ETV Bharat / state

Rajya Sabha Election: মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ কথা স্বীকাৰ কৰিলে কংগ্ৰেছে - কমলাক্ষ দে পুৰাকায়স্থই বি জে পিক ভোট দিয়া বুলি অভিযোগ

ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ বিধায়কে বি জে পিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ কথা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিলে কংগ্ৰেছ দলে ৷ Cross voting আৰু টকা লেনদেনৰ সন্দৰ্ভত কোনো মন্তব্য নিদিবলৈ দলীয় নেতা-কৰ্মীলৈ সকীয়নী দিলে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভৰত নৰহে (Cross voting in Rajya Sabha Election) ৷

Cross voting in Rajya Sabha Election
মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ কথা স্বীকাৰ কৰিলে কংগ্ৰেছে
author img

By

Published : Apr 4, 2022, 10:31 PM IST

গুৱাহাটী, 4 এপ্ৰিল: ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ বিধায়কে বি জে পিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ কথা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিলে কংগ্ৰেছ দলে । সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ তথা অনুশাসন সমিতিৰ অধ্যক্ষ ভৰত নৰহে এই কথা লিখিতভাৱে স্বীকাৰ কৰি এক জাননী জাৰি কৰিছে । আকৌ ৰাজ্যসভাৰ নিৰ্বাচনত Cross voting আৰু টকা লেনদেনৰ সন্দৰ্ভত কোনো মন্তব্য নিদিবলৈ দলীয় নেতা-কৰ্মীলৈ সকীয়নী প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ তথা অনুশাসন সমিতিৰ অধ্যক্ষ ভৰত নৰহৰ (Cross voting in Rajya Sabha Election)।

Cross voting in Rajya Sabha Election
মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ কথা স্বীকাৰ কৰিলে কংগ্ৰেছে

উল্লেখ্য যে, ৰাজ্যসভাৰ নিৰ্বাচনত ৰিপুন বৰাক প্ৰাৰ্থীত্ব দিয়াৰ বাবে এ আই ইউ ডি এফ দলে ৰিপুন বৰাৰ পৰা 1 কোটি 60 লাখ টকা লোৱা বুলি কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰাকায়স্থই এ আই ইউ ডি এফৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ।

তাৰ পিছতে এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই উভতি ধৰি কমলাক্ষ দে পুৰাকায়স্থই বি জে পিক ভোট দিয়া বুলি অভিযোগ কৰিছে । তাৰ পিছত সোমাবাৰে সুৰ সলনি কৰি কমলাক্ষ দে পুৰাকায়স্থই কয় যে, ৰাজ্যসভাৰ নিৰ্বাচনত ৰিপুন বৰাক প্ৰাৰ্থীত্ব দিয়াৰ বাবে এ আই ইউ ডি এফ দলে ৰিপুন বৰাৰ পৰা 1 কোটি 60 লাখ টকা লোৱা কথাষাৰ তেওঁ বিধানসভাৰ কেন্টিনত শুনিছিল ।

ইপিনে এনেধৰণৰ মন্তব্য নিদিয়াৰ বাবে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ তথা অনুশাসন সমিতিৰ অধ্যক্ষ ভৰত নৰহে কমালক্ষ দে’ক সকীয়নিমূলক জাননী দিছে । অসম প্ৰদেশ কংগ্ৰেছৰ পৰা জনোৱা মতে ৰাজ্য সভা নিৰ্বাচনত ইচ্ছাকৃতভাৱে কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিৰুদ্ধে গৈ ভুলকৈ ভোট দিয়া কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদৰ বিধায়ক পদটো খাৰিজ কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষক অভিযোগ দিব ।

লগতে পঢ়ক: GMC Election 2022: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বি জে পিৰ জয়যাত্ৰা আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.