ETV Bharat / state

21’ৰ নিৰ্বাচনত বিজেপিৰ বিপক্ষে ভোট দিছিল অসমৰ ৰাইজে : ৰিপুন বৰা - চিপিআই(এম এল)

বিধানসভা নিৰ্বাচনত বিজেপি মিত্রদলৰ ভোটৰ হাৰ আছিল ৪৪.৫ শতাংশ । ইয়াৰ বিপৰীতে মহাজোঁটৰ ভোটৰ হাৰ হৈছে ৪৩.৬৮ শতাংশ । পাৰ্থক্য মাত্র .৮ শতাংশৰ । অসমৰ ৰাইজে প্ৰকৃততে বিজেপিৰ বিপক্ষে ভোট দিছিল । নীতি আয়োগে এইখন চৰকাৰৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে । সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত লিপ্ত হৈছে বিজেপি চৰকাৰ । এই দাবী কংগ্ৰেছ নেতৃত্বৰ ৷

congress lead mohajot addressed press meet
কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মহাজোঁটৰ সংবাদমেল
author img

By

Published : Jun 26, 2021, 9:39 PM IST

গুৱাহাটী, ২৬ জুন : ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শনিবাৰে এখন সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মহাজোঁটৰ নেতৃত্বই । গুৱাহাটীৰ হোটেল গেটৱে' গ্ৰেণ্ডিঅ'ৰ(Hotel Gateway grandeur)ত আয়োজন কৰা মহাজোঁটৰ সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা(APCC president Ripun Bora)ই ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ গণতান্ত্রিক প্ৰক্ৰিয়াত বিজেপি মিত্রদলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল যদিও অসমৰ ৰাইজে প্ৰকৃততে বিজেপিৰ বিপক্ষে ভোট দিছিল বুলি উল্লেখ কৰে ৰিপুন বৰাই ।

আনহাতে, বিধানসভা নিৰ্বাচনত বিজেপি মিত্রদলে ৯১.৩৮ লাখ ভোট পোৱাৰ বিপৰীতে মহাজোঁটে লাভ কৰিছিল ৮৮.২৯ লাখ ভোট । আনহাতে অসম জাতীয় পৰিষদ দলে ৭.২ লাখ আৰু ৰাইজৰ দলে ১.১৩ লাখ ভোট লাভ কৰিছে । মহাজোঁট আৰু অসম জাতীয় পৰিষদ ৰাইজৰ দল মিলি লাভ কৰা ভোটৰ পৰিমান হৈছে ৯৬.৪৬ লাখ ।

আনহাতে, অন্যান আৰু নিৰ্দলীয় মিলি লাভ কৰিছে ১১.৬৫ লাখ ভোট । এইখিনি ভোট বিজেপিৰ বিৰুদ্ধে দিছে । শতাংশ হিচাপত বিজেপি মিত্রদলৰ ভোটৰ হাৰ ৪৪.৫ শতাংশ । ইয়াৰ বিপৰীতে মহাজোঁটৰ ভোটৰ হাৰ হৈছে ৪৩.৬৮ শতাংশ, পাৰ্থক্য মাত্র .৮ শতাংশৰ অৰ্থাৎ, বাস্তৱত অসমৰ ৰাইজে তেওঁলোকক সমৰ্থন দিয়া নাই ।

21’ৰ নিৰ্বাচনত বিজেপিৰ বিপক্ষে ভোট দিছিল অসমৰ ৰাইজে : ৰিপুন বৰা

বিজেপি মিত্রদলৰ চৰকাৰে অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰি মূল্যবৃদ্ধিৰ প্ৰসংগত ৰিপুন বৰাই কয়, বিজেপি চৰকাৰৰ ৰাজহ সংগ্ৰহৰ নিজা কোনো উৎস নাই বাবে মূল্যবৃদ্ধিৰে ৰাইজৰ ওপৰত মাধমাৰ শোধাইছে । অভাৱনীয় হাৰত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি কৰা হৈছে । পেট্ৰলৰ আৱকাৰী শুল্ক ৩২.৯০ টকা আৰু ডিজেলৰ ৩১.৮০ টকা বৃদ্ধি কৰি চৰকাৰে ৰাইজৰ পৰা ৰাজহ আদায় কৰিছে ।

