গুৱাহাটী, 28 জানুৱাৰী : কংগ্ৰেছ হাইকমাণ্ডৰ দৃষ্টিত হঠাৎ গুৰুত্ব বৃদ্ধি পাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈৰ । যিসময়ত ৰাজ্যত নিৰ্বাচন কেন্দ্ৰীক বতাহ ক্ৰমাৎ গৰম হৈ উঠিছে সেই সময়তে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক প্ৰায় একাষৰীয়া কৰি সাংসদ গৌৰৱ গগৈক অধিক গুৰুত্ব প্ৰদান কৰা ঘটনা কংগ্ৰেছ দলৰ বাহিৰে-ভিতৰে চৰ্চাৰ বিষয়ো হৈ পৰিছে ।
আনকি, ৰাজনৈতিক মহলত কংগ্ৰেছ দলে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰি আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা বুলিও একপ্ৰকাৰ চৰ্চা হৈছে ৷ ইফালে, আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অলপতে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসমৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ সমিতি গঠন কৰি দিছে । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এক নিৰ্দেশ যোগে গঠন কৰা সমিতি কেইখনৰ অধিকাংক্ষতে অন্তৰ্ভুক্ত কৰা হৈছে সাংসদ গৌৰৱ গগৈক ।
লগতে পঢ়ক : উদুলি-মুদুলি বঢ়াৰপোৰ জন্মভূমি লেটেকুপুখুৰী
ইয়াৰ বিপৰীতে কেৱল নিৰ্বাচনী সমিতি আৰু সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষ পদত দায়িত্ব দিয়া হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক । আনকি, সবাতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত ইস্তাহাৰ সমিতিৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে গৌৰৱ গগৈক । ৰিপুন বৰাক কিন্তু উপৰি উক্ত দুখন সমিতিৰ বাহিৰে কোনো এখন সমিতিতে ৰখা হোৱা নাই ।
আনকি, ইস্তাহাৰ সমিতিতো অন্তৰ্ভুক্ত কৰা হোৱা নাই ৰিপুন বৰাক । ইপিনে, নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ পদত সাংসদ প্ৰদ্যুৎ বৰদলৈক আৰু মিডিয়া সমিতিৰ অধ্যক্ষ পদত সাংসদ আব্দুল খালেকক নিযুক্তি দিছে দলৰ হাইকমাণ্ডে । কিন্তু এই দুয়োখন সমিতিতে স্থান নাপালে ৰিপুন বৰাই । একেদৰে, পূৰ্বৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ অধ্যক্ষতাত হাইকমাণ্ডে গঠন কৰি দিছে নিৰ্বাচন ব্যৱস্থাপনা সমিতি কিন্তু এইখন সমিতিতো ৰখা নহ'ল ৰিপুন বৰাক ।
লগতে পঢ়ক : ৰে'ল বিভাগে বন্ধ কৰিলে চাৰিশ বছৰীয়া ঐতিহাসিক থানৰ প্ৰৱেশ পথ