ETV Bharat / state

তেজপুৰ পৌৰসভাত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাকাৰীয়ে যোগদান কৰিলে বিজেপিত

কংগ্ৰেছৰ দলৰ হৈ জয়ী হৈ অহাৰ পাছতো দলৰ ফালৰ পৰা শুভেচ্ছা কোনেও নজনালে এগৰাকী সদস্যক ৷ সম্বৰ্ধনা জনোৱাতো দূৰৈৰ কথা ৷ এই কথাত যথেষ্ট দুখ পাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে তেজপুৰ পৌৰ সভাৰ(Tezpur Municipal Board) ৬ নং ৱাৰ্ডৰ কাউন্সিলাৰ সুমন দাসে ৷

Tezpur Municipal Board
তেজপুৰ পৌৰসভাত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাকাৰীয়ে যোগদান কৰিলে বিজেপিত
author img

By

Published : May 8, 2022, 10:25 PM IST

গুৱাহাটী, ৮ মে': কংগ্ৰেছত অব্যাহত আছে খহনীয়া । প্ৰতিটো নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছ দলৰ তেজপুৰ পৌৰ সভাৰ(Tezpur Municipal Board) ৬ নং ৱাৰ্ডৰ কাউন্সিলাৰ সুমন দাসে দেওবাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে (Congress councilor of Tezpur joins BJP)।

গুৱাহাটী মহানগৰীৰ অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাৰ উপস্থিতিত বিজেপিত যোগদান কৰে সুমন দাসে । যোগদান অনুষ্ঠাত উপস্থিত আছিল তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস । কংগ্ৰেছ দলৰ পৰা জয়ী হৈ বিজেপিত যোগদান কৰা সন্দৰ্ভত সুমন দাসে কয় যে, জয়লাভৰ পাছত তেওঁ কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ পৰা সম্বৰ্ধনাৰ কথা দূৰৈৰে সাধাৰণ মাত এষাৰো নাপালে । সেই কথাই তেওঁৰ মনত দুখ দিয়ে ।

তেজপুৰ পৌৰসভাত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাকাৰীয়ে যোগদান কৰিলে বিজেপিত

কংগ্ৰেছত নেতৃত্বৰ অভাৱ বুলি উল্লেখ কৰি তেওঁ কয় যে, বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰিছে । সুমন দাসৰ দলত্যাগৰ পাছত কংগ্ৰেছ শূন্য হ'ল তেজপুৰ পৌৰ সভা । যোগদান অনুষ্ঠানত বিজেপিৰ কেইবাগৰাকী ৰাজ্যিক নেতা উপস্থিত আছিল ।

লগতে পঢ়ক: Amit Shah to visit Assam : অসমত কি কি কাৰ্যসূচীত অংশ ল'ব অমিত শ্বাহে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.