কেন্দ্ৰৰ বিজেপি চৰকাৰে বিগত সাত বছৰত ৰাইজৰ ওপৰত মাধমাৰ শোধাই মূল্যবৃদ্ধিৰে সংগ্ৰহ কৰিছে ২২ লাখ কোটি টকা । ইয়াৰ লগতে সংবাদমেলত চিপিআইৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্যই কয়, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা(Chief minister Himanta Bishwa Sarma)ই বিৰোধী দল থকাটোৱেই নিবিচাৰে, তেওঁ গণতন্ত্র বিৰোধী বক্তব্য আগবঢ়াইছে । এইখন চৰকাৰে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে উচ্ছেদ অভিযান চলাইছে ।

আনহাতে, আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞাই কয়, মহিলাসকলৰ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ কথা বিজেপিয়ে নিজেই কৈছিল । নিৰ্বাচন ইয়াক লৈ প্ৰতিশ্ৰুতি দিছিল । কিন্তু, এতিয়া প্ৰৱঞ্চনা কৰা বাবেই মহিলাসকল প্ৰতিবাদৰ বাবে ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে, ইয়াৰ বাবে জগৰীয়া এইখন চৰকাৰ।

সাংসদ ভূঞাই লগতে কয়, চৰকাৰখনে ভয়ংকৰ অপৰাধ কৰিছে প্ৰতিশ্ৰুতি দিছিল যেতিয়া পূৰণ কৰক । এইখন চৰকাৰ ভুৱা প্ৰচাৰত চলিছে । নীতি আয়োগে এইখন চৰকাৰৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে । বিজেপি চৰকাৰে সাংবাদিকৰ বাক স্বাধীনতা খৰ্ব কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান সময়ত জৰুৰীকালীন অৱস্থা চলি আছে ।

সংবাদমেলত এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয়, উচ্ছেদ অভিযানকে ধৰি চৰকাৰে জনসংখ্যা নীতিৰ আঁৰত ৰ‍জনৈতিক উদ্দেশ্য আছে । সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত লিপ্ত হৈছে বিজেপি চৰকাৰ । জনসংখ্যা নীতিৰ পৰা অনুসূচীত জাতি তথা জনজাতিৰ লগতে চাহ জনগোষ্ঠিক বাদ দিয়াৰ কথা কোৱা হৈছে ।

ইছলামে লগতে কয়, এটা বিশেষ জনগোষ্ঠিক লক্ষ্য কৰি লোৱা হৈছে । জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ প্ৰসংগত কোনো দ্বিমত নাই যদিও ধৰ্ম, ভাষা তথা অঞ্চলৰ নামত জনসংখ্যা নিয়ন্ত্ৰণৰ কথা হ'ব নোৱাৰে । ইয়াৰ দ্বাৰা সংবিধানৰ ১৪ নং ধাৰা উলংঘা হ'ব । আনহাতে, অসমৰ সকলো ক্ষেত্রতে পিছপৰা দক্ষিণ শালমাৰা মানকাছৰ জিলাখন এতিয়াও নীতি আয়োগৰ দৃষ্টিগোচৰ নোহোৱাটো অত্যন্ত পৰিতাপৰ বিষয় ।

চিপিআই নেতা মুনীন মহন্তই সংবাদমেলত চৰকাৰৰ নীতিসমূহক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অৰুণোদয় আঁচনিৰ প্ৰতিশ্ৰুতি দিয়া মতে মাহে ৩০০০ হাজাৰ টকা দিয়াৰ দাবী জনা য়। সংবাদমেলত চিপিআই(এম এল)(CPI (ML)) নেতা পংকজ দাসে কয়-' প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰক । চৰকাৰখনে ৮৫০ খন চাহ বাগানৰ ১০ লাখ শ্ৰমিকক প্ৰতাৰণা কৰিলে ।

লগতে পঢ়ক : কেনেদৰে চলিছে সোণোৱালৰ সপোনৰ মিনি সচিবালয়ৰ নিৰ্মাণৰ কাম ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.