গুৱাহাটী, 24 আগষ্টঃ সোমবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এখন বিশেষ সংবাদমেল অনুষ্ঠিত কৰা হয় ৷ এই সংবাদমেলত আগন্তুক নিৰ্বাচনৰ বিষয়ে আলোচনা কৰাৰ লগতে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নতুন সমিতি ঘোষণা কৰা হয় । সমিতিখনত ৭ জন উপ-সভাপতি, ২ সাধাৰণ সম্পাদক, ১ কোষাধ্যক্ষ, ৬ গৰাকী সম্পাদকসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৮৩ গৰাকী কৰ্মকৰ্তাক অন্তৰ্ভূক্ত কৰা হৈছে ৷
আনহাতে, সমিতিখন ঘোষণা কৰিয়েই আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ খানে ৷ সভাপতিগৰাকীয়ে কয় যে, পূৰ্বতকৈ সংখ্যালঘু এলেকাত ভোট বৃদ্ধি হ'ব বিজেপিৰ ৷ মধ্য অসমৰ লগতে নামনি অসমতো এইবেলি সংখ্যালঘু প্ৰতিনিধিয়ে জয়লাভ কৰিব বুলি কয় মুক্তাৰ খানে ৷ কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতাই লাভান্বিত কৰিব বিজেপিক ৷ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে 100 খনতকৈ অধিক আসন লাভ কৰিব বুলি মন্তব্য কৰে মুক্তাৰ খানে ৷
লগতে পঢ়ক-শিৱসাগৰৰ ৰাধিকা এতিয়া বহুজনৰ বাবেই আদৰ্শ