িত দোষীসকলে যাতে শাস্তি পায় আৰু চৰকাৰী পুঁজিৰ অপচয় ৰোধ কৰিব পাৰে তাৰ ওপৰত চৰকাৰক গুৰুত্ব দিবলৈ আহ্বান জনায় দেৱব্ৰত শইকীয়াই ৷

লগতে পঢ়ক : কাগজ কল নিলামৰ পিছত মাটি আমাক ঘূৰাই লাগিব: কোনে কলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.