গুৱাহাটী, ২৬ জুন : খুব সোনকালে ৰাজ্য চৰকাৰে এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে । বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনৰ পিছতে আৰম্ভ হ’ব এই ব্যৱস্থা । সেই অনুসৰি সকলো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা সেইসকল হিতাধিকাৰীয়েহে লাভ কৰিব, যিসকলে জনসংখ্যা নীতি(population policy) মানি চলিব । অৰ্থাৎ পোনপটীয়াকৈ ক’বলৈ গ’লে দুটাতকৈ অধিক সন্তান থকা পৰিয়ালে নাপাব কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা ।
যদিওবা জনসংখ্যা নীতি প্ৰৱৰ্তন কৰাটো এক চৰকাৰী বিষয় কিন্তু ইয়াৰ সৈতে বিজেপিৰ গোপন ৰাজনৈতিক অভিসন্ধি লুকাই আছে বুলি অভিযোগ তুলিছে বিৰোধী পক্ষই । কিয়নো বিগত বিধানসভা নিৰ্বাচনৰ আগে আগে চৰকাৰে অগণন নতুন আঁচনি ঘোষণাৰে লাখ লাখ হিতাধিকাৰীৰ সৃষ্টি কৰিছিল । এই হিতাধিকাৰীসকলে লাভ কৰিছিল সংশ্লিষ্ট আঁচনিসমূহৰ সুবিধা ।
এনে সা-সুবিধা লাভ কৰাসকলৰ অধিকাংশই আছিল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়(minority community)ৰ । বিশেষকৈ সংখ্যালঘু অধ্যুষিত ধুবুৰী, বৰপেটা, গোৱালপাৰা, মৰিগাঁও, নগাঁও, দৰং আৰু বৰাক উপত্যকাতেই আছিল হিতাধিকাৰীৰ সংখ্যা সৰহ । কিন্তু, বিগত লোকসভা নিৰ্বাচনৰ পিছত যেতিয়া বিজেপিয়ে নিজাকৈ সমীক্ষা চলালে, তেতিয়া দেখা গ’ল যে, অগণন হিতাধিকাৰী সৃষ্টি কৰিও বিজেপিয়ে ভবামতে সংখ্যালঘুৰ ভোট নাপালে ।
দলটোৰ ৩৮ হাজাৰ বুথ কমিটিয়ে দলীয় নেতৃত্বৰ ওচৰত দাখিল কৰা প্ৰতিবেদনতে ওলাই পৰিল এই কথা । সেয়েহে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই ভংগ কৰি দিয়া হ'ল বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চা । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত জনসংখ্যা নীতিৰ নামত সংখ্যালঘু লোকক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰাৰ কৌশল ৰচনা কৰা হৈছে বুলি অভিযোগ তুলিছে বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফে ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি(APCC president) ৰিপুণ বৰাই ইটিভি ভাৰতক এই সন্দৰ্ভত কয় যে, ৰাজনৈতিক কুট-কৌশলৰে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰি । বিজেপিতকৈ বহু আগতেই কংগ্ৰেছে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাইছিল । ইয়াৰ বাবে সজাগতাৰ প্ৰয়োজন । এআইইউডিএফ-ৰ সাধাৰণ সম্পাদক(AIUDF general secretary) তথা বিধায়ক আমিনুল ইছলামে এই প্ৰসংগত আজি ই টিভি ভাৰতক কয় যে, চৰকাৰে ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে যি জনসংখ্যা নীতি প্ৰৱৰ্তন কৰিব খুজিছে যদিও এই সংবিধান বিৰোধী কাম কৰিবলৈ দিয়া নহ’ব ৷
লগতে পঢ়ক : কেনেদৰে চলিছে সোণোৱালৰ সপোনৰ মিনি সচিবালয়ৰ নিৰ্মাণৰ কাম ?