ETV Bharat / state

কংগ্ৰেছৰ নেতৃত্বত ‘আলংকৰিক’ মহাজোটৰ অংক কি ?

author img

By

Published : Jan 23, 2021, 7:42 PM IST

মহা ধুমধামেৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে অসমত বিজেপি বিৰোধী মহাজোট গঠন কৰা বুলি ঘোষণা কৰিলেও কাৰ্যতঃ এয়া কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰহে মিত্ৰতা । কিয়নো মহাজোটত অন্তৰ্ভুক্ত হোৱা বাকী দলকেইটাৰ ভেটি অসমত আজিৰ তাৰিখত শূণ্য বুলি কলেও হয়তো ভুল কোৱা নহ’ব ।

as_ghy_congress-aiudf-alliance_img_7206058
কংগ্ৰেছৰ নেতৃত্বত ‘আলংকৰিক’ মহাজোটৰ অংক কি ?

গুৱাহাটী,23 জানুৱাৰী: মহা ধুমধামেৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে অসমত বিজেপি বিৰোধী মহাজোট গঠন কৰা বুলি ঘোষণা কৰিলেও কাৰ্যতঃ এয়া কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰহে মিত্ৰতা । কিয়নো মহাজোটত অন্তৰ্ভুক্ত হোৱা বাকী দলকেইটাৰ ভেটি অসমত আজিৰ তাৰিখত শূণ্য বুলি কলেও হয়তো ভুল কোৱা নহ’ব । বিগত সময়ৰ নিৰ্বাচনৰ ভোট বিন্যাসলৈ মন কৰিলেই এই কথা স্পষ্ট হৈ পৰে । আজি মহাজোটৰ অংশীদাৰ হোৱা চি পি আই (এম), চি পি আই আৰু চি পি আই (এম এল)ৰ অৱস্থা ২০১৬ৰ বিধানসভা নিৰ্বাচনত আছিল তথৈবছ । বৰ্তমান তাৰিখত বাওশক্তিৰ ভেটি অসমত তেনেই থুনুকা । ২০১৬ৰ বিধানসভা নিৰ্বাচনত অসমত চি পি আই (এম)এ মাত্ৰ ০.৬ শতাংশ ভোট লাভ কৰিছিল । একেদৰে, চি পি আয়ে পাইছিল মাত্ৰ ০.২২ শতাংশ আৰু চি পি আই (এম এল)এ পাইছিল ০.১ শতাংশ ভোট । বাওদল কেইটাই যোৱাটো নিৰ্বাচনত লাভ কৰা ভোটৰ সংখ্যাই প্ৰমাণ কৰে অসমত বৰ্তমান তেওঁলোকৰ স্থিতি কি ।

আনহাতে, মহাজোটবন্ধনৰ অন্যতম অংশীদাৰ হৈছে সাংসদ অজিত ভূঞা নেতৃত্বাধীন গণ মৰ্চা দল ৷ যিটো দলৰ অসমত কোনো সংগঠনেই নাই । এককথাত এই মহাজোট প্ৰকৃততে আলংকৰিকহে । এয়া মূলতঃ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰহে মিত্ৰতা । ২০১৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল ৩১ শতাংশ ভোট আৰু এ আই ইউ ডি এফে পাইছিল ১৩ শতাংশ ভোট । ই টিভি ভাৰতে লাভ কৰা বাতৰি অনুসৰি কংগ্ৰেছে শেষ মুহুৰ্তলৈকে এই মহাজোটত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ চামিল হব বুলি আশা কৰিছিল । কিন্তু হাগ্ৰামা মহিলাৰীয়ে সেই প্ৰস্তাৱ নাকচ কৰে । পৰৱৰ্তী সময়ত ‌কংগ্ৰেছে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল ৰাইজৰ দল আৰু অসম জাতীয়‌ পৰিষদলৈ । কিন্তু দুয়োটা দলেই কংগ্ৰেছৰ মহাজোটত‌ চামিল হবলৈ অস্বীকাৰ কৰাত মুখলজ্জা ৰক্ষা কৰাৰ বাবেই অসমৰ ভোটৰ ৰাজনীতিত কোনো ফেক্টৰ নোহোৱা একাংশ দলক মহাজোটত অন্তৰ্ভুক্ত কৰি এ আই ইউ ডি এফৰ সৈতে মুকলি মিত্ৰতাৰ পথ প্ৰশস্ত কৰিলে কংগ্ৰেছে ।

লগতে পঢ়ক-ভাৰত-ভূটান সীমান্তত উদ্ধাৰ অষ্ট্ৰেলিয়াত নিৰ্মিত ড্ৰ’ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.