ETV Bharat / state

স্বাধীনতা দিৱসত প্ৰদেশ কংগ্ৰেছৰ 'স্বতন্ত্রতা যাত্রা'

author img

By

Published : Aug 15, 2021, 5:31 PM IST

ৰাজীৱ ভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া বীৰ শ্বহীদ তথা মুক্তি যুঁজাৰুসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সভাপতি ভূপেন বৰাই । স্বাধীনতা দিৱসৰ বৰ্ষ উদযাপন সমিতিৰ উদ্যোগত 'স্বতন্ত্ৰতা যাত্ৰা' শীৰ্ষক শোভাযাত্ৰা ।

congress celebrate independence day
স্বাধীনতা দিৱসত প্ৰদেশ কংগ্ৰেছৰ স্বতন্ত্রতা যাত্রা

গুৱাহাটী, ১৫ আগষ্ট : প্ৰদেশ কংগ্ৰেছৰ (Assam Pradesh Congress) গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত (Rajiv Bhaban) উদযাপন কৰা হয় দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Independence day)। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই (Bhupen Kumar Bora) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাৰ তলত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া বীৰ শ্বহীদ তথা মুক্তি যুঁজাৰু সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

ইয়াৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা গঠিত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ষ উদযাপন সমিতিৰ উদ্যোগত 'স্বতন্ত্ৰতা যাত্ৰা' (Swatantrata Yatra) নামেৰে এক শোভাযাত্ৰা উলিওৱা হয় ।

উদযাপন সমিতিৰ অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ নেতৃত্বত এটি প্ৰতিনিধিৰ দলে ৰূপনগৰস্থিত মুক্তি যুঁজাৰু ভৱনলৈ গৈ মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে । প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ দ্বাৰা পৰিচালিত পতাকা উত্তোলন কাৰ্যসূচীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ ৷

তাৰোপৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থ, প্ৰাক্তন সাংসদ বলীন কুলী আৰু দ্বিজেন শৰ্মা, বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পৃথ্বী মাঝি আৰু টংক বাহাদুৰ ৰায়, জ্যেষ্ঠ কংগ্ৰেছ নেতা চিৰাজুল হুছেইন শইকীয়াকে আদি কৰি ৭৫ সংখ্যক স্বাধীনতা বৰ্ষ উদযাপন কমিটিৰ আহবায়ক নৃপেন্দ্ৰ ঠাকুৰীয়া উপস্থিত থাকে । ইয়াৰ উপৰিও প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী, দলৰ জ্যেষ্ঠ নেতা-কৰ্মীৰ লগতে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱাদল, এন এছ ইউ আই, ইয়ং বিগ্ৰেডকে ধৰি তিনি শতাধিক সদস্য-সদস্যাই অংশ গ্ৰহণ কৰে এই কাৰ্যসূচীত ।

লগতে পঢ়ক :শিৱসাগৰত পতাকা উত্তোলন কৰিলে উপায়ুক্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.