ETV Bharat / state

অসমৰ স্বাৰ্থত একেলগে কাম কৰিব কংগ্ৰেছ-ৰাইজৰ দলে - Assam Pradesh Congress

কংগ্ৰেছ (Congress) দলৰ লগ লাগিব ৰাইজৰ দল (Raijor Dal) ৷ দেওবাৰে দ্বিতীয় লানি আলোচনাৰ অন্তত এই কথা স্পষ্ট কৰে দুয়োটা দলৰ নেতৃত্বই । কিন্তু AIUDFক বাদ দিয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰা নাই কংগ্ৰেছ নেতৃত্বই । ইফালে কংগ্ৰেছ মহাজোঁটত চামিল হোৱাত ৰাইজৰ দলৰ আপত্তি নাই যদিও AIUDF ৰ আপত্তি আছে বুলি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)য়ে সদৰী কৰে ৷

congress and raijor dal meeting
কংগ্ৰেছ-ৰাইজৰ দলৰ বৈঠক
author img

By

Published : Aug 9, 2021, 8:02 AM IST

গুৱাহাটী, 9 আগষ্ট : বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছ (Congress) দলৰ লগ লাগিব ৰাইজৰ দল (Raijor Dal) । এই কথা সদৰী কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)য়ে । দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছ (Assam Pradesh Congress Committee)ৰ দুই কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী (Rana Goswami) আৰু জাকিৰ হুছেইন শিকদাৰে (Jakir Hussain Sikdar)য়ে সাক্ষাৎ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ।

এই বৈঠকৰ পাচতে গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, কংগ্ৰেছৰ সৈতে লগ লাগিব ৰাইজৰ দল । লক্ষ্যণীয় বিষয় যে, ইয়াৰ পূৰ্বে ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছিল । কংগ্ৰেছৰ সৈতে হোৱা আলোচনা সন্দৰ্ভত বিধায়ক গগৈয়ে কয় যে, এই আলোচনা ইতিবাচক আছিল । দুয়োটা দলে একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

কেৱল আন্দোলনৰ ক্ষেত্ৰতেই নহয়, নিৰ্বাচনৰ ক্ষেত্ৰতো একেলগ হোৱা সন্দৰ্ভত আলোচনা কৰা হৈছে । কংগ্ৰেছ মহাজোঁটত চামিল হোৱাত ৰাইজৰ দলৰ আপত্তি নাই যদিও AIUDF ৰ আপত্তি আছে বুলি মন্তব্য কৰে অখিল গগৈয়ে । উপ-নিৰ্বাচন (By Election) অকলে খেলিব বিচৰা নাই । বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ লগত ৰাইজৰ দলৰ আলোচনা হৈছিল ।

ৰাইজৰ দল দৃঢ় আছিল যদিও কংগ্ৰেছে মান্তি নহ’ল । তাৰ বাবে জগৰীয়া কংগ্ৰেছৰ ভিতৰৰ কেইগৰাকীমান বিশেষ নেতা আৰু মাজৰ এগৰাকী নেতা । উপ-নিৰ্বাচন যদি 5 বা ৬ টা সমষ্টিত হয়, তেন্তে ৰাইজৰ দলৰ পৰা একেলগে খেলাৰ প্ৰস্তাৱ দিয়া হৈছে । পৰবৰ্তী সময়ত কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah) আৰু অখিল গগৈৰ মাজত এখন বৈঠক অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক : অসম-মেঘালয় সীমা বিবাদক লৈ মুখ্য সচিব জীষ্ণু বৰুৱাৰ প্ৰতিক্ৰিয়া

এই বৈঠকতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে । গগৈয়ে কয় যে, AIUDF থাকিলে কংগ্ৰেছৰ সৈতে ৰাইজৰ দল নাথাকে । এতিয়াও কংগ্ৰেছে নিশ্চিত কৰা নাই । আলোচনাৰ অন্তত সকলো অৱগত কৰা হ’ব । কিন্তু আলোচনাযোগে কথা খাটাং হৈ পৰিছে যে, বিজেপিৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে একেলগে মাত মতা হ’ব ।

মৰিয়নী আৰু থাওৰাত কংগ্ৰেছ আৰু ৰাইজৰ দল একেলগ হ’লে বিজেপিৰ নিস্তাৰ নাই । ইফালে আলোচনাৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, চৰকাৰৰ জন পৰিপন্থী সিদ্ধান্তৰ বিৰুদ্ধে একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই সম্পৰ্ক কেৱল এতিয়াৰ বাবে নহয় । আগলৈও বৰ্তাই ৰখা হ’ব । এই সম্পৰ্ক 2014 ৰ লোকসভা নিৰ্বাচন আৰু 2026 ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গঢ়া হৈছে ।

অসমৰ জনগণৰ স্বাৰ্থত কংগ্ৰেছ-ৰাইজৰ দলে একেলগে কাম কৰাৰ পৰিকল্পনা কৰিছে । এই পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবেই আলাপ-আলোচনা কৰা হৈছে । আগলৈকেও আৰু আলোচনা কৰা হ’ব বুলি ৰাণা গোস্বামীয়ে জানিবলৈ দিয়ে ৷ লগতে তেওঁ কয় যে, মহাজোঁটবন্ধন কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তত কৰা হৈছিল । এই বিষয়ত দলৰ নীতি-নিৰ্ধাৰণ সন্দৰ্ভত কমিটিৰ মজিয়াত আলোচনা কৰা হৈছে ।

এইক্ষেত্ৰত অচিৰেই সিদ্ধান্ত লোৱা হ’ব । উল্লেখ্য যে, কংগ্ৰেছৰ লগত AIUDF থাকিব নে নাই, সেই সন্দৰ্ভত কোনো কথাই কংগ্ৰেছ নেতৃত্বই স্পষ্ট কৰা নাই । কিন্তু ৰাইজৰ দলৰে মিত্ৰতা কৰিলে কংগ্ৰেছে যে AIUDF দলৰ সৈতে মিত্ৰতা ত্যাগ কৰিব লাগিব, সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক : ডাইনী নে আন কিবা : কিয় হত্যা কৰা হ’ল বেলা মাৰ্ডিক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.