ETV Bharat / state

Ajay Maken slams PM: নৰেন্দ্ৰ মোদী চৰকাৰৰ ৯ বছৰৰ কাৰ্যকালৰ কামৰ খতিয়ান দিবলৈ আহ্বান কংগ্ৰেছ নেতাৰ

author img

By

Published : May 27, 2023, 3:48 PM IST

এই ১০ম বছৰটোৱে মোদী চৰকাৰৰ শেষ বছৰ হোৱাটো দেশৰ জনসাধাৰণে বিচৰা উচিত। কাৰণ বিগত ৯ বছৰত মোডী চৰকাৰে সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলিছে (Congress leader Ajay Maken questioned PM)। নিখিল ভাৰত কংগ্রেছ কমিটিৰ সাধাৰণ সম্পাদক তথা কংগ্রেছ ৱৰ্কিং কমিটিৰ সদস্য অজয় মাকেনে নৰেন্দ্ৰ মোদী চৰকাৰৰ ৯ বছৰৰ কাৰ্যকালৰ কামৰ খতিয়ান দিবলৈ আহ্বান জনায় (Congress leader Ajay Maken slams PM)৷

Ajay Maken slams PM
নৰেন্দ্ৰ মোদীৰ ৯ বছৰৰ কাৰ্যকালৰ কামৰ খতিয়ান দিবলৈ আহ্বান কংগ্ৰেছ নেতাৰ

গুৱাহাটী, 27 মে’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে তেওঁৰ কাৰ্যকালৰ ৯ টা বছৰ সম্পূৰ্ণ কৰিছে (Modi govt’s 9th anniversary celebrations)। এই ৯ বছৰত মোদীয়ে কৰা কামৰ সমালোচনা কৰি শনিবাৰে দেশজুৰি বিভিন্ন ৰাজ্যত কংগ্ৰেছ দলে সংবাদমেল অনুষ্ঠিত কৰিছে (9 Years completed Narendra Modi govt)। অসমতো গুৱাহাটীত নিখিল ভাৰত কংগ্রেছ কমিটিৰ সাধাৰণ সম্পাদক তথা কংগ্রেছ ৱৰ্কিং কমিটিৰ সদস্য অজয় মাকেনে সংবাদমেল সম্বোধন কৰে (Congress leader Ajay Maken slams PM)।

সংবাদমেলত অজয় মাকেনে কয় যে মোদীৰ চৰকাৰে ৯ বছৰ সম্পূৰ্ণ কৰি এইবৰ্ষত ১০ বছৰত ভৰি দিছে ৷ এই ১০ তম বছৰটোৱে মোদী চৰকাৰৰ শেষ বছৰ হোৱাটো দেশৰ জনসাধাৰণে বিচৰা উচিত। কাৰণ এই ৯ বছৰত মোডী চৰকাৰে সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলিছে (Congress leader Ajay Maken questioned PM)। যোৱা ৯ বছৰত দেশত ধনী আৰু দুখীয়াৰ মাজত দুৰত্ব বৃদ্ধি পাইছে। দুখীয়া বেছি দুখীয়া হৈছে আৰু ধনী বেছি ধনী হৈ গৈ আছে। মোদী চৰকাৰে জি এছ টি আৰোপ কৰি সাধাৰণ মানুহৰ ওপৰত অধিক কৰৰ বোজা জাপি দিছে। আনহাতে বৃহৎ পুঁজিপতিক কৰ ৰেহাই দিছে। মোদী চৰকাৰে ৯ বছৰত ২০ বাৰকৈ ইন্ধনজাত সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰিছে। যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনজাত সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ পিচতো মোদী চৰকাৰৰ শাসনত পেট্ৰ’ল আৰু ডিজেলৰ দাম ৫৭ শতাংশ বৃদ্ধি পাইছে।

কংগ্ৰেছৰ নেতাগৰাকীয়ে লগতে কয় যে, দেশত কৃষকৰ আয় হ্ৰাস পাইছে। দেশত দুৰ্নীতি বৃদ্ধি পাইছে। আদানিৰ নিচিনা পুঁজিপতিক অধিক সুবিধা দিয়া হৈছে। চৰকাৰে সাধাৰণ মানুহৰ এল আই চিৰ জমা ধন আদানিৰ কোম্পানীক বচাবলৈ বিনিয়োগ কৰিছে। লগতে ৰাজহুৱা সম্পত্তি পানীৰ দৰত বিক্ৰী কৰি আছে।

মাকেনে উল্লেখ কৰে যে, চীনে দেশৰ ১৫০০০ বৰ্গ কিলোমিটাৰ মাটি দখল কৰিছে। কিন্তু মোদী চৰকাৰ এই ক্ষেত্ৰত নিমাত। দেশত সামাজিক বৈষম্য বৃদ্ধি পাইছে। ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰা হৈছে। এই ৯ বছৰত দেশত দলিতৰ ওপৰত আক্ৰমণ ২৩ শতাংশলৈ বৃদ্ধি হৈছে। মহিলা নিৰ্যাতনৰ ঘটনা ৩৩ শতাংশ বৃদ্ধি হৈছে। মোদী চৰকাৰৰ দিনতে দেশৰ গণতন্ত্ৰক হত্যা কৰাৰ চেষ্টা চলিছে। মোদী চৰকাৰৰ শাসনত স্বাধীন ভাৰতৰ ইতিহাসত সংসদৰ কম সংখ্যক অধিৱেশন হৈছে। বিৰোধীক সদনত কথা কোৱাৰ সুযোগ দিয়া হোৱা নাই (Congress slams bjp govt)।

মোদী চৰকাৰৰ ভুল নীতিৰ বাবে ক’ভিডৰ সময়ত ৪৭ লাখ লোকৰ মৃত্যু হোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাই তথ্য প্ৰকাশ কৰিছে বুলি মাকেনে সদৰী কৰে । দেশত এনৰেগাৰ ধন হ্ৰাস কৰা হৈছে। উজ্বলাৰ দৰে আঁচনি বন্ধ কৰা হৈছে। এই প্ৰশ্নৰ উত্তৰ দেশৰ ৰাইজে বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই প্ৰশ্নৰ উত্তৰ দিবলৈ নিখিল ভাৰত কংগ্রেছ কমিটিৰ সাধাৰণ সম্পাদক তথা কংগ্রেছ ৱৰ্কিং কমিটিৰ সদস্য অজয় মাকেনে প্ৰত্যাহ্বান জনায় ।

লগতে পঢ়ক: Modi govt's 9th anniversary celebrations: বিজেপিৰ মুখ্য কাৰ্যালয়ত জিলা কাৰ্যালয় প্ৰবন্ধন সমিতিৰ সাংগঠনিক সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.