ETV Bharat / state

সাংবাদিক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া - গুৱাহাটী

সাংবাদিক অৰ্ণৱ গোস্বামীক নিকৃষ্ট ৰাজনীতি নকৰিবলৈ সকিয়নী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ

ETV BHARAT
সাংবাদিক অৰ্ণব গোস্বামীৰ বিৰুদ্ধে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া
author img

By

Published : Apr 23, 2020, 5:45 PM IST

Updated : Apr 23, 2020, 7:42 PM IST

গুৱাহাটী, 23 এপ্ৰিলঃ ৰিপাব্লিক টিভিৰ সাংবাদিক অৰ্ণৱ গোস্বামীক আক্ৰমণৰ ঘটনাক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া । সাংবাদিক অৰ্ণৱ গোস্বামীক তীব্ৰ কটাক্ষ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ ।

সাংবাদিক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

ৰিপাব্লিক টিভিৰ সাংবাদিক অৰ্ণৱ গোস্বামীক দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিশেষকৈ সাংবাদিক গৰাকীৰ আক্ৰমণৰ লগত যুৱ কংগ্ৰেছৰ সদস্য জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে সাংবাদিক গৰাকীক উভতি ধৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই । ভট্টাচাৰ্যই সাংবাদিক অৰ্ণৱ গোস্বামীক উদ্দেশ্যি প্ৰশ্ন কৰে যে "নিকৃষ্ট ৰাজনীতি কৰিবলৈ গৈ আপুনি সমগ্ৰ সংবাদ জগতখনতে কালিমা সনা বুলি মন্তব্য কৰে ৷ অসম সন্তান হিচাপে আমি আপোনাক লৈ গৌৰৱ কৰিব লাগিছিল কিন্তু আপুনি আমাক সেই সুবিধা প্ৰদান নকৰিলে বুলি কটাক্ষ কৰে ভট্টাচাৰ্যই । লগতে ভট্টাচাৰ্যই সাংবাদিক গৰাকীক আক্ৰমণ কৰি কয় যে আপুনি ছোনিয়া গান্ধী,ৰাহুল গান্ধী আৰু গান্ধী পৰিয়াল সম্পৰ্কে যিমান নিকৃষ্ট,অশালীন আৰু অসাংবিধানিক শব্দ ব্যবহাৰ কৰিছে সেইবোৰ অন্ধ ভক্তৰ বাহিৰে কোনেও সমৰ্থন নকৰে আৰু এইয়া ধিক্কাৰযোগ্য বুলি মন্তব্য কৰে। বৃহস্পতিবাৰে নিশা আপোনাৰ ওপৰত আক্ৰমণ সংঘটিত হোৱাৰ সময়ত আপুনি আক্ৰমণৰ ঘটনাৰ ফটো এখন তুলি ৰাখিবলৈ পাহৰিলে নেকি বুলিও প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ গৰাকীয়ে । আক্ৰমণৰ ঘটনাত সৈতে যুৱ কংগ্ৰেছৰ লোক জড়িত আছিল বুলি কোৱাৰ বিৰুদ্ধে সাংবাদিক অৰ্ণৱ গোস্বামীক তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই ৷

লগতে পঢ়ক- যোৰহাটত ই পাছ বাধ্যতামূলক

Last Updated : Apr 23, 2020, 7:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